--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহানগৰখনৰ মেয়ৰ পুষ্প মিত্রই আৰম্ভ কৰা এই পাইলট প্রকল্প কেন্দ্রীয় চৰকাৰৰ ডিজিপিন প্লেটফৰ্মৰ সৈতে জড়িত।

ডিজিটেল ডেস্ক : পৰিষ্কাৰ-পৰিচ্ছন্নতাত দেশৰ ভিতৰত শীৰ্ষ স্থানত থকা ইন্দোৰ মহানগৰ ডিজিটেল যুগত প্ৰৱেশৰ পথত আগবাঢ়িছে। অচিৰেই ইন্দোৰ দেশৰ ভিতৰত প্ৰথমখন ডিজিটেল মহানগৰত পৰিণত হ'ব। মহানগৰখনত অচিৰেই ডিজিটেল ঠিকনা প্রণালী আৰম্ভ কৰা হ'ব। ইয়াৰ পাইলট প্রকল্প মহানগৰখনৰ ৮২ নম্বৰ বাৰ্ডৰ সুদামা নগৰ অঞ্চলৰ পৰা আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত অঞ্চলটোৰ পাছলৈ মহানগৰখনৰ প্ৰতিটো ঘৰত 'ইউনিক ডিজিটেল এড্রেছ ক'ড (ডি এ চি) লগোৱা হ'ব।


মহানগৰখনৰ মেয়ৰ পুষ্প মিত্রই আৰম্ভ কৰা এই পাইলট প্রকল্প কেন্দ্রীয় চৰকাৰৰ ডিজিপিন প্লেটফৰ্মৰ সৈতে জড়িত। কেন্দ্ৰীয় চৰকাৰৰ এই প্রকল্প গ্রহণ কৰা ইন্দোৰ দেশৰ প্ৰথমখন মহানগৰ। পৰীক্ষামূলকভাবে এই প্ৰকল্পৰ অধীনত প্ৰতিটো ঘৰত এখন ডিজিটেল ফলক লগোৱা হ'ব। ইয়াত জি পি এছ আধাৰিত এড্ৰেছ ক'ডৰ লগতে কিউ আপ ক'ড, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰেটিং আৰু আন সেবাসমূহৰ তথ্য থাকিব।


কিউ আৰ ক'ড স্কেন কৰাৰ লগে লগে নাম, কৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰ্যায়, অভিযোগকে ধৰি নাগৰিকৰ সৈতে জড়িত প্ৰায় সকলো তথ্য ম'বাইলত দেখা পোৱা যাব। নগৰখনৰ আযুক্তৰ মতে এই ডিজিটেল পদক্ষেপে ইন্দোৰক স্মার্ট গভর্নেন্সৰ দিশত আগবঢ়াই নিব। ই সেবাসমূহ অধিক নিকা কৰিব আৰু অভিযোগ নিৰাময় ব্যৱস্থা ক্ষিপ্ৰ কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক