--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পিতৃৰ স্বাস্থ্য উন্নত কৰিবলৈ ৰাজাক 'নৰবলি' হিচাপে ব্যৱহাৰ কৰিছিল অভিযুক্তকেইজন মেঘালয় আৰক্ষীৰ জিম্মাত আছে আৰু এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) ঘটনাটোৰ তদন্ত কৰি আছে

ডিজিটেল ডেস্কঃ মেঘালয় আৰক্ষীয়ে মঙলবাৰে ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাত অভিযুক্ত তেওঁৰ পত্নী সোনমকে ধৰি আটাইকেইজনকে 'ক্রাইম ছীন বিক্রিয়েশ্যন'ৰ বাবে চোহৰালৈ লৈ আনে।


মেঘালয় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে অভিযুক্তকেইজনক ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱা খাৱৈৰ ওপৰৰ পাৰ্কিঙৰ স্থানলৈ মঙলবাৰে লৈ অহা হয়। তদন্তৰ অংশ অনুসৰি, অভিযুক্তকেইজনৰ ভাষ্য মতে ৰাজাৰ অন্তিম মুহূৰ্তসমূহৰ দৃশ্য বর্ণনা কৰিবলৈ অভিযুক্তকেইজনক কোৱা হয়। তেওঁ কয় যে ফৰেনছিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত থাকে। সম্প্রতি অভিযুক্তকেইজন মেঘালয় আৰক্ষীৰ জিম্মাত আছে আৰু এটা বিশেষ তদন্তকাৰী দলে (এছ আই টি) ঘটনাটোৰ তদন্ত কৰি আছে।


মেঘালয়ৰ আৰক্ষীৰ সঞ্চালক প্রধান আই নংপঙে কয় যে বিবাহৰ মাত্র কেইদিনমানৰ পাছতে সোনমে তেওঁৰ স্বামীৰ প্ৰতি বিদ্বেষৰ ভাব লোৱা কথাটো স্বাভাৱিক নহয়।


ইফালে, ভুক্তভোগী ৰাজাৰ পৰিয়ালে দাবী কৰিছে যে সোনমে তন্ত্র মন্ত্র (ক'লা যাদু) ৰাজাৰ ওপৰত প্ৰয়োগ কৰিছিল আৰু সোনমৰ পিতৃৰ স্বাস্থ্য উন্নত কৰিবলৈ ৰাজাক 'নৰবলি' হিচাপে ব্যৱহাৰ কৰিছিল। ইফালে, ৰাজাৰ হত্যাকাণ্ডৰ পাছত মেঘালয় চৰকাৰে পৰ্যটকৰ বাবে ভাৰাত লোৱা বাহনৰ ব্যৱস্থা বাতিল কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক