--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • অভিনয় জগতত প্ৰায় তিনি দশক সম্পূৰ্ণ কৰা এছ আৰ কেৰ আভাস পাবলৈ মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ।

ডিজিটেল ডেস্কঃ বলীউডৰ কিং হিচাপে পৰিচিত শ্বাহৰূখ খানৰ আজি ৬০ সংখ্যক জন্মদিন। অভিনয় জগতত প্ৰায় তিনি দশক সম্পূৰ্ণ কৰা এছ আৰ কেৰ আভাস পাবলৈ মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ। 


অৱশ্যে এইবাৰ পৰিৱেশ বিগত বৰ্ষৰ দৰে নহয়। অনুৰাগী উপস্থিত আছিল যদিও শ্বাহৰুখ খান তেওঁৰ বেলকনিত দেখা নগ’ল। মন কৰিবলগীয়া যে শ্বাহৰুখৰ ঘৰ 'মন্নত'ৰ নিৰ্মাণৰ কাম চলি আছে। এইবাৰ ছুপাৰষ্টাৰগৰাকীয়ে আলিবাগস্থিত নিজৰ ফাৰ্ম হাউচত জন্মদিন পালন কৰে।


শ্বাহৰূখ খানৰ জীৱন যাত্ৰা


দূৰদৰ্শন টিভিৰ ধাৰাবাহিক "ফৌজী"ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা শ্বাহৰূখে ১৯৯২ চনৰ "দীৱানা" ছবিৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ "চামাটকাৰ", "বাজিগৰ", "কৰণ অৰ্জুন" আদি হিট ছবিৰে উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰে। ১৯৯৫ চনৰ "দিলৱালে দুলহানিয়া লে জায়েংগে" ছবিখনে তেওঁক বিশ্বজনীন জনপ্ৰিয় কৰি তুলিছিল। 


"কিং অৱ ৰোমাঞ্চ" হিচাপে পৰিচিত শ্বাহৰূখ খানৰ পৰ্দাত ৰোমাঞ্চ চলি থাকিল "দিল টু পাগল হে" আৰু "কুচ কুচ হোটা হে"ৰ দৰে ৰোমান্টিক ছবিৰে।



প্ৰায় এটা দশক ধৰি জনপ্ৰিয় ৰোমান্টিক হিৰো হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত শ্বাহৰুখে নিজৰ কম্ফাৰ্ট জ’নৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লয়। ২০০০ চনৰ ‘মহব্বতেই’ ছবিখনত তেওঁ প্ৰেম গুৰুৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত তেওঁ তিনিটা দম্পতীক তেওঁলোকৰ প্ৰেম বিচাৰি পোৱাৰ পথ দেখুৱাইছিল। ইয়াৰ পিছতো শ্বাহৰুখে নিজৰ চলচ্চিত্ৰ চৰিত্ৰসমূহৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি থাকিল। তেওঁৰ ক্লাছিক ছবি ‘দেৱদাস’ হওক বা তেওঁৰ আন এখন ছবি ‘মেইন হু না’ত এজন আদবয়সীয়া সৈনিকৰ চৰিত্ৰ হওক। 


‘বীৰ জাৰা’ত বায়ুসেনাৰ বিষয়াৰ চৰিত্ৰও শ্বাহৰুখৰ অন্য এক ব্যতিক্ৰম চৰিত্ৰ । কেৱল এয়াই নহয়, ২০০৪ চনৰ ‘স্ৱাডেছ’ ছবিৰ বাবে এছ আৰ কেয়ে যথেষ্ট প্ৰশংসা লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ‘ডন’ৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মন জয়ী কৰিলে।


শ্বাহৰুখ খানে চলচ্চিত্ৰ জীৱনৰ দ্বিতীয় দশকতো নিজৰ চলচ্চিত্ৰৰ ভূমিকা সলনি কৰাৰ এই ধাৰা অব্যাহত ৰাখিছিল। ২০০৭ চনত বৰ্তমানৰ শীৰ্ষ নায়িকা দীপিকা পাডুকনৰ প্ৰথম ছবি "ঔম শান্তি ঔম"ত ৰেট্ৰ' লুকত অভিনয় কৰে। পিছৰ বছৰ অনুষ্কা শৰ্মাৰ প্ৰথম ছবি "ৰব নে বানা দি জোৰি"ত তেওঁ এজন আদবয়সীয়া আৰু এজন যুৱকৰ দ্বৈত চৰিত্ৰত অভিনয় কৰে। ২০১০ চনত শ্বাহৰুখে অভিনয় কৰা "মাই নেম ইজ খান" ছবিখনে আনকি বিদেশতো যথেষ্ট প্ৰশংসা লাভ কৰিছিল। 


আজিকালি ভিএফএক্স বৰ্ধিত ছবিয়ে সকলোৰে মনত ক্ষোভৰ সৃষ্টি হোৱাৰ বিপৰীতে ডেৰ দশক পূৰ্বে এছ আৰ কেয়ে নিৰ্মাণ কৰিছিল "ৰা.ৱান"। সেই সময়ত ছবিখনক ভাল সমাদৰ পোৱা নাছিল যদিও আজিও ছবিখনৰ বহুল প্ৰশংসা আছে। ২০১২ চনত শ্বাহৰুখ খানে পুনৰ ৰোমান্টিক অৱতাৰত অভিনয় কৰিছিল "জব তক হে জান"ত। ২০১৩ চনত তেওঁ "চেন্নাই এক্সপ্ৰেছ"ত পুনৰবাৰ সম্পূৰ্ণ বেলেগ এটা ৰূপৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিছিল।


ফ্লপ ছবিৰ ধাৰাবাহিকতা


অভিনয় জগতত ৰূপালী জয়ন্তী উদযাপন কৰাৰ পিছত কিং খানে চলচ্চিত্ৰ জীৱনৰ আটাইতকৈ বেয়া পৰ্যায়ৰ সন্মুখীন হ’বলগীয়া হয়। ২০১৫ চনৰ কাজল অভিনিত ছবি "দিলৱালে"ৰ পৰা অৱনতি ঘটা ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ চলচ্চিত্ৰ কেৰিয়াৰে ২০১৭ চনৰ ছবি "ফেন", "ৰেইছ", আৰু "জব হেৰী মেট চেজল"ৰ মাজেৰে ২০১৮ চনৰ ছবি "জিৰ'ৰ সৈতে আকৌ নিজ পথত উভতি ৰ'ল। এই সময়ছোৱাত তেওঁৰ "ডিয়েৰ জিন্দগী" ছবিখনে নিশ্চয়কৈ সমাদৰ লাভ কৰিছিল। কিন্তু "দিলৱালে", "ফেন", "ৰেইছ", "জব হেৰী মেট চেজল"ৰ কম প্ৰদৰ্শনে কিং খানৰ ভাবমূৰ্তিৰ যথেষ্ট ক্ষতিসাধন কৰে।



শ্বাহৰূখ খানৰ কৃতিত্ব


চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে "অৰ্ডাৰ দে' আৰ্টছ্ এ'ট্ দে'ছ্লেটাৰ্ছ্" আৰু "লিজিয়ন ডি'অনাৰ" প্ৰদানেৰে সন্মান যাঁচিছিল। মহিলা আৰু শিশুৰ অধিকাৰ বৃদ্ধিত নেতৃত্ব লোৱা বাবে ২০১৮ চনত তেওঁ ৱৰ্ল্ড ইক'ন'মিক ফৰামৰ পৰা ক্ৰিষ্টেল এৱাৰ্ডো পাইছিল। ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশীল লোকৰ তালিকাত তেওঁৰ নাম নিয়মীয়াকৈ দেখা যায়। আনকি ২০০৮ চনত নিউজৱিক আলোচনীখনে তেওঁক বিশ্বৰ সবাতোকৈ শক্তিশালী ৫০ জন লোকৰ এজন বুলিও কৈছিল।







বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে আজি এক অতি বিশেষ দিন। মৰমৰ কিংখানৰ আজি ৬০ বছৰীয়া জন্মদিন যি সময়ত শ্বাহৰুখৰ অনুৰাগীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছাৰে উপচাই তুলিছে, সেই সময়তে আজি পুৱা শ্বাহৰুখ খানে নিজৰ অনুৰাগীকো উপহাৰ দিছে।



ইতিমধ্য কিং ছবিখনৰ ফাৰ্ষ্ট লুক আৰু টাইটেল প্ৰকাশ পাইছে। ১ মিনিট ১১ ছেকেণ্ডৰ এই ভিডিঅ’টোত শ্বাহৰুখ খানক দেখা গৈছে সম্পূৰ্ণ একচন মোডত। সঁচাকৈয়ে ৬০ বছৰ বয়সতো ছুপাৰষ্টাৰগৰাকীৰ কোনো তুলনা নাই, আৰু পৰ্দাত তেওঁৰ পৰা চকু আঁতৰাব নোৱাৰিব।


অপেক্ষাৰ মাজত মাত্ৰ কেইমাহমান বাকী। বৰ্তমান শ্বাহৰুখে কন্যা চুহানা খানৰ সৈতে এই ছবিখনৰ শ্বুটিং কৰি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা