--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ড্রীমলাইনাৰ এখন বিমানৰ বিজুতি ধৰা পৰাৰ পাছত সোমবাৰে পুৱা উৰণৰ ৯০ মিনিটৰ পাছত হংকঙৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানতো পাইলটে কাৰিকৰী বিজুতি প্রত্যক্ষ কৰাত বিমানখন হংকঙলৈ ঘূৰি যায়

ডিজিটেল ডেস্ক : দেওবাৰ আৰু সোমবাৰে ভাৰত অভিমুখে দুখন ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজ আকাশৰ পৰাই ক্ৰমে লণ্ডন আৰু হংকঙলৈ ঘূৰি যাবলগীয়া হয়।


দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ড্রীমলাইনাৰ এখন বিমানৰ বিজুতি ধৰা পৰাৰ পাছত সোমবাৰে পুৱা উৰণৰ ৯০ মিনিটৰ পাছত হংকঙৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানতো পাইলটে কাৰিকৰী বিজুতি প্রত্যক্ষ কৰাত বিমানখন হংকঙলৈ ঘূৰি যায়।


আহমেদাবাদত অলপতে সংঘটিত ব'য়িং ৭৮৭-৮ ড্রীমলাইনাৰৰ কৰুণ দুৰ্ঘটনাৰ পাছত এতিয়া ব'য়িঙৰ বিমানত দেখা এনেধৰণৰ সঘন বিজুতিৰ ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। হংকঙলৈ উভতি যোৱা বিমানখনৰ পাছত বিস্তৃত সুৰক্ষা পৰীক্ষা কৰা হয়।


প্ৰভাৱিত বিমানখনৰ পৰা সকলো যাত্ৰী আৰু পৰিচালকসকলক সুকলমে উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে দেওবাৰে চেন্নাই অভিমুখী এখন ব'য়িং ড্রীমলাইনাৰ বিমান লণ্ডনৰ হিথ্র' বিমান বন্দৰৰ পৰা উৰা মাৰিলেও প্রায় দুঘণ্টাৰ পাছত কাৰিকৰী বিজুতি ঘটাত পুনৰ লণ্ডনলৈ উভতি গৈছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক