--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰ চি বিয়ে প্রথমবাৰৰ বাবে আই পি এল খিতাপ অর্জন কৰাৰ বাবে যোৱা ৪ জুনত চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত বিজয় উৎসৱত অভাৱনীয় ভিৰৰ বাবে পদপিষ্ট হৈ ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু ৫০জন আহত হৈছিল

ডিজিটেল ডেস্ক: কর্ণাটকৰ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে কেন্দ্রীয় প্রশাসনিক ন্যায়াধিকৰণে (চি এ টি) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক (আৰ চি বি) জগৰীয়া কৰিছে।


উল্লেখযোগ্য যে আৰ চি বিয়ে প্রথমবাৰৰ বাবে আই পি এল খিতাপ অর্জন কৰাৰ বাবে যোৱা ৪ জুনত চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত বিজয় উৎসৱত অভাৱনীয় ভিৰৰ বাবে পদপিষ্ট হৈ ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু ৫০জন আহত হৈছিল।


চি এ টিয়ে দিয়া ইয়াৰ ৰায়ত কয় যে আৰ চি বিয়ে আৰক্ষীক খবৰ নিদিয়াকৈ আৰু কোনো আৱশ্যকীয় অনুমতি নোলোৱাকৈ সামাজিক মাধ্যমত বিজয় উৎসৱ পালনৰ বিষয়ে সদৰী কৰিছিল আৰু ইয়াৰ বাবেই চিন্নাস্বামী ষ্টেডিয়ামত জনতাৰ অভাৱনীয় ভিৰ হৈছিল। সময়ৰ অভাৱৰ বাবে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল বুলি চি এ টিয়ে কয়। আৰক্ষীয়ে ৩ জুনৰ নিশাৰ পৰা ব্যৱস্থা কৰিছিল যদিও নিৰাপত্তা ব্যবস্থা পর্যাপ্ত নহ'ল।


আৰক্ষীৰ লোকসকলো মানুহহে, তেওঁলোক ভগৱান নহয় অথবা যাদুকৰো নহয় যে তেওঁলোকৰ হাতত 'আলাউদ্দিনৰ চাকি' আছে যে যিকোনো সময়তে সকলোৰে ইচ্ছা পূৰণ কৰিব পাৰে, চি এ টিয়ে ইয়াৰ আদেশত কয়। ইপিনে, কর্ণাটক চৰকাৰে জ্যেষ্ঠ আই পি এছ বিষয়া বিকাশ কুমাৰক নিলম্বনৰ আদেশ দিয়াৰ বাবে ৰাজ্য চৰকাৰখনক চি এ টিয়ে সমালোচনা কৰে আৰু নিলম্বনৰ সিদ্ধান্ত পর্যালোচনা কৰিবলৈ কর্ণাটক চৰকাৰক নির্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ