--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহানগৰখনৰ মেয়ৰ পুষ্প মিত্রই আৰম্ভ কৰা এই পাইলট প্রকল্প কেন্দ্রীয় চৰকাৰৰ ডিজিপিন প্লেটফৰ্মৰ সৈতে জড়িত।

ডিজিটেল ডেস্ক : পৰিষ্কাৰ-পৰিচ্ছন্নতাত দেশৰ ভিতৰত শীৰ্ষ স্থানত থকা ইন্দোৰ মহানগৰ ডিজিটেল যুগত প্ৰৱেশৰ পথত আগবাঢ়িছে। অচিৰেই ইন্দোৰ দেশৰ ভিতৰত প্ৰথমখন ডিজিটেল মহানগৰত পৰিণত হ'ব। মহানগৰখনত অচিৰেই ডিজিটেল ঠিকনা প্রণালী আৰম্ভ কৰা হ'ব। ইয়াৰ পাইলট প্রকল্প মহানগৰখনৰ ৮২ নম্বৰ বাৰ্ডৰ সুদামা নগৰ অঞ্চলৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত অঞ্চলটোৰ পাছলৈ মহানগৰখনৰ প্ৰতিটো ঘৰত 'ইউনিক ডিজিটেল এড্রেছ ক'ড (ডি এ চি) লগোৱা হ'ব।


মহানগৰখনৰ মেয়ৰ পুষ্প মিত্রই আৰম্ভ কৰা এই পাইলট প্রকল্প কেন্দ্রীয় চৰকাৰৰ ডিজিপিন প্লেটফৰ্মৰ সৈতে জড়িত। কেন্দ্ৰীয় চৰকাৰৰ এই প্রকল্প গ্রহণ কৰা ইন্দোৰ দেশৰ প্ৰথমখন মহানগৰ। পৰীক্ষামূলকভাবে এই প্ৰকল্পৰ অধীনত প্ৰতিটো ঘৰত এখন ডিজিটেল ফলক লগোৱা হ'ব। ইয়াত জি পি এছ আধাৰিত এড্ৰেছ ক'ডৰ লগতে কিউ আপ ক'ড, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰেটিং আৰু আন সেবাসমূহৰ তথ্য থাকিব।


কিউ আৰ ক'ড স্কেন কৰাৰ লগে লগে নাম, কৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰ্যায়, অভিযোগকে ধৰি নাগৰিকৰ সৈতে জড়িত প্ৰায় সকলো তথ্য ম'বাইলত দেখা পোৱা যাব। নগৰখনৰ আযুক্তৰ মতে এই ডিজিটেল পদক্ষেপে ইন্দোৰক স্মার্ট গভর্নেন্সৰ দিশত আগবঢ়াই নিব। ই সেবাসমূহ অধিক নিকা কৰিব আৰু অভিযোগ নিৰাময় ব্যৱস্থা ক্ষিপ্ৰ কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ