--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনাৰ তদন্তৰ বাবে গঠন হোৱা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সদস্যৰ সংখ্যা ৫-ৰ পৰা ৯লৈ বৃদ্ধি হৈছে

ডিজিটেল ডেস্ক : কলকাতাৰ আইন মহাবিদ্যালয়ত এগৰাকী ২৪ বছৰীয়া ছাত্রীক দলবদ্ধ বলাৎকাৰ কৰাৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। ছাত্ৰীগৰাকীয়ে এজাহাৰত প্ৰকাশ কৰে যে নিৰ্যাতনৰ পূৰ্বে ভুক্তভোগীৰ শ্বাস-প্রশ্বাস বন্ধ হোৱাৰ উপক্ৰম হৈছিল আৰু মূল অভিযুক্ত মনজিৎ মিশ্রই অন্য এজন অভিযুক্তক পীড়িতাৰ বাবে এটা ইনহেলাৰ আনিবলৈ কৈছিল।


ইনহেলাৰৰ এটা পালি গ্ৰহণ কৰি ছাত্ৰীগৰাকীয়ে সমান্য সকাহ পাই পলাই যাবলৈ বিচাৰিছিল যদিও মূল প্রৱেশদ্বাৰখন বন্ধ হৈ আছিল। তাৰ পাছতে পীড়িতাক টানি আনি অভিযুক্ত মনজিৎ মিশ্ৰই বলাৎকাৰ কৰে আৰু আন দুজন অভিযুক্ত জেইব আহমেদ আৰু প্ৰমিত মুখোপাধ্যায়ে ঘটনাটোৰ ৰেকর্ডিং কৰে। পীড়িতাই লগতে এজাহাৰত কয় যে যেতিয়া এই অসৎ কার্যত পীড়িতাই বাধা দিছিল তেতিয়া মনজিৎ মিশ্রই তেওঁৰ প্ৰেমিকক হত্যাৰ ভাবুকি দিয়াৰ লগতে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল।


উল্লেখযোগ্য যে এই ঘটনাৰ তদন্তৰ বাবে গঠন হোৱা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সদস্যৰ সংখ্যা ৫-ৰ পৰা ৯লৈ বৃদ্ধি হৈছে। এছ আই টিয়ে অভিযুক্তকেইটাৰ কল্ ৰেকৰ্ড পৰীক্ষা কৰাৰ লগতে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নয়না চট্টোপাধ্যায়ক দুবাৰ জেৰা কৰে। ঘটনাৰ এদিনৰ পাছতেই মূল অভিযুক্তই উপাধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰমাণ পোৱা গৈছে।


আনহাতে এই পাষাণ বলাৎকাৰীটোৱে আৰ জি কৰ বলাৎকাৰ-হত্যাকাণ্ডৰ মূল অভিযুক্তক ফাঁচিৰ দাবীত তৃণমূল কংগ্রেছে উলিওৱা প্রতিবাদী কাৰ্যসূচীত আগভাগ লৈছিল। এই বিষয়ত এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক