--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কেৱল আৱেগৰ প্ৰকাশ, ইয়াক যৌন অভিপ্ৰায় হিচাপে চাব নোৱাৰি

ডিজিটেল ডেস্ক : আই লাভ ইউ বুলি ক'লো মই, তুমি চাগে নুশুনিলা... ! জুবিন গাৰ্গৰ এই গীতটি আপোনালোকে নিশ্চয় শুনিছে । এই গীতটিত উল্লেখ থকাৰ দৰে "আই লাভ ইউ"শব্দটো কাৰোবাক কোৱাটো অপৰাধ নেকি ?


বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কেৱল আৱেগৰ প্ৰকাশ, ইয়াক যৌন অভিপ্ৰায় হিচাপে চাব নোৱাৰি। ১০ বছৰীয়া নিৰ্যাতনৰ গোচৰত অভিযুক্তক দোষমুক্ত কৰাৰ সময়তে আদালতে এই ৰায় দিয়ে।


ন্যায়াধীশে এই কথা কয়


ন্যায়াধীশ উৰ্মিলা যোছি-ফালকে কয় যে ‘যিকোনো যৌন অপৰাধৰ বাবে অভিযুক্তৰ বাবে অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ, বলপূৰ্বক কাপোৰ খোলা বা অশ্লীল ইংগিত / মন্তব্য আদি দিব লাগিব , যিয়ে মহিলাগৰাকীৰ মৰ্যাদাত আঘাত কৰে’।



এই গোচৰটোত ২০১৫ চনত নাগপুৰৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে অভিযোগ কৰিছিল যে এগৰাকী ৩৫ বছৰীয়া যুৱকে তেওঁৰ হাতত ধৰি নাম সুধিছিল আৰু কৈছিল - "আই লাভ ইউ"। এই সন্দৰ্ভত ভুক্তভোগীয়ে পিতৃক খবৰ দিয়ে আৰু আৰক্ষীত এজাহাৰ ৰুজু কৰা হয়।


ৰায়টোত আদালতে ক'লে- "কোনোবাই কাৰোবাক "আই লাভ ইউ" বুলি কোৱাটো কোনো কাৰণতে যৌন আতিশয্য হ'ব নোৱাৰে ৷ অশ্লীল ইংগিতো নহয় ৷ এই তিনিটা শব্দ হ'ল এজনে আনজনৰ প্ৰতি কৰা আবেগৰ বহিঃপ্ৰকাশ ৷ এয়া কোনো অপৰাধ নহয় ৷" সেয়ে উচ্চ ন্যায়ালয়ে উক্ত লোকজনক দোষমুক্ত বুলি মঙলবাৰে ঘোষণা কৰে ৷ এই বহুচৰ্চিত গোচৰটোৰ ৰায়দান কৰে ন্যায়াধীশ উৰ্মিলা যোশী ফালকেৰ আদালতে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ