--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাজ পৃথুৰ নামত নামকৰণ কৰা এই নতুন উৰণ সেতুখন উদ্বোধন কৰিব।

ডিজিটেল ডেস্ক : বহু প্রতীক্ষিত ৰাজ্যৰ ভিতৰতে আটাইতকৈ দীঘল উৰণ সেতু হিচাপে পৰিগণিত গুৱাহাটীৰ মণিৰাম দেৱান পথৰ দীঘলীপুখুৰী-নুনমাটি সংযোগী 'মহাৰাজ পৃথু উৰণ সেতুখন আজি মুকলি কৰা হ'ব।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাজ পৃথুৰ নামত নামকৰণ কৰা এই নতুন উৰণ সেতুখন উদ্বোধন কৰিব। প্রায় ৬ কিল'মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনে দীঘলীপুখুৰী আৰু নুনমাটিক সংযোগ কৰাৰ লগতে চানমাৰি উৰণ সেতুকো সংযোগ কৰিব। মুকলিৰ প্ৰাকক্ষণত ইতিমধ্যে সেতুখন ৰং-তুলিকা আৰু আকর্ষণীয় আলোকচিত্ৰৰে সজাই তোলা হৈছে। 


উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০২৪ চনৰ ১ জানুৱাৰীত সেতুখনৰ শিলান্যাস কৰিছিল। প্ৰায় ৮৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই উৰণ সেতুখনত আছে ১২২টা খুঁটা। ১৮ মাহৰ ভিতৰতে এই সেতুখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি উলিওৱা হৈছে। এই নতুন উৰণ সেতুখনে নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে মহানগৰীৰ যান-জঁট হ্রাস কৰাটো বিশেষ ভূমিকা ল'ব। উৰণ সেতুখন মুকলি হোৱাৰ পাছত নুনমাটি, চানমাৰি আৰু দীঘলীপুখুৰী অঞ্চলৰ মাজত যাতায়াতৰ সময় যথেষ্ট হ্রাস পাব। লক্ষণীয়ভাৱে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত দিনক-দিনে বৃদ্ধি পোৱা গাড়ী-মটৰৰ সংখ্যা আৰু অসংখ্য জনসমাগমে তীব্র যান-জঁটৰ সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ প্ৰয়োজনীয় ঠাইত উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ গুৱাহাটীৰ মণিৰাম দেৱান পথটোৰে নাৰেংগীৰ পৰা জালুকবাৰীলৈকে দৈনিক যথেষ্টসংখ্যক চিটিবাছ, মেজিকৰ লগতে অন্যান্য ৰাজহুৱা পৰিবহণ আৰু ব্যক্তিগত বাহনৰ চলাচল অধিক হোৱাত পূৰ্বৰে পৰা পথটোত যথেষ্ট ভিৰ হয়। এই পথটোৰ কাষত বহুকেইটা চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠানৰ লগতে কেইবাখনো শিক্ষানুষ্ঠান আছে। 


আনহাতে, অনুৰাধা ছবিগৃহ, বজাৰলৈও দৈনিক যথেষ্ট লোকৰ আগমন ঘটে। গতিকে দীঘলীপুখুৰী-নুনমাটি সংযোগী দীর্ঘতম এই উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটী মহানগৰীৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত আন এক নতুন সংযোজন হৈ পৰাৰ লগতে অঞ্চলটোৰ যান-জঁটৰ সমস্যাৰ অৱসান ঘটিব বুলি আশা প্রকাশ কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম