--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • অসমীয়া সাহিত্য জগতখনক উকা কৰি অজান দেশলৈ গতি কৰা হোছেইনৰ নশ্বৰ দেহ নিশাই তেওঁৰ বোকাখাতস্থিত বাসগৃহলৈ লৈ যোৱা হ'য়।

ডিজিটেল ডেস্ক: বিশিষ্ট কবি, নাট্যকাৰ ৰফিকুল হোছেইন আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ কেইবাদিনো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা হোছেইনৰ কালি নিশা ১০-৩০ বজাত মৃত্যু ঘটে। 


অসমীয়া সাহিত্য জগতখনক উকা কৰি অজান দেশলৈ গতি কৰা হোছেইনৰ নশ্বৰ দেহ নিশাই তেওঁৰ বোকাখাতস্থিত বাসগৃহলৈ লৈ যোৱা হ'য়। আজি বোকাখাতৰ বহুকেইটা অনুষ্ঠানৰ লগতে গুণমুগ্ধসকলে তেওঁক শেষ শ্রদ্ধা জনাব। 


উল্লেখযোগ্য যে গোটেই জীৱনটো নাটকৰ সৈতে সময় পাৰ কৰা হোছেইন শেহতীয়াকৈ নাটকৰ কামতে মৰিগাঁৱলৈ আহিছিল। মৰিগাঁৱত থকাৰ সময়তে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত গুৰুতৰ অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰোৱা হৈছিল যদিও কালি তেওঁ সকলোকে এৰি চিৰবিদায় লয়। ১৯৫৪ চনত জন্মগ্রহণ কৰা হোছেইন আছিল এগৰাকী নীৰৱ সাহিত্য সাধক। আশীৰ দশকত 'শৰবিদ্ধ আকাশ' কবিতা পুথিৰে অসমীয়া কাব্য জগতত তেওঁ এক খলকনি তুলিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এগৰাকী নাট্যশিল্পী হিচাপেহে অধিক জনপ্রিয় হৈ পৰে। 


বিগত তিনি দশকৰো অধিক কাল অসমৰ দিহিঙে-দিপাঙে নাট্যশিল্পৰ সোণগুটি সিঁচি ভ্রমি ফুৰা হোছেইন আছিল একপ্ৰকাৰ যাযাবৰী লোক। 'শৰবিদ্ধ আকাশ'ৰ পাছত তেওঁৰ 'বিষাদ বসন্ত' (২০০৯), 'চাকিৰ চাংঘৰ' (২০১৮) শীর্ষক কবিতা পুথি প্রকাশ পায়। ইয়াৰ উপৰি ১৯৯৫ চনত তেওঁৰ তিনিখন নাটকৰ সংকলন 'ধোঁৱা-দৈৱকী-জলাশয়', ২০১৫ চনত নিজৰ নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন 'এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য' নামৰ গ্ৰন্থখন প্রকাশ লাভকৰে। 


উল্লেখযোগ্য যে জীৱনৰ প্ৰথমখন কাব্যগ্রন্থ 'শৰবিদ্ধ আকাশ'ৰ বাবে ১৯৯৬ চনত 'কল অব দ্য ব্ৰহ্মপুত্র'ই প্ৰদান কৰা 'কাব্য হৃদয় বঁটা', পৰৱৰ্তী সময়ত তেওঁৰ প্ৰথম পূর্ণাংগ নাট্য সংকলন 'ধোঁৱা-দৈৱকী-জলাশয়'ৰ বাবে ১৯৯৬ চনত অসম সাহিত্য সভাৰ 'তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা' আৰু ২০১৮ চনত বিশিষ্ট কবি প্রতিভা 'শৈলধৰ ৰাজখোৱা বঁটা', ২০১৭চনত 'ক্রান্তিকাল সাহিত্য সম্মান', ২০১৭ চনত অসম নাট্য সম্মিলনৰ 'সৈনিক-শিল্পী ব্রজনাথ শর্মা বঁটা', ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ 'অমূল্য কাকতি স্মাৰক বঁটা', ২০২০ বর্ষত দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ 'পথাৰ প্রদীপ্ত বঁটা' আৰু অসম নাট্য পৰিষদৰ 'আলি হাইদৰ নাট্যকাৰ বঁটা' লাভকৰে। 


ইফালে ১৯৮১-৮২ চনত 'আজন্ম' নাটকেৰে নাট্যসৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে 'উজান' (১৯৮৫), 'জলাশয় (১৯৮৬), 'দৈৱকী' (১৯৮৭), 'ধোঁৱা' (১৯৯২), 'জলপ্রপাত' (২০০০), 'সপোনৰ বৃন্দাবন' (২০০২), 'অৰণ্যত উর্মিলা' (২০০৪) আৰু 'ৰাতিৰ আকাশ' (২০০৭) শীর্ষক পূৰ্ণাংগ নাটকৰ উপৰি আঠখন একাংক নাটেৰে নাট্য-সাহিত্যক সমৃদ্ধ কৰিছে। 


তেওঁ বর্তমানলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন নাট্যগোষ্ঠীৰ প্রযোজনাত শতাধিক নাট পৰিচালনা কৰাৰ উপৰি ভালেমান নাট্য কর্মশালাত প্রশিক্ষণ প্রদানৰে ন ন নাট্যশিল্পীৰ সৃষ্টিত প্রভূত অৰিহণা আগবঢ়াই আহিছে। বোকাখাতৰ প্ৰখ্যাত নাট্যকাৰ তথা নাট পৰিচালক প্রয়াত ধৰ্মেশ্বৰ ঠাকুৰ আৰু প্রখ্যাত অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰৰ পৰা নাট পৰিচালনাৰ আদিপাঠ গ্ৰহণ কৰা ৰফিকুল হোছেইনৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement