--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ আগশাৰীৰ চাহ ৰোপণকাৰী সংস্থা, ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু উৎপাদকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন যৌথ আবেদনত কেঁচা চাহ পাতৰ নূন্যতম বহনক্ষম মূল্যৰ চৰকাৰী অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্কঃ আবেদন নে বিজ্ঞাপন! প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰা আবেদনক বাতৰি কাকতত বিজ্ঞাপন হিচাপে প্ৰচাৰ কৰাৰ আঁৰৰ ৰহস্য কি? অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীক সমূলি ধ্বংসৰ ষড়যন্ত্ৰ নেকি এয়া! ওভতি ধৰিলে উত্তৰ-পূৱ কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনে (NECSTGA)। 


উল্লেখ্য যে ভাৰতৰ আগশাৰীৰ চাহ ৰোপণকাৰী সংস্থা, ক্ষুদ্ৰ চাহ খেতিয়ক, আৰু উৎপাদকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন যৌথ আবেদনত কেঁচা চাহ পাতৰ নূন্যতম বহনক্ষম মূল্যৰ চৰকাৰী অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনাইছে। যিখন আবেদন অসমৰ বাতৰি কাকতত বিজ্ঞাপন আকাৰে প্ৰচাৰ কৰা হৈছে। 


ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত সংগঠনটোৱে এনে কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি-- কেঁচা চাহপাতৰ স্থায়ী মূল্য নিৰ্ধাৰণ হ'লে খেতিয়ক আৰু শ্ৰমিকসকল উপকৃত হ'ব। কিন্তু প্ৰথমে ভাৰতীয় চাহ সন্থা (ITA) আৰু টী এচ'ছিয়েচন অৱ ইণ্ডিয়া (TAI) ই প্ৰতি কিলোগ্ৰামত ৩৫-৪০ টকাৰ প্ৰস্তাৱিত মূল্য দি দেখুওৱাক। 


উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনৰ সভাপতি দিগন্ত ফুকন আৰু সচিব প্ৰধান বিনোদ বুঢ়াগোহাঁয়ে ITA আৰু TAI-য়ে প্ৰথমে খেতিয়কক এই মূল্য দি এটা আদৰ্শ দেখুৱাবৰ সৎ সাহস পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে। সংগঠনটোৰ গুৰুতৰ অভিযোগ- "বিগত পাঁচ মাহত ITA আৰু TAI-ৰ বাগিচাবোৰে ক্ষুদ্ৰ খেতিয়কক মাত্ৰ১২-১৬ টকাৰ ভিতৰতহে প্ৰতি কেজি কেঁচা চাহপাতৰ দৰ দি আহিছে। আনকি তেওঁলোকৰ বহু বাগিচাই বিধিবদ্ধ মজুৰি আৰু পি.এফ. দিবলৈও সক্ষম নহয়। 


সেয়ে, তেওঁলোকৰ এই প্ৰস্তাৱিত মূল্য গোটেই বছৰটো কেনেকৈ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিব পাৰি তাক লৈ ৰহস্যৰ গোন্ধ পাইছে উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনে। এনে কাৰ্যই উত্তৰ পূবৰ ক্ষুদ্ৰ চাহ খেতি আৰু বটলিফ ফেক্টৰীৰ বন্ধৰে বৃহৎ অৰ্থনৈতিক বিপৰ্যয় মাতি অনাৰো আশংকা প্ৰকাশ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ভৰতীয় চাহ সংস্থাৰ কৰ্মকাণ্ডত প্ৰতিক্ৰিয়া উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনৰ
বাক্সাত ৰাস চাই ঘৰলৈ ওভতাৰ পথত অচিনাক্ত বাহনৰ খুন্দাত যুৱকৰ মৃত্যু
কাছাৰত প্ৰেমত প্ৰতাৰণাৰ বলি হৈ যুৱতীৰ আ*ত্ম*হ*ত্যাৰ চেষ্টা
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ