--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় কেবিনেটে প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত চলিত বিত্ত বৰ্ষৰ পৰা আৰম্ভ কৰি ছয় বছৰৰ বাবে অনুমোদন জনাইছে

ডিজিটেল ডেস্ক : দেশৰ কৃষি আৰু শক্তি খণ্ডক নতুন মাত্রা দিয়াৰ বাবে বুধবাৰে কেন্দ্রীয় কেবিনেটে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেন্দ্রীয় কেবিনেটৰ বৈঠকখনত কৃষি জিলাসমূহৰ সামগ্রিক বিকাশৰ আঁচনিক মঞ্জুৰ কৰা হয়। ইয়াৰ লগতে পুনৰ ব্যৱহাৰযোগ্যৰ শক্তিত বৃহৎ পৰিমাণৰ বিনিয়োগৰ পথ মুকলি কৰা হয়।


কেন্দ্রীয় কেবিনেটে প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত চলিত বিত্ত বৰ্ষৰ পৰা আৰম্ভ কৰি ছয় বছৰৰ বাবে অনুমোদন জনাইছে। এই আঁচনিৰ লক্ষ্য হ'ল ১০০খন কৃষি জিলাৰ বিকাশ সাধন কৰা। এই আঁচনি নীতি আয়োগৰ 'আকাংক্ষী জিলা কার্যসূচী'ৰ দ্বাৰা অনুপ্রাণিত, কিন্তু আঁচনিখনত বিশেষভাৱে কৃষি আৰু ইয়াৰ সৈতে জড়িত খণ্ডবোৰকহে গুৰুত্ব দিয়া হৈছে। এই আঁচনিখন ১১টা ম্যালয় আৰু ৩৬খন আঁচনিৰ সহযোগত ৰূপায়ণ কৰা হ'ব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা ব্যক্তিগত খণ্ডই সহযোগ কৰিব। এই আঁচনিয়ে প্রতিখন ৰাজ্যৰ কমেও এখনকৈ জিলাক সামৰি ল'ব। ইয়াৰ অধীনত কৃষকক ঋণ দিয়াৰ ব্যৱস্থাও কৰা হ'ব। আঁচনিখনৰ বাবে ২৪ হাজাৰ কোটি ধাৰ্য কৰা হৈছে।


ইফালে সেউজ শক্তিখণ্ডত চৰকাৰে ২৭ হাজাৰ কোটি টকা ব্যয় কৰিব। কেবিনেটে এন টি পি চি লিমিটেডৰ পুনৰ ব্যৱহাৰযোগ্য শক্তি খণ্ডত বিনিয়োগৰ বৰ্তমানৰ সীমাৰ উপৰি ২০ হাজাৰ কোটি টকালৈকে বিনিয়োগৰ অনুমতি দিয়ে। এই বিনিয়োগ কৰা হ'ব এন টি পি চি গ্রীন এনার্জী লিমিটেড আৰু ইয়াৰ সহযোগী কোম্পানী তথা যুটীয়া প্ৰকল্পৰ জৰিয়তে।


ইয়াৰ জৰিয়তে ২০৩০ চনৰ ভিতৰত ৬০গীগা ৱাট পুনৰ ব্যৱহাৰযোগ্য শক্তি উৎপাদন লক্ষ্য লোৱা হৈছে। আনহাতে, এন এল চি আই এক সাত হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাবে বিশেষ ৰেহাই দিয়ে কেবিনেটে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা