--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কেৱল আৱেগৰ প্ৰকাশ, ইয়াক যৌন অভিপ্ৰায় হিচাপে চাব নোৱাৰি

ডিজিটেল ডেস্ক : আই লাভ ইউ বুলি ক'লো মই, তুমি চাগে নুশুনিলা... ! জুবিন গাৰ্গৰ এই গীতটি আপোনালোকে নিশ্চয় শুনিছে । এই গীতটিত উল্লেখ থকাৰ দৰে "আই লাভ ইউ"শব্দটো কাৰোবাক কোৱাটো অপৰাধ নেকি ?


বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কেৱল আৱেগৰ প্ৰকাশ, ইয়াক যৌন অভিপ্ৰায় হিচাপে চাব নোৱাৰি। ১০ বছৰীয়া নিৰ্যাতনৰ গোচৰত অভিযুক্তক দোষমুক্ত কৰাৰ সময়তে আদালতে এই ৰায় দিয়ে।


ন্যায়াধীশে এই কথা কয়


ন্যায়াধীশ উৰ্মিলা যোছি-ফালকে কয় যে ‘যিকোনো যৌন অপৰাধৰ বাবে অভিযুক্তৰ বাবে অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ, বলপূৰ্বক কাপোৰ খোলা বা অশ্লীল ইংগিত / মন্তব্য আদি দিব লাগিব , যিয়ে মহিলাগৰাকীৰ মৰ্যাদাত আঘাত কৰে’।



এই গোচৰটোত ২০১৫ চনত নাগপুৰৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে অভিযোগ কৰিছিল যে এগৰাকী ৩৫ বছৰীয়া যুৱকে তেওঁৰ হাতত ধৰি নাম সুধিছিল আৰু কৈছিল - "আই লাভ ইউ"। এই সন্দৰ্ভত ভুক্তভোগীয়ে পিতৃক খবৰ দিয়ে আৰু আৰক্ষীত এজাহাৰ ৰুজু কৰা হয়।


ৰায়টোত আদালতে ক'লে- "কোনোবাই কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কোনো কাৰণতে যৌন আতিশয্য হ'ব নোৱাৰে ৷ অশ্লীল ইংগিতো নহয় ৷ এই তিনিটা শব্দ হ'ল এজনে আনজনৰ প্ৰতি কৰা আবেগৰ বহিঃপ্ৰকাশ ৷ এয়া কোনো অপৰাধ নহয় ৷" সেয়ে উচ্চ ন্যায়ালয়ে উক্ত লোকজনক দোষমুক্ত বুলি মঙলবাৰে ঘোষণা কৰে ৷ এই বহুচৰ্চিত গোচৰটোৰ ৰায়দান কৰে ন্যায়াধীশ উৰ্মিলা যোশী ফালকেৰ আদালতে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ