--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • টি এছ এম চি হ'ল টাইৱানৰ ছেমি কণ্ডাক্টৰ কন্ট্রেক্ট মেনুফেকচাৰিং আৰু ডিজাইনিং কোম্পানী।

ডিজিটেল ডেস্ক : শ্বেয়াৰৰ মূল্য হঠাতে অধিক হাৰত বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ সময়তে সমগ্ৰ বিশ্বত ছেমি কণ্ডাক্টৰ তথা চিপ তৈয়াৰ কৰা কোম্পানীসমূহৰ বিনিয়োগকাৰীসকলে অধিক নগদ লাভৰ আশাত শ্বেয়াৰ বিক্ৰী কৰিবলৈ লোৱাৰ ফলত সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি হৈছে। 


ইয়াৰ ফলত আমেৰিকাৰ লগতে এছিয়ালৈকে বিভিন্ন শ্বেয়াৰ বজাৰত সূচকাংকৰ পতন ঘটে। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৫০ হাজাৰ কোটি ডলাৰ অৰ্থাৎ প্রায় ৪৪.৪ লাখ কোটি টকা লোকচান হয়। চিপ প্ৰস্তুত কৰা বিশ্বৰ সৰ্ববৃহৎ কোম্পানী টি এছ এম চিৰ বজাৰ মূলধন প্রায় ৩% হ্রাস পায়। টি এছ এম চি হ'ল টাইৱানৰ ছেমি কণ্ডাক্টৰ কন্ট্রেক্ট মেনুফেকচাৰিং আৰু ডিজাইনিং কোম্পানী। 


উল্লেখযোগ্য যে বিনিয়োগকাৰীয়ে অধিক লাভৰ আশাত চিপ প্রস্তুত কৰা কোম্পানীসমূহৰ শ্বেয়াৰ বজাৰত বিক্ৰী কৰিবলৈ লোৱাৰ ফলত সৃষ্টি হোৱা চাপ আৰু ইয়াৰ লগতে ফিলাডেলফিয়া ছেমিৰণ্ডাক্টৰ ইণ্ডেক্সত শ্বেয়াৰ অধিক হাৰত বিক্ৰী হোৱাৰ ফলত সমগ্র বিশ্বৰে চিপ প্রস্তুত কৰা কোম্পানীবোৰৰ বজাৰ মূলধন প্রায় ৫০ হাজাৰ কোটি ডলাৰ হ্রাস পায়। 


উল্লেখযোগ্য যে ফিলাডেলফিয়া ছেমি কণ্ডাক্টৰ ইণ্ডেক্সে চিপ প্ৰস্তুত কৰা বিশ্বৰ আগশাৰীৰ ৩০টা কোম্পানীৰ শ্বেয়াৰ মূল্য হ্রাস-বৃদ্ধিৰ ইংগিত দিয়ে। দক্ষিণ কোৰিয়াৰ শ্বেয়াৰ বজাৰতো সূচকাংকৰ পতন ঘটা দেখিবলৈ পোৱা যায়। সূচকাংক কমি যোৱা বুধবাৰে ৩% তকৈ অধিক অৱনমিত হয়। কালি কমি প্রায় ২%ক অৱনমিত হয়। আনহাতে জাপানৰ নিক্কেই প্রায় ১১৩৪ পইন্ট অৱনমিত হৈ ৪৯,৭৪৯ পইন্ট হয়গৈ। ইয়াৰ লগতে হংকঙৰ হেংছেং ৩১০ পইন্ট অৱনমিত হয়। 


মন কৰিবলগীয়া যে আমেৰিকাৰ শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে দেখা পোৱা সূচকাংকৰ পতনে দেশখনত অর্থনৈতিক মন্দাৱস্থাৰ আশংকা অধিক গভীৰ কৰি তুলিছে। উল্লেখযোগ্য যে অর্থনীতিত মন্দাৱস্থাৰ প্ৰথম ইংগিত দিয়ে শ্বেয়াৰ বজাৰে। সেয়েহে এই আশংকা অধিক ঘনীভূত হৈছে। বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিত মন্দাৱস্থাৰ সৃষ্টি হ'ল। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ অৰ্থনীতিত পৰে। আমেৰিকাৰ শ্বেয়াৰ বজাৰত কালি হোৱা পতনে ইয়াৰেই ইংগিত দিয়া বুলি বিশেষজ্ঞসকলে কয়। দেশখনৰ শ্বেয়াৰ বজাৰত কালি বৃহৎ জোকাৰণিৰ সৃষ্টি হয়। 


এছ এণ্ড পি ৫০০ প্রায় ১.১% অৱনমিত হয়। নাছডাক প্রায় ২% আৰু ডাউ জোন্‌নপ্রায় ০.৮০% অৱনমিত হয়। মন কৰিবলগীয়া যে আগশাৰীৰ তথ্য প্ৰযুক্তিৰ কোম্পানীবোৰৰ বিশেষকৈ কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) সৈতে জড়িত কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্যক লৈ বিনিয়োগকাৰী শংকিত হৈ পৰিছে। এই কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য হঠাতে দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰে। কিন্তু যিটো গতিত শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ভবিষ্যতে সেই ধাৰা অব্যাহত থাকিব নে নাই বা ভৱিষ্যতে অধিক লাভ দিব নে নাই তাক লৈ বিনিয়োগকাৰী শংকিত হৈ পৰে। ইয়াৰ প্ৰধান কাৰণ হ'ল যোৱা দুবছৰত এ আই কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য যিটো হাৰত বৃদ্ধি পাইছে সেই একেটা হাৰত কোম্পানীবোৰৰ উন্নতি হোৱা নাই। 


একাংশ আগশাৰীৰ তথ্য প্ৰযুক্তিৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য যিটো হাৰত বৃদ্ধি পাইছে তাৰ সৈতে কোম্পানীটোৰ উন্নয়নৰ হাৰৰ সংগতি নাই। আন কথাত কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য মাত্ৰাধিক হৈ পৰিছে। সেয়েহে চাপৰ সন্মুখীন হোৱা বিনিয়োগকাৰীয়ে এই কোম্পানীবোৰৰ শ্বেয়াৰ বিক্ৰী কৰিবলৈ ধৰে যাৰ ফলত শ্বেয়াৰৰ চাহিদা আৰু মূল্য হ্রাস পাবলৈ ধৰে। উল্লেখযোগ্য যে চলিত বছৰত এই কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য ১৭৫% তকৈ অধিক বৃদ্ধি পায়, কিন্তু বজাৰত সৃষ্টি হোৱা হাহাকাৰৰ পাছত শ্বেয়াৰৰ মূল্য প্রায় ৮% হ্রাস পায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ