--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱতি নিশা ৩ বজাতে 'ৰৈ ৰৈ বিনালে'ত জুবিনক চাবলৈ কোন ওলাই অহা নাছিল। শিশুৰ পৰা গাত এৰী চাদৰ লৈ অহা ৮০ বছৰীয়া বৃদ্ধজনলৈকে।

ডিজিটেল ডেস্ক : সৃষ্টিৰ তাড়নাত জুবিন গার্গে নিশা শোৱা নাছিল। তেতিয়া কিন্তু গোটেই অসমবাসী টোপনিৰ কোলাত আছিল। আজি জুবিন নাই, কিন্তু পুৱতি নিশাতে জুবিনৰ বাবেই হিল-দল ভাঙি ঢপলিয়াই ওলাই আহিল অসমৰ ৰাইজ। 


পুৱতি নিশা ৩ বজাতে 'ৰৈ ৰৈ বিনালে'ত জুবিনক চাবলৈ কোন ওলাই অহা নাছিল। শিশুৰ পৰা গাত এৰী চাদৰ লৈ অহা ৮০ বছৰীয়া বৃদ্ধজনলৈকে। খোজকাঢ়ি অহাই খোজকাঢ়ি আহিছে, খোজ কাঢ়িব নোৱৰা ৮০-ৰ ঊৰ্ধ্বৰ বৃদ্ধা পুত্রৰ কোলাত উঠি চিনেমা হললৈ আহিছে। মুঠতে জুবিনক শেষবাৰৰ বাবে চাবই। অসমীয়া চিনেমাৰ সকলো পৰম্পৰা, সকলো ৰেকর্ড ভংগ কৰি নিজেই এক নতুন ইতিহাস হৈ ওলাই আহিল জুবিনৰ আমৃত্যু সপোন, ১৫ বছৰীয়া চেষ্টা আৰু সাধনাৰ ফল 'ৰৈ ৰৈ বিনালে'। 


গুৱাহাটীৰ বেলতলাত থকা মেট্রিক্স চিনেমা হলত পূৱতি নিশা ৪ বাজি ২০ মিনিটত সর্বপ্রথম দর্শনীটো আৰম্ভ কৰিয়েই অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দৰেই 'ৰৈ ৰৈ বিনালে'ই ৰাজ্যবাসীক ডুবাই দিয়ে শোকৰ পাৰাপাৰহীন সাগৰত। 



সকলোৱে যেন মনে মনে আশা কৰি আছিল 'ৰৈ ৰৈ বিনালে' মুক্তি পোৱাৰ লগে লগেই জুবিন আহিব আৰু জুবিনে প্রাণৰ অসমবাসীক ক'বহি, 'জুবিন গাৰ্গ নমৰে আপোনালোকক মাত নলগোৱাকৈ। লিজেণ্ডছ নেভাৰ ডাই। লাভ ইউ অল।' কিন্তু মানুহক সুৰেৰে মুগ্ধ কৰিবলৈ, কথাৰে হঁহুৱাবলৈ নাহিল প্রাণৰ জুবিন। সেয়েহে, 'ৰৈ ৰৈ বিনালে' চাই আহি কান্দি কান্দি মানুহে কৈছে, 'সি সাগৰখন পাৰ হ'ব নোৱাৰিলে অ'।' 


এইখন আৰু চিনেমা হৈ নাথাকিল, ১২ বজাৰ পৰা চিনেমা হলত অনুৰাগীয়ে ভিব কৰি প্রমাণ কৰি দিলে যে 'ৰৈ ৰৈ বিনালে' জাতীয় আৱেগ। অসমৰ চলচ্চিত্রৰ ইতিহাসত প্রথমবাৰৰ বাবে সূর্যোদয়ৰ ১ ঘণ্টা ২০ মিনিট আগেয়ে প্রদর্শিত হ'ল। ৰাজ্যৰ বহু চিনেমা হলত অনুৰাগীয়ে চিনেমাৰ পূর্বে 'মায়াবিনী' গাইহে চিনেমা চাবলৈ ছীটত বহিল। অসমৰ ৮৫খন স্ক্রীনত প্রথম দর্শনী চাবলৈ প্রায় আধা অসম সাৰে থাকিল। 


আটাইতকৈ ডাঙৰ কথা এয়ে যে জুবিনৰ নশ্বৰদেহ সৰুসজাই ষ্টেডিয়ামলৈ আনোতে বৰষুণ আহিছিল, বৰষুণ আহিছিল জুবিনক সোণাপুৰলৈ নিওঁতেও আৰু কালি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ দিনাও এজাক বৰষুণে অসমক ধুই নিলে। শেষবাৰৰ বাবে চেলুলয়ডত জুবিনক চাবলৈ কালি 'ৰৈ ৰৈ বিনালে'ৰ মুঠ ৬০০টা শ্ব' হয়। গুৱাহাটীৰ পি ভি আৰত অকল আজিৰ দিনটোতেই ২৩টা, আইনক্স আৰু অ'ৰাছত ২৩টা, চিনেপলিচত ২১টা দর্শনীত 'ৰৈ ৰৈ বিনালে' মানুহে চাই এনে এক অভিলেখ কৰিলে যি অভিলেখ নহয় হ'ব এক ইতিহাস। 


সর্বভাবতীয় পর্যায়ত কালি ৩৯খন চহৰত মুক্তিলাভ কৰে চিনেমাখনে আক ১৫ নৱেম্বৰত আমেৰিকা, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশত মুক্তি পাব 'ৰৈ ৰৈ বিনালে'ই। আনহাতে, কালি চিনেমাখনত শেষবাৰৰ বাবে প্ৰাণৰ জুবিনক দেখি ৰাজ্যৰ বিভিন্ন প্রান্তৰত চিনেমা হলতে অসুস্থ হৈ পৰে বহুজন। গুৱাহাটী, যোৰহাটকে ধৰি কেইবা ঠাইতো অসুস্থ হৈ পৰা অনুৰাগীক লগে লাগেই চিকিৎসালয়লৈ লৈ যোৱা হয়। 


ৰাজ্যবাসীৰ বুকু মোচৰ খাই গ'ল সেই দৃশ্য দেখি যে জুবিনৰ পত্নী গৰিমা আৰু ভগ্নী পামীয়ে কেলভিন চিনেমা হলত মাজত প্রাণৰ গ'ল্ডীৰ বাবে আসন সংৰক্ষণ কৰি সেই আসনৰ দুয়োকাষে বহি চিনেমাখন চাই থকা, কান্দি কান্দি ভাগি পৰা গৰিমাই মাত্র ক'লে খুব সাহস কৰি চিনেমাখন চাবলৈ আহিছোঁ। ইফালে, 'ৰৈ ৰৈ বিনালে'ৰ আৱেগে মুখ্যমন্ত্রীকো চুই গ'ল। 


মুখ্যমন্ত্রীয়ে কয় যে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ তেওঁ লখিমপুৰৰ 'জোনাকী' চিনেমাত 'ৰৈ ৰৈ বিনালে'ৰ বিশেষ দর্শনী বন্ধুবৰ্গৰ সৈতে উপভোগ কৰিব।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি