--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰতিযোগিতাখনত অসমৰ মুঠ ১৬খন জিলাই অংশগ্ৰহণ কৰে৷

ডিজিটেল ডেস্ক: ৫ আৰু ৬ জানুৱাৰীত ডুমডুমা মহাবিদ্যালয়ৰ খেলপথাৰত অসম খো খো সন্থাৰ তত্ত্বাৱধানত, তিনিচুকীয়া জিলা খো খো সন্থাৰ সৌজন্যত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডুমডুমা মহাবিদ্যালয় আৰু বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ আতিথ্যত ১৯সংখ্যক ছিনিয়ৰ আন্তঃজিলা খো খো প্ৰতিযোগিতা অনুষ্ঠিত হয়৷  


পতাকা উত্তোলন, স্মৃতি তৰ্পণ, সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু অমৃত শিল্পী জুবিন গাৰ্গৰ আৰু ৰাজীৱ শদিয়াৰ ফটোত মাল্যপৰ্ণকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতাখনত অসমৰ মুঠ ১৬খন জিলাই অংশগ্ৰহণ কৰে৷ 


উদ্বোধনী অনুস্থানত অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা কণ গগৈ, যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক সুৰজিত মৰাণ, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলেশ্বৰ কলিতা বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰজ্যোতি শইকীয়াৰ লগতে জিলাখনৰ বহু গণ্যমান্য ব্যক্তিৰ উপৰিও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷ 


উল্লেখযোগ্য যে, এই খো খো প্ৰতিযোগিতাখনৰ পৰাই ৰাষ্ট্ৰীয় খো খোত অংশগ্ৰহণ কৰিবলৈ অসম ৰাজ্যিক দলৰ বাছনি কৰা হ’ব৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ