--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাংলাদেশ চৰকাৰে ২৫ মার্চ দিনটো 'গণহত্যা দিৱস' হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক : বাংলাদেশত ক্রমাৎ পাকিস্তান-বিদ্বেষী মনোভাব তীব্র হৈ পৰিছে। দেশখনৰ ইছলামিক মৌলবাদীৰ আশাত চেঁচা পানী ঢালি নৱ নির্বাচিত প্রধানমন্ত্রী তাৰেক ৰহমানে সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে শেহতীয়াকৈ তীব্র বিষোদ্গাৰ প্ৰকাশ কৰে। 



১৯৭১ চনত বাংলাদেশত (তেতিয়াৰ পূব পাকিস্তান) পাকিস্তানে চলোৱা গণহত্যাক দেশখনৰ সবাতোকৈ ক'লা অধ্যায় আখ্যা দি সেই নির্বিচাৰ হত্যাক সোঁৱৰণ কৰিবলৈ বাংলাদেশ চৰকাৰে ২৫ মার্চ দিনটো 'গণহত্যা দিৱস' হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 


এই 'গণহত্যা দিৱস'ৰ উপলক্ষত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে বুধবাৰে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ নিশা পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানত চলি থকা 'বাংলাদেশ'ৰ ন মহীয়া স্বাধীনতা সংগ্ৰামক মষিমূৰ কৰিবলৈ বিধ্বংসী সামৰিক অভিযান আৰম্ভ কৰিছিল আৰু নির্বিচাৰে হত্যাযজ্ঞত লিপ্ত হৈছিল। 


আজি প্রধানমন্ত্রী তাৰেক ৰহমানে সেই বিভীষিকাময় দিনটো সুঁৱৰি কয় যে স্বাধীনতাপ্রেমী বাংলাদেশৰ ইতিহাসত ২৫ মাৰ্চ তাৰিখটো হৈছে সবাতোকৈ নৃশংস আৰু ক'লা দিন। প্রধানমন্ত্রী ৰহমানে কয় যে সেই দিনটোত পাকিস্তানে সংঘটিত কৰা হিংসাত্মক আক্রমণ হৈছে আটাইতকৈ ঘৃণনীয় গণহত্যা। ৰহমানে কয় যে 'অপাৰেশ্যন চাৰ্ছলাইট' শীর্ষক পাকিস্তানৰ এই সামৰিক অভিযানত নিৰস্ত্ৰ আৰু নিৰীহ অসামৰিক লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। প্রধানমন্ত্রীজনৰ মতে, পাকিস্তানী সেনাৰ সেই আক্ৰমণ স্বতঃস্ফূর্ত নাছিল, সেই আক্রমণ পাকিস্তানী সামৰিক বাহিনীয়ে সতর্কতাৰে পৰিকল্পনা কৰি সংঘটিত কৰিছিল। 


বেংগলী আশা-আকাংক্ষাক মষিমূৰ কৰিবলৈ পাকিস্তানী সেনাই সেই পৰিকল্পিত আক্ৰমণ কৰিছিল বুলি প্রধানমন্ত্রী ৰহমানে অভিযোগ কৰে। ৰহমানে অতি ক্ষোভেৰে সোঁৱৰণ কৰে যে কেনেকৈ পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানৰ (বাংলাদেশ) শিক্ষক, বুদ্ধিজীৱী, শিক্ষার্থী আৰু সাধাৰণ নাগৰিকৰ ওপৰত নির্বিচাৰে গুলীচালন কৰিছিল। ৰাজনৈতিক আৰু বৌদ্ধিক চিন্তা-চর্চাক কেন্দ্রস্থলী ঢাকা বিশ্ববিদ্যালয় পাকিস্তানী সেনাৰ আক্রমণত বেয়াকৈ বিধ্বস্ত হোৱাৰ কথাও সোঁৱৰে প্রধানমন্ত্রী ৰহমানে। 



পাকিস্তানী সেনাৰ পৰিকল্পিত আৰু সংঘবদ্ধ আক্রমণত অগণিত লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ পাছতে বাংলাদেশৰ স্বাধীনত সংগ্রাম তীব্র হৈছিল। সেই একেদিনাই চট্টগ্রামত সশস্ত্র বিদ্রোহীয়ে 'আমি বিদ্রোহ কৰিম' ঘোষণ কৰিছিল আৰু বাংলাদেশৰ মুক্তি যুদ্ধ সশস্ত্র সংগ্ৰামত পৰিণত হৈছিল বুলি ৰহমানে কয়। 


প্রধানমন্ত্রীজনে কয় যে স্বাধীনতাৰ বাবে প্রকৃত বলিদানৰ বিষয়ে বুজিবলৈ আজিৰ বাংলাদেশৰ নৱ প্রজন্মই ২৫ মার্চ তাৰিখটো সোঁৱৰণ কৰাটো অতি প্রয়োজনীয়। স্বাধীনতা সংগ্রামত শ্বহীদ হোৱাসকলক সোঁৱৰণ কৰি ৰহমানে কয় যে ১৯৭১ চনৰ মুক্তি যুদ্ধত নিহত হোৱা শ্বহীদসকলৰ আত্ম বলিদানে মানৱীয় মর্যাদা, সামাজিক ন্যায় আৰু সম-অধিকাৰক প্ৰতিফলিত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ