--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য মতে মে' মাহত দেশৰ ঔদ্যোগিক উৎপাদন যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। দেশৰ অর্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ হ'ল ঔদ্যোগিক উৎপাদনৰ হাৰ বিগত ৯ মাহত প্রতিমাহে হ্রাস পাই আছে

ডিজিটেল ডেস্ক : প্রত্যক্ষ কৰ ৰাজহ আৰু জি এছ টি সংগ্রহত অভিলেখৰ সৃষ্টি কৰিলেও দেশৰ অৰ্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ ৰূপে দেখা দিয়ে ঔদ্যোগিক উৎপাদন। ঔদ্যোগিক উৎপাদনক লৈ কেন্দ্ৰীয় চৰকাৰে প্রকাশ কৰা তথ্যই দেশৰ অৰ্থনীতিৰ উদ্বেগজনক অবস্থা এটাহে প্রকট কৰি তুলিছে।


সোমবাৰে প্ৰকাশ কৰা চৰকাৰী তথ্য মতে মে' মাহত দেশৰ ঔদ্যোগিক উৎপাদন যোৱা ৯ মাহৰ ভিতৰত সৰ্বনিম্ন। দেশৰ অর্থনীতিৰ বাবে প্রধান চিন্তাৰ কাৰণ হ'ল ঔদ্যোগিক উৎপাদনৰ হাৰ বিগত ৯ মাহত প্রতিমাহে হ্রাস পাই আছে।


চৰকাৰে প্ৰকাশ কৰা অনুসৰি দেশৰ ঔদ্যোগিক উৎপাদনৰ সূচকাংক (আই আই পি) মে' মাহত আছিল ১.২%। এই হাৰ যোৱা ৯ মাহৰ ভিতৰত সর্বনিম্ন।


চৰকাৰে প্ৰকাশ কৰা তথ্যৰ পৰা জানিব পৰা মতে, নির্মাণ, খনন আৰু বিদ্যুৎ খণ্ডৰ দুৰ্বল প্ৰদৰ্শনৰ প্ৰভাৱ ঔদ্যোগিক উৎপাদনৰ হাৰত পৰে। উল্লেখযোগ্য যে দেশৰ যোৱা বছৰ মে' মাহত ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ আছিল ৬.৩%। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে (এন এছ অ') এপ্রিল মাহত দেশৰ ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ সংশোধন কৰে। ইয়াৰ ফলত এপ্রিলত আই আই পি ২.৭%ৰ পৰা ২.৬%লৈ হ্রাস পায়। এন এছ অ'ৱে প্ৰকাশ কৰা তথ্য মতে, নিৰ্মাণ খণ্ডৰ উৎপাদন বৃদ্ধিৰ হাৰ যোৱা মাহত ২.৬% আছিল। যোৱা বছৰৰ মে' মাহত এই হাৰ আছিল ৫.১%।


আনহাতে, খনন খণ্ডত উন্নয়নৰ হাৰ মে' মাহত ০.১% আৰু বিদ্যুৎ উৎপাদনৰ বৃদ্ধিৰ হাৰ ৫.৮% হ্রাস পায়। যোৱা বছৰ একে সময়ত এই খণ্ডত ১৩.৭% বৃদ্ধি দেখা পোৱা গৈছিল। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহত, অর্থাৎ এপ্রিল-মে'ত বার্ষিক ভিত্তিত ঔদ্যোগিক উৎপাদন ১.৮% হাৰত বৃদ্ধি পাইছে। 'ইক্রা'ৰ মুখ্য অর্থনীতিবিদ অদিতি নায়াৰে কয় যে এই বছৰ বাৰিষাৰ আগতীয়াকৈ আগমন ঘটাত খনন খণ্ডৰ কাম-কাজত প্ৰভাৱ পেলায়। ইয়াৰ লগতে দেশত বিদ্যুতৰ চাহিদা হ্রাস পাইছে। ইয়াৰ ফলত এই দুয়োটা খণ্ডৰ উৎপাদন বৃদ্ধিৰ হাৰ হ্রাস পাইছে। ইয়াৰ লগতে নিৰ্মাণ খণ্ডৰ বৃদ্ধিৰ হাৰো লেহেম হৈছে। তেওঁৰ মতে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকৰ প্ৰথম দুটা মাহত ঔদ্যোগিক উৎপাদন উন্নয়নৰ হাৰ হ্রাস পোৱাটো দেশৰ অৰ্থনীতিৰ বাবে ভাল ইংগিত নহয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ