--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনাৰ তদন্তৰ বাবে গঠন হোৱা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সদস্যৰ সংখ্যা ৫-ৰ পৰা ৯লৈ বৃদ্ধি হৈছে

ডিজিটেল ডেস্ক : কলকাতাৰ আইন মহাবিদ্যালয়ত এগৰাকী ২৪ বছৰীয়া ছাত্রীক দলবদ্ধ বলাৎকাৰ কৰাৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। ছাত্ৰীগৰাকীয়ে এজাহাৰত প্ৰকাশ কৰে যে নিৰ্যাতনৰ পূৰ্বে ভুক্তভোগীৰ শ্বাস-প্রশ্বাস বন্ধ হোৱাৰ উপক্ৰম হৈছিল আৰু মূল অভিযুক্ত মনজিৎ মিশ্রই অন্য এজন অভিযুক্তক পীড়িতাৰ বাবে এটা ইনহেলাৰ আনিবলৈ কৈছিল।


ইনহেলাৰৰ এটা পালি গ্ৰহণ কৰি ছাত্ৰীগৰাকীয়ে সমান্য সকাহ পাই পলাই যাবলৈ বিচাৰিছিল যদিও মূল প্রৱেশদ্বাৰখন বন্ধ হৈ আছিল। তাৰ পাছতে পীড়িতাক টানি আনি অভিযুক্ত মনজিৎ মিশ্ৰই বলাৎকাৰ কৰে আৰু আন দুজন অভিযুক্ত জেইব আহমেদ আৰু প্ৰমিত মুখোপাধ্যায়ে ঘটনাটোৰ ৰেকর্ডিং কৰে। পীড়িতাই লগতে এজাহাৰত কয় যে যেতিয়া এই অসৎ কার্যত পীড়িতাই বাধা দিছিল তেতিয়া মনজিৎ মিশ্রই তেওঁৰ প্ৰেমিকক হত্যাৰ ভাবুকি দিয়াৰ লগতে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল।


উল্লেখযোগ্য যে এই ঘটনাৰ তদন্তৰ বাবে গঠন হোৱা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সদস্যৰ সংখ্যা ৫-ৰ পৰা ৯লৈ বৃদ্ধি হৈছে। এছ আই টিয়ে অভিযুক্তকেইটাৰ কল্ ৰেকৰ্ড পৰীক্ষা কৰাৰ লগতে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নয়না চট্টোপাধ্যায়ক দুবাৰ জেৰা কৰে। ঘটনাৰ এদিনৰ পাছতেই মূল অভিযুক্তই উপাধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰমাণ পোৱা গৈছে।


আনহাতে এই পাষাণ বলাৎকাৰীটোৱে আৰ জি কৰ বলাৎকাৰ-হত্যাকাণ্ডৰ মূল অভিযুক্তক ফাঁচিৰ দাবীত তৃণমূল কংগ্রেছে উলিওৱা প্রতিবাদী কাৰ্যসূচীত আগভাগ লৈছিল। এই বিষয়ত এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ