--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় কেবিনেটে প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত চলিত বিত্ত বৰ্ষৰ পৰা আৰম্ভ কৰি ছয় বছৰৰ বাবে অনুমোদন জনাইছে

ডিজিটেল ডেস্ক : দেশৰ কৃষি আৰু শক্তি খণ্ডক নতুন মাত্রা দিয়াৰ বাবে বুধবাৰে কেন্দ্রীয় কেবিনেটে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেন্দ্রীয় কেবিনেটৰ বৈঠকখনত কৃষি জিলাসমূহৰ সামগ্রিক বিকাশৰ আঁচনিক মঞ্জুৰ কৰা হয়। ইয়াৰ লগতে পুনৰ ব্যৱহাৰযোগ্যৰ শক্তিত বৃহৎ পৰিমাণৰ বিনিয়োগৰ পথ মুকলি কৰা হয়।


কেন্দ্রীয় কেবিনেটে প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত চলিত বিত্ত বৰ্ষৰ পৰা আৰম্ভ কৰি ছয় বছৰৰ বাবে অনুমোদন জনাইছে। এই আঁচনিৰ লক্ষ্য হ'ল ১০০খন কৃষি জিলাৰ বিকাশ সাধন কৰা। এই আঁচনি নীতি আয়োগৰ 'আকাংক্ষী জিলা কার্যসূচী'ৰ দ্বাৰা অনুপ্রাণিত, কিন্তু আঁচনিখনত বিশেষভাৱে কৃষি আৰু ইয়াৰ সৈতে জড়িত খণ্ডবোৰকহে গুৰুত্ব দিয়া হৈছে। এই আঁচনিখন ১১টা ম্যালয় আৰু ৩৬খন আঁচনিৰ সহযোগত ৰূপায়ণ কৰা হ'ব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা ব্যক্তিগত খণ্ডই সহযোগ কৰিব। এই আঁচনিয়ে প্রতিখন ৰাজ্যৰ কমেও এখনকৈ জিলাক সামৰি ল'ব। ইয়াৰ অধীনত কৃষকক ঋণ দিয়াৰ ব্যৱস্থাও কৰা হ'ব। আঁচনিখনৰ বাবে ২৪ হাজাৰ কোটি ধাৰ্য কৰা হৈছে।


ইফালে সেউজ শক্তিখণ্ডত চৰকাৰে ২৭ হাজাৰ কোটি টকা ব্যয় কৰিব। কেবিনেটে এন টি পি চি লিমিটেডৰ পুনৰ ব্যৱহাৰযোগ্য শক্তি খণ্ডত বিনিয়োগৰ বৰ্তমানৰ সীমাৰ উপৰি ২০ হাজাৰ কোটি টকালৈকে বিনিয়োগৰ অনুমতি দিয়ে। এই বিনিয়োগ কৰা হ'ব এন টি পি চি গ্রীন এনার্জী লিমিটেড আৰু ইয়াৰ সহযোগী কোম্পানী তথা যুটীয়া প্ৰকল্পৰ জৰিয়তে।


ইয়াৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ৬০গীগা ৱাট পুনৰ ব্যৱহাৰযোগ্য শক্তি উৎপাদন লক্ষ্য লোৱা হৈছে। আনহাতে, এন এল চি আই এক সাত হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাবে বিশেষ ৰেহাই দিয়ে কেবিনেটে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ