--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য মতে মে' মাহত দেশৰ ঔদ্যোগিক উৎপাদন যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। দেশৰ অর্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ হ'ল ঔদ্যোগিক উৎপাদনৰ হাৰ বিগত ৯ মাহত প্রতিমাহে হ্রাস পাই আছে

ডিজিটেল ডেস্ক : প্রত্যক্ষ কৰ ৰাজহ আৰু জি এছ টি সংগ্রহত অভিলেখৰ সৃষ্টি কৰিলেও দেশৰ অৰ্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ ৰূপে দেখা দিয়ে ঔদ্যোগিক উৎপাদন। ঔদ্যোগিক উৎপাদনক লৈ কেন্দ্ৰীয় চৰকাৰে প্রকাশ কৰা তথ্যই দেশৰ অৰ্থনীতিৰ উদ্বেগজনক অবস্থা এটাহে প্রকট কৰি তুলিছে।


সোমবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য মতে মে' মাহত দেশৰ ঔদ্যোগিক উৎপাদন যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। দেশৰ অর্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ হ'ল ঔদ্যোগিক উৎপাদনৰ হাৰ বিগত ৯ মাহত প্রতিমাহে হ্রাস পাই আছে।


চৰকাৰে প্ৰকাশ কৰা অনুসৰি দেশৰ ঔদ্যোগিক উৎপাদনৰ সূচকাংক (আই আই পি) মে' মাহত আছিল ১.২%। এই হাৰ যোৱা ৯ মাহৰ ভিতৰত সর্বনিম্ন।


চৰকাৰে প্ৰকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে, নির্মাণ, খনন আৰু বিদ্যুৎ খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ প্ৰভাৱ ঔদ্যোগিক উৎপাদনৰ হাৰত পৰে। উল্লেখযোগ্য যে দেশৰ যোৱা বছৰ মে' মাহত ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৬.৩%। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে (এন এছ অ') এপ্রিল মাহত দেশৰ ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ সংশোধন কৰে। ইয়াৰ ফলত এপ্রিলত আই আই পি ২.৭%ৰ পৰা ২.৬%লৈ হ্রাস পায়। এন এছ অ'ৱে প্ৰকাশ কৰা তথ্য মতে, নিৰ্মাণ খণ্ডৰ উৎপাদন বৃদ্ধিৰ হাৰ যোৱা মাহত ২.৬% আছিল। যোৱা বছৰৰ মে' মাহত এই হাৰ আছিল ৫.১%।


আনহাতে, খনন খণ্ডত উন্নয়নৰ হাৰ মে' মাহত ০.১% আৰু বিদ্যুৎ উৎপাদনৰ বৃদ্ধিৰ হাৰ ৫.৮% হ্রাস পায়। যোৱা বছৰ একে সময়ত এই খণ্ডত ১৩.৭% বৃদ্ধি দেখা পোৱা গৈছিল। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহত, অর্থাৎ এপ্রিল-মে'ত বার্ষিক ভিত্তিত ঔদ্যোগিক উৎপাদন ১.৮% হাৰত বৃদ্ধি পাইছে। 'ইক্রা'ৰ মুখ্য অর্থনীতিবিদ অদিতি নায়াৰে কয় যে এই বছৰ বাৰিষাৰ আগতীয়াকৈ আগমন ঘটাত খনন খণ্ডৰ কাম-কাজত প্ৰভাৱ পেলায়। ইয়াৰ লগতে দেশত বিদ্যুতৰ চাহিদা হ্রাস পাইছে। ইয়াৰ ফলত এই দুয়োটা খণ্ডৰ উৎপাদন বৃদ্ধিৰ হাৰ হ্রাস পাইছে। ইয়াৰ লগতে নিৰ্মাণ খণ্ডৰ বৃদ্ধিৰ হাৰো লেহেম হৈছে। তেওঁৰ মতে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকৰ প্ৰথম দুটা মাহত ঔদ্যোগিক উৎপাদন উন্নয়নৰ হাৰ হ্রাস পোৱাটো দেশৰ অৰ্থনীতিৰ বাবে ভাল ইংগিত নহয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক