--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমীয়া সাহিত্য জগতখনক উকা কৰি অজান দেশলৈ গতি কৰা হোছেইনৰ নশ্বৰ দেহ নিশাই তেওঁৰ বোকাখাতস্থিত বাসগৃহলৈ লৈ যোৱা হ'য়।

ডিজিটেল ডেস্ক: বিশিষ্ট কবি, নাট্যকাৰ ৰফিকুল হোছেইন আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা হোছেইনৰ কালি নিশা ১০-৩০ বজাত মৃত্যু ঘটে। 


অসমীয়া সাহিত্য জগতখনক উকা কৰি অজান দেশলৈ গতি কৰা হোছেইনৰ নশ্বৰ দেহ নিশাই তেওঁৰ বোকাখাতস্থিত বাসগৃহলৈ লৈ যোৱা হ'য়। আজি বোকাখাতৰ বহুকেইটা অনুষ্ঠানৰ লগতে গুণমুগ্ধসকলে তেওঁক শেষ শ্রদ্ধা জনাব। 


উল্লেখযোগ্য যে গোটেই জীৱনটো নাটকৰ সৈতে সময় পাৰ কৰা হোছেইন শেহতীয়াকৈ নাটকৰ কামতে মৰিগাঁৱলৈ আহিছিল। মৰিগাঁৱত থকাৰ সময়তে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত গুৰুতৰ অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰোৱা হৈছিল যদিও কালি তেওঁ সকলোকে এৰি চিৰবিদায় লয়। ১৯৫৪ চনত জন্মগ্রহণ কৰা হোছেইন আছিল এগৰাকী নীৰৱ সাহিত্য সাধক। আশীৰ দশকত 'শৰবিদ্ধ আকাশ' কবিতা পুথিৰে অসমীয়া কাব্য জগতত তেওঁ এক খলকনি তুলিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এগৰাকী নাট্যশিল্পী হিচাপেহে অধিক জনপ্রিয় হৈ পৰে। 


বিগত তিনি দশকৰো অধিক কাল অসমৰ দিহিঙে-দিপাঙে নাট্যশিল্পৰ সোণগুটি সিঁচি ভ্রমি ফুৰা হোছেইন আছিল একপ্ৰকাৰ যাযাবৰী লোক। 'শৰবিদ্ধ আকাশ'ৰ পাছত তেওঁৰ 'বিষাদ বসন্ত' (২০০৯), 'চাকিৰ চাংঘৰ' (২০১৮) শীর্ষক কবিতা পুথি প্রকাশ পায়। ইয়াৰ উপৰি ১৯৯৫ চনত তেওঁৰ তিনিখন নাটকৰ সংকলন 'ধোঁৱা-দৈৱকী-জলাশয়', ২০১৫ চনত নিজৰ নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন 'এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য' নামৰ গ্ৰন্থখন প্রকাশ লাভকৰে। 


উল্লেখযোগ্য যে জীৱনৰ প্ৰথমখন কাব্যগ্রন্থ 'শৰবিদ্ধ আকাশ'ৰ বাবে ১৯৯৬ চনত 'কল অব দ্য ব্ৰহ্মপুত্র'ই প্ৰদান কৰা 'কাব্য হৃদয় বঁটা', পৰৱৰ্তী সময়ত তেওঁৰ প্ৰথম পূর্ণাংগ নাট্য সংকলন 'ধোঁৱা-দৈৱকী-জলাশয়'ৰ বাবে ১৯৯৬ চনত অসম সাহিত্য সভাৰ 'তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা' আৰু ২০১৮ চনত বিশিষ্ট কবি প্রতিভা 'শৈলধৰ ৰাজখোৱা বঁটা', ২০১৭চনত 'ক্রান্তিকাল সাহিত্য সম্মান', ২০১৭ চনত অসম নাট্য সম্মিলনৰ 'সৈনিক-শিল্পী ব্রজনাথ শর্মা বঁটা', ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ 'অমূল্য কাকতি স্মাৰক বঁটা', ২০২০ বর্ষত দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ 'পথাৰ প্রদীপ্ত বঁটা' আৰু অসম নাট্য পৰিষদৰ 'আলি হাইদৰ নাট্যকাৰ বঁটা' লাভকৰে। 


ইফালে ১৯৮১-৮২ চনত 'আজন্ম' নাটকেৰে নাট্যসৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে 'উজান' (১৯৮৫), 'জলাশয় (১৯৮৬), 'দৈৱকী' (১৯৮৭), 'ধোঁৱা' (১৯৯২), 'জলপ্রপাত' (২০০০), 'সপোনৰ বৃন্দাবন' (২০০২), 'অৰণ্যত উর্মিলা' (২০০৪) আৰু 'ৰাতিৰ আকাশ' (২০০৭) শীর্ষক পূৰ্ণাংগ নাটকৰ উপৰি আঠখন একাংক নাটেৰে নাট্য-সাহিত্যক সমৃদ্ধ কৰিছে। 


তেওঁ বর্তমানলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন নাট্যগোষ্ঠীৰ প্রযোজনাত শতাধিক নাট পৰিচালনা কৰাৰ উপৰি ভালেমান নাট্য কর্মশালাত প্রশিক্ষণ প্রদানৰে ন ন নাট্যশিল্পীৰ সৃষ্টিত প্রভূত অৰিহণা আগবঢ়াই আহিছে। বোকাখাতৰ প্ৰখ্যাত নাট্যকাৰ তথা নাট পৰিচালক প্রয়াত ধৰ্মেশ্বৰ ঠাকুৰ আৰু প্রখ্যাত অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰৰ পৰা নাট পৰিচালনাৰ আদিপাঠ গ্ৰহণ কৰা ৰফিকুল হোছেইনৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু