--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাংলাদেশ চৰকাৰে ২৫ মার্চ দিনটো 'গণহত্যা দিৱস' হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক : বাংলাদেশত ক্রমাৎ পাকিস্তান-বিদ্বেষী মনোভাব তীব্র হৈ পৰিছে। দেশখনৰ ইছলামিক মৌলবাদীৰ আশাত চেঁচা পানী ঢালি নৱ নির্বাচিত প্রধানমন্ত্রী তাৰেক ৰহমানে সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে শেহতীয়াকৈ তীব্র বিষোদ্গাৰ প্ৰকাশ কৰে। 



১৯৭১ চনত বাংলাদেশত (তেতিয়াৰ পূব পাকিস্তান) পাকিস্তানে চলোৱা গণহত্যাক দেশখনৰ সবাতোকৈ ক'লা অধ্যায় আখ্যা দি সেই নির্বিচাৰ হত্যাক সোঁৱৰণ কৰিবলৈ বাংলাদেশ চৰকাৰে ২৫ মার্চ দিনটো 'গণহত্যা দিৱস' হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 


এই 'গণহত্যা দিৱস'ৰ উপলক্ষত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে বুধবাৰে পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ নিশা পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানত চলি থকা 'বাংলাদেশ'ৰ ন মহীয়া স্বাধীনতা সংগ্ৰামক মষিমূৰ কৰিবলৈ বিধ্বংসী সামৰিক অভিযান আৰম্ভ কৰিছিল আৰু নির্বিচাৰে হত্যাযজ্ঞত লিপ্ত হৈছিল। 


আজি প্রধানমন্ত্রী তাৰেক ৰহমানে সেই বিভীষিকাময় দিনটো সুঁৱৰি কয় যে স্বাধীনতাপ্রেমী বাংলাদেশৰ ইতিহাসত ২৫ মাৰ্চ তাৰিখটো হৈছে সবাতোকৈ নৃশংস আৰু ক'লা দিন। প্রধানমন্ত্রী ৰহমানে কয় যে সেই দিনটোত পাকিস্তানে সংঘটিত কৰা হিংসাত্মক আক্রমণ হৈছে আটাইতকৈ ঘৃণনীয় গণহত্যা। ৰহমানে কয় যে 'অপাৰেশ্যন চাৰ্ছলাইট' শীর্ষক পাকিস্তানৰ এই সামৰিক অভিযানত নিৰস্ত্ৰ আৰু নিৰীহ অসামৰিক লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। প্রধানমন্ত্রীজনৰ মতে, পাকিস্তানী সেনাৰ সেই আক্ৰমণ স্বতঃস্ফূর্ত নাছিল, সেই আক্রমণ পাকিস্তানী সামৰিক বাহিনীয়ে সতর্কতাৰে পৰিকল্পনা কৰি সংঘটিত কৰিছিল। 


বেংগলী আশা-আকাংক্ষাক মষিমূৰ কৰিবলৈ পাকিস্তানী সেনাই সেই পৰিকল্পিত আক্ৰমণ কৰিছিল বুলি প্রধানমন্ত্রী ৰহমানে অভিযোগ কৰে। ৰহমানে অতি ক্ষোভেৰে সোঁৱৰণ কৰে যে কেনেকৈ পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানৰ (বাংলাদেশ) শিক্ষক, বুদ্ধিজীৱী, শিক্ষার্থী আৰু সাধাৰণ নাগৰিকৰ ওপৰত নির্বিচাৰে গুলীচালন কৰিছিল। ৰাজনৈতিক আৰু বৌদ্ধিক চিন্তা-চর্চাক কেন্দ্রস্থলী ঢাকা বিশ্ববিদ্যালয় পাকিস্তানী সেনাৰ আক্রমণত বেয়াকৈ বিধ্বস্ত হোৱাৰ কথাও সোঁৱৰে প্রধানমন্ত্রী ৰহমানে। 



পাকিস্তানী সেনাৰ পৰিকল্পিত আৰু সংঘবদ্ধ আক্রমণত অগণিত লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ পাছতে বাংলাদেশৰ স্বাধীনত সংগ্রাম তীব্র হৈছিল। সেই একেদিনাই চট্টগ্রামত সশস্ত্র বিদ্রোহীয়ে 'আমি বিদ্রোহ কৰিম' ঘোষণ কৰিছিল আৰু বাংলাদেশৰ মুক্তি যুদ্ধ সশস্ত্র সংগ্ৰামত পৰিণত হৈছিল বুলি ৰহমানে কয়। 


প্রধানমন্ত্রীজনে কয় যে স্বাধীনতাৰ বাবে প্রকৃত বলিদানৰ বিষয়ে বুজিবলৈ আজিৰ বাংলাদেশৰ নৱ প্রজন্মই ২৫ মার্চ তাৰিখটো সোঁৱৰণ কৰাটো অতি প্রয়োজনীয়। স্বাধীনতা সংগ্রামত শ্বহীদ হোৱাসকলক সোঁৱৰণ কৰি ৰহমানে কয় যে ১৯৭১ চনৰ মুক্তি যুদ্ধত নিহত হোৱা শ্বহীদসকলৰ আত্ম বলিদানে মানৱীয় মর্যাদা, সামাজিক ন্যায় আৰু সম-অধিকাৰক প্ৰতিফলিত কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু