--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী গৰ্ভৱতী মহিলাই হাত নোহোৱাকৈ জন্ম দিলে শিশু কন্যা। মাক আৰু সন্তান দুয়োজনেই বৰ্তমান সুস্থ।

ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে কেতিয়াবা কিছুমান সৃষ্টিৰে আমাক হতবাক কৰি দিয়ে। মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ এখন চিকিৎসালয়ত একেই ঘটনা সংঘটিত হৈছিল। ইয়াত এগৰাকী গৰ্ভৱতী মহিলাই হাত নথকা কন্যা সন্তান জন্ম দিলে। কেঁচুৱা ছোৱালীজনীক চাবলৈ পৰিয়ালৰ লোকৰ লগতে অগণন মানুহে লগালে ভিৰ। 


ৰাইজেন জিলাৰ বেগমগঞ্জত এগৰাকী গৰ্ভৱতী মহিলাই হাত নোহোৱাকৈ জন্ম দিলে শিশু কন্যা। মাক আৰু সন্তান দুয়োজনেই বৰ্তমান সুস্থ। 


চিবিএমঅ’ ডাঃ নীতিন সিং টোমাৰে জনোৱা মতে, দেৱলাপুৰ গাঁৱৰ নিবাসী শ্ৰমিক অৰবাজ খানৰ পত্নী ৰোশনীৰ এয়া প্ৰথম প্ৰসৱ। গাঁৱৰ আশা কৰ্মীৰ জৰিয়তে ৰোশনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গৰ্ভৱতী মহিলা ৰোশনীয়ে এটি ধুনীয়া কন্যা সন্তান জন্ম দিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তাইৰ দুয়োখন হাত নাই। কান্ধৰ পৰা হাত দুখন নাই শিশুটিৰ, যাৰ বাবে ভৱিষ্যতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে শিশুটি।


বিষয়াগৰাকীয়ে কয় যে বৰ্তমান মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ। এতিয়া হাত নথকা ছোৱালীজনীক চাবলৈ মানুহৰ দীঘলীয়া শাৰী। সকলোৱে তাইক সৌজন্যৰ দৃষ্টিৰে চাই উজ্জ্বল ভৱিষ্যতৰ কামনাৰে আশীৰ্বাদ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ