--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱতি নিশা ৩ বজাতে 'ৰৈ ৰৈ বিনালে'ত জুবিনক চাবলৈ কোন ওলাই অহা নাছিল। শিশুৰ পৰা গাত এৰী চাদৰ লৈ অহা ৮০ বছৰীয়া বৃদ্ধজনলৈকে।

ডিজিটেল ডেস্ক : সৃষ্টিৰ তাড়নাত জুবিন গার্গে নিশা শোৱা নাছিল। তেতিয়া কিন্তু গোটেই অসমবাসী টোপনিৰ কোলাত আছিল। আজি জুবিন নাই, কিন্তু পুৱতি নিশাতে জুবিনৰ বাবেই হিল-দল ভাঙি ঢপলিয়াই ওলাই আহিল অসমৰ ৰাইজ। 


পুৱতি নিশা ৩ বজাতে 'ৰৈ ৰৈ বিনালে'ত জুবিনক চাবলৈ কোন ওলাই অহা নাছিল। শিশুৰ পৰা গাত এৰী চাদৰ লৈ অহা ৮০ বছৰীয়া বৃদ্ধজনলৈকে। খোজকাঢ়ি অহাই খোজকাঢ়ি আহিছে, খোজ কাঢ়িব নোৱৰা ৮০-ৰ ঊৰ্ধ্বৰ বৃদ্ধা পুত্রৰ কোলাত উঠি চিনেমা হললৈ আহিছে। মুঠতে জুবিনক শেষবাৰৰ বাবে চাবই। অসমীয়া চিনেমাৰ সকলো পৰম্পৰা, সকলো ৰেকর্ড ভংগ কৰি নিজেই এক নতুন ইতিহাস হৈ ওলাই আহিল জুবিনৰ আমৃত্যু সপোন, ১৫ বছৰীয়া চেষ্টা আৰু সাধনাৰ ফল 'ৰৈ ৰৈ বিনালে'। 


গুৱাহাটীৰ বেলতলাত থকা মেট্রিক্স চিনেমা হলত পূৱতি নিশা ৪ বাজি ২০ মিনিটত সর্বপ্রথম দর্শনীটো আৰম্ভ কৰিয়েই অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দৰেই 'ৰৈ ৰৈ বিনালে'ই ৰাজ্যবাসীক ডুবাই দিয়ে শোকৰ পাৰাপাৰহীন সাগৰত। 



সকলোৱে যেন মনে মনে আশা কৰি আছিল 'ৰৈ ৰৈ বিনালে' মুক্তি পোৱাৰ লগে লগেই জুবিন আহিব আৰু জুবিনে প্রাণৰ অসমবাসীক ক'বহি, 'জুবিন গাৰ্গ নমৰে আপোনালোকক মাত নলগোৱাকৈ। লিজেণ্ডছ নেভাৰ ডাই। লাভ ইউ অল।' কিন্তু মানুহক সুৰেৰে মুগ্ধ কৰিবলৈ, কথাৰে হঁহুৱাবলৈ নাহিল প্রাণৰ জুবিন। সেয়েহে, 'ৰৈ ৰৈ বিনালে' চাই আহি কান্দি কান্দি মানুহে কৈছে, 'সি সাগৰখন পাৰ হ'ব নোৱাৰিলে অ'।' 


এইখন আৰু চিনেমা হৈ নাথাকিল, ১২ বজাৰ পৰা চিনেমা হলত অনুৰাগীয়ে ভিব কৰি প্রমাণ কৰি দিলে যে 'ৰৈ ৰৈ বিনালে' জাতীয় আৱেগ। অসমৰ চলচ্চিত্রৰ ইতিহাসত প্রথমবাৰৰ বাবে সূর্যোদয়ৰ ১ ঘণ্টা ২০ মিনিট আগেয়ে প্রদর্শিত হ'ল। ৰাজ্যৰ বহু চিনেমা হলত অনুৰাগীয়ে চিনেমাৰ পূর্বে 'মায়াবিনী' গাইহে চিনেমা চাবলৈ ছীটত বহিল। অসমৰ ৮৫খন স্ক্রীনত প্রথম দর্শনী চাবলৈ প্রায় আধা অসম সাৰে থাকিল। 


আটাইতকৈ ডাঙৰ কথা এয়ে যে জুবিনৰ নশ্বৰদেহ সৰুসজাই ষ্টেডিয়ামলৈ আনোতে বৰষুণ আহিছিল, বৰষুণ আহিছিল জুবিনক সোণাপুৰলৈ নিওঁতেও আৰু কালি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ দিনাও এজাক বৰষুণে অসমক ধুই নিলে। শেষবাৰৰ বাবে চেলুলয়ডত জুবিনক চাবলৈ কালি 'ৰৈ ৰৈ বিনালে'ৰ মুঠ ৬০০টা শ্ব' হয়। গুৱাহাটীৰ পি ভি আৰত অকল আজিৰ দিনটোতেই ২৩টা, আইনক্স আৰু অ'ৰাছত ২৩টা, চিনেপলিচত ২১টা দর্শনীত 'ৰৈ ৰৈ বিনালে' মানুহে চাই এনে এক অভিলেখ কৰিলে যি অভিলেখ নহয় হ'ব এক ইতিহাস। 


সর্বভাবতীয় পর্যায়ত কালি ৩৯খন চহৰত মুক্তিলাভ কৰে চিনেমাখনে আক ১৫ নৱেম্বৰত আমেৰিকা, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশত মুক্তি পাব 'ৰৈ ৰৈ বিনালে'ই। আনহাতে, কালি চিনেমাখনত শেষবাৰৰ বাবে প্ৰাণৰ জুবিনক দেখি ৰাজ্যৰ বিভিন্ন প্রান্তৰত চিনেমা হলতে অসুস্থ হৈ পৰে বহুজন। গুৱাহাটী, যোৰহাটকে ধৰি কেইবা ঠাইতো অসুস্থ হৈ পৰা অনুৰাগীক লগে লাগেই চিকিৎসালয়লৈ লৈ যোৱা হয়। 


ৰাজ্যবাসীৰ বুকু মোচৰ খাই গ'ল সেই দৃশ্য দেখি যে জুবিনৰ পত্নী গৰিমা আৰু ভগ্নী পামীয়ে কেলভিন চিনেমা হলত মাজত প্রাণৰ গ'ল্ডীৰ বাবে আসন সংৰক্ষণ কৰি সেই আসনৰ দুয়োকাষে বহি চিনেমাখন চাই থকা, কান্দি কান্দি ভাগি পৰা গৰিমাই মাত্র ক'লে খুব সাহস কৰি চিনেমাখন চাবলৈ আহিছোঁ। ইফালে, 'ৰৈ ৰৈ বিনালে'ৰ আৱেগে মুখ্যমন্ত্রীকো চুই গ'ল। 


মুখ্যমন্ত্রীয়ে কয় যে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ তেওঁ লখিমপুৰৰ 'জোনাকী' চিনেমাত 'ৰৈ ৰৈ বিনালে'ৰ বিশেষ দর্শনী বন্ধুবৰ্গৰ সৈতে উপভোগ কৰিব।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু