--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ড্রীমলাইনাৰ এখন বিমানৰ বিজুতি ধৰা পৰাৰ পাছত সোমবাৰে পুৱা উৰণৰ ৯০ মিনিটৰ পাছত হংকঙৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানতো পাইলটে কাৰিকৰী বিজুতি প্রত্যক্ষ কৰাত বিমানখন হংকঙলৈ ঘূৰি যায়

ডিজিটেল ডেস্ক : দেওবাৰ আৰু সোমবাৰে ভাৰত অভিমুখে দুখন ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজ আকাশৰ পৰাই ক্ৰমে লণ্ডন আৰু হংকঙলৈ ঘূৰি যাবলগীয়া হয়।


দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ড্রীমলাইনাৰ এখন বিমানৰ বিজুতি ধৰা পৰাৰ পাছত সোমবাৰে পুৱা উৰণৰ ৯০ মিনিটৰ পাছত হংকঙৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানতো পাইলটে কাৰিকৰী বিজুতি প্রত্যক্ষ কৰাত বিমানখন হংকঙলৈ ঘূৰি যায়।


আহমেদাবাদত অলপতে সংঘটিত ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰৰ কৰুণ দুৰ্ঘটনাৰ পাছত এতিয়া ব'য়িঙৰ বিমানত দেখা এনেধৰণৰ সঘন বিজুতিৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। হংকঙলৈ উভতি যোৱা বিমানখনৰ পাছত বিস্তৃত সুৰক্ষা পৰীক্ষা কৰা হয়।


প্ৰভাৱিত বিমানখনৰ পৰা সকলো যাত্ৰী আৰু পৰিচালকসকলক সুকলমে উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে দেওবাৰে চেন্নাই অভিমুখী এখন ব'য়িং ড্রীমলাইনাৰ বিমান লণ্ডনৰ হিথ্র' বিমান বন্দৰৰ পৰা উৰা মাৰিলেও প্রায় দুঘণ্টাৰ পাছত কাৰিকৰী বিজুতি ঘটাত পুনৰ লণ্ডনলৈ উভতি গৈছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা