--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰ চি বিয়ে প্রথমবাৰৰ বাবে আই পি এল খিতাপ অর্জন কৰাৰ বাবে যোৱা ৪ জুনত চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত বিজয় উৎসৱত অভাৱনীয় ভিৰৰ বাবে পদপিষ্ট হৈ ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু ৫০জন আহত হৈছিল

ডিজিটেল ডেস্ক: কর্ণাটকৰ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে কেন্দ্রীয় প্রশাসনিক ন্যায়াধিকৰণে (চি এ টি) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক (আৰ চি বি) জগৰীয়া কৰিছে।


উল্লেখযোগ্য যে আৰ চি বিয়ে প্রথমবাৰৰ বাবে আই পি এল খিতাপ অর্জন কৰাৰ বাবে যোৱা ৪ জুনত চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত বিজয় উৎসৱত অভাৱনীয় ভিৰৰ বাবে পদপিষ্ট হৈ ১১জন লোকে প্রাণ হেৰুৱাইছিল আৰু ৫০জন আহত হৈছিল।


চি এ টিয়ে দিয়া ইয়াৰ ৰায়ত কয় যে আৰ চি বিয়ে আৰক্ষীক খবৰ নিদিয়াকৈ আৰু কোনো আৱশ্যকীয় অনুমতি নোলোৱাকৈ সামাজিক মাধ্যমত বিজয় উৎসৱ পালনৰ বিষয়ে সদৰী কৰিছিল আৰু ইয়াৰ বাবেই চিন্নাস্বামী ষ্টেডিয়ামত জনতাৰ অভাৱনীয় ভিৰ হৈছিল। সময়ৰ অভাৱৰ বাবে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব পৰা নাছিল বুলি চি এ টিয়ে কয়। আৰক্ষীয়ে ৩ জুনৰ নিশাৰ পৰা ব্যৱস্থা কৰিছিল যদিও নিৰাপত্তা ব্যবস্থা পর্যাপ্ত নহ'ল।


আৰক্ষীৰ লোকসকলো মানুহহে, তেওঁলোক ভগৱান নহয় অথবা যাদুকৰো নহয় যে তেওঁলোকৰ হাতত 'আলাউদ্দিনৰ চাকি' আছে যে যিকোনো সময়তে সকলোৰে ইচ্ছা পূৰণ কৰিব পাৰে, চি এ টিয়ে ইয়াৰ আদেশত কয়। ইপিনে, কর্ণাটক চৰকাৰে জ্যেষ্ঠ আই পি এছ বিষয়া বিকাশ কুমাৰক নিলম্বনৰ আদেশ দিয়াৰ বাবে ৰাজ্য চৰকাৰখনক চি এ টিয়ে সমালোচনা কৰে আৰু নিলম্বনৰ সিদ্ধান্ত পর্যালোচনা কৰিবলৈ কর্ণাটক চৰকাৰক নির্দেশ দিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক