--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত এই সন্মান উছৰ্গা কৰি মোদীয়ে কয় যে ই হৈছে ভাৰত-চাইপ্ৰাছৰ বিশ্বাসী বন্ধুত্বৰ বাবে বঁটা

ডিজিটেল ডেস্ক :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড ক্ৰছ অব দ্য অৰ্ডাৰ অব্ মাকাৰিঅ'ছ ৩ সন্মানেৰে সন্মানিত কৰা হয়।


উক্ত সন্মান গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়, 'এই সন্মান গ্রহণ কৰি ধন্য। মই এই সন্মান আমাৰ দুয়োখন দেশৰ বন্ধুত্বৰ নামত উছৰ্গা কৰিলোঁ।' চাইপাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্রীষ্ট'ডলিডিছে প্রধানমন্ত্রী মোদীক এই সম্মান প্রদান কৰে। উল্লেখযোগ্য যে চাইপাছৰ প্ৰথমজন ৰাষ্ট্ৰপতি আর্কবিশ্বপ মাকাৰিঅ'ছ-৩ নামেৰে এই সন্মানৰ নামকৰণ কৰা হৈছে।


ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত এই সন্মান উছৰ্গা কৰি মোদীয়ে কয় যে ই হৈছে ভাৰত-চাইপ্ৰাছৰ বিশ্বাসী বন্ধুত্বৰ বাবে বঁটা। উল্লেখযোগ্য যে চাইপ্ৰাছৰ বঁটাটোৰ সৈতে প্রধানমন্ত্রী মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ২৩ হ'লগৈ।


সোমবাৰে প্রধানমন্ত্রী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়। এই আলোচনাৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিদেশ সচিব বিক্রম মিস্ত্রী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালো উপস্থিত থাকে। এই আলোচনাৰ আগত মোদীক ৰাষ্ট্ৰপতিৰ প্রাসাদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক