--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত এই সন্মান উছৰ্গা কৰি মোদীয়ে কয় যে ই হৈছে ভাৰত-চাইপ্ৰাছৰ বিশ্বাসী বন্ধুত্বৰ বাবে বঁটা

ডিজিটেল ডেস্ক :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড ক্ৰছ অব দ্য অৰ্ডাৰ অব্ মাকাৰিঅ'ছ ৩ সন্মানেৰে সন্মানিত কৰা হয়।


উক্ত সন্মান গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয়, 'এই সন্মান গ্রহণ কৰি ধন্য। মই এই সন্মান আমাৰ দুয়োখন দেশৰ বন্ধুত্বৰ নামত উছৰ্গা কৰিলোঁ।' চাইপাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্রীষ্ট'ডলিডিছে প্রধানমন্ত্রী মোদীক এই সম্মান প্রদান কৰে। উল্লেখযোগ্য যে চাইপাছৰ প্ৰথমজন ৰাষ্ট্ৰপতি আর্কবিশ্বপ মাকাৰিঅ'ছ-৩ নামেৰে এই সন্মানৰ নামকৰণ কৰা হৈছে।


ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত এই সন্মান উছৰ্গা কৰি মোদীয়ে কয় যে ই হৈছে ভাৰত-চাইপ্ৰাছৰ বিশ্বাসী বন্ধুত্বৰ বাবে বঁটা। উল্লেখযোগ্য যে চাইপ্ৰাছৰ বঁটাটোৰ সৈতে প্রধানমন্ত্রী মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ২৩ হ'লগৈ।


সোমবাৰে প্রধানমন্ত্রী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়। এই আলোচনাৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিদেশ সচিব বিক্রম মিস্ত্রী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালো উপস্থিত থাকে। এই আলোচনাৰ আগত মোদীক ৰাষ্ট্ৰপতিৰ প্রাসাদত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা