--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তানে অতি গোপনে ঢাকাত থকা নিজৰ উচ্চায়োগত দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা কোষ স্থাপন কৰে।

ডিজিটেল ডেস্ক : মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰখনে দেশখনৰ ভূমিক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া পৰিলক্ষিত হৈছে। 


শেহতীয়াকৈ পোৱা এটা বাতৰি মতে, পাকিস্তানে অতি গোপনে ঢাকাত থকা নিজৰ উচ্চায়োগত দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা কোষ স্থাপন কৰে। 


উল্লেখযোগ্য যে বাংলাদেশে পাকিস্তানৰ সৈতে প্রতিৰক্ষা আৰু চোৰাংচোৱা সহযোগিতা বৃদ্ধি কৰিছে। এই বিষয়টোক লৈ ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। ঢাকাত আই এছ আইৰ এই ঘাটি স্থাপন কৰা হয় পাকিস্তানৰ জইন্ট চীফ অব্ ষ্টাফ কমিটীৰ মুৰব্বী জেনেৰেল সাহিৰ ছমছাদ মির্জাই বাংলাদেশ ভ্রমণ কৰাৰ সময়ত।


উল্লেখযোগ্য যে জেনেৰেল মির্জাই আই এছ আই, পাকিস্তানী সেনাৰ তিনিওটা বাহিনীৰ বিষয়াসকলৰ এটা প্রতিনিধি দলক নেতৃত্ব দিছিল। প্রতিনিধি দলটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা চোৰাংচোৱা সংস্থা (এন এছ আই) আৰু সেনাৰ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে কেইবালানি আলোচনা কৰে। এটা বাতৰিত দাবী কৰা মতে, দুয়োখন দেশে বংগোপসাগৰ আৰু ভাৰতৰ পূব তথা উত্তৰ-পূবৰ আকাশত চকু ৰখাৰ বাবে এক যুটীয়া চোৰাংচোৱা নেটৱৰ্ক গঠনত সন্মতি জনাইছে। ইয়াৰ অধীনত বাংলাদেশে ঢাকাত থকা পাকিস্তানৰ উচ্চায়োগত দেশখনৰ কেইবাজনো চোৰাংচোৱাক নিযুক্তি দিয়াত সম্মতি জনাইছে। ইয়াৰ বিনিময়ত বাংলাদেশে পাকিস্তানৰ পৰা সামৰিক আৰু কাৰিকৰী সাহায্য লাভ কৰিব। ইয়াৰ ভিতৰত দুয়োখন দেশৰ যুটীয়া সামৰিক অনুশীলনো আছে। 


ইফালে বাংলাদেশে পাকিস্তানৰ সৈতে প্ৰতিৰক্ষা চুক্তিতো স্বাক্ষৰ কৰিব। এই চুক্তিত বাংলাদেশৰ এটা প্রতিনিধি দলে পাকিস্তান ভ্ৰমণৰ সময়ত স্বাক্ষৰ কৰিব। ইয়াৰ অধীনত বাংলাদেশে পাকিস্তানৰ পৰা জে এফ-১৭থাণ্ডাৰ যুঁজাৰী বিমান আৰু ফতেহ শৃংখলাৰ ৰকেট প্রণালী ক্ৰয় কৰিব। ইফালে ঢাকাত আই এছ আইৰ কোষ স্থাপন কৰাক লৈ ভাৰতীয় নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহ উদ্বিগ্ন হৈ পৰিছে। দুয়োখন দেশৰ মাজত চোৰাংচোৱা সহযোগিতাৰ বুজা-বুজিৰ চুক্তিয়ে বংগোপসাগৰত কৌশলগত দিশত পাকিস্তানৰ উপস্থিতি শক্তিশালী কৰিব আৰু ভাৰতৰ সামুদ্রিক তথা বায়ু সেনাৰ কাম-কাজৰ তথ্য পাকিস্তানে লাভ কৰিব পাৰে। ইয়াৰ লগতে আই এছ আইৰ উত্তৰ-পূৰ্বাঞ্চলত অশান্তি সৃষ্টি কৰাৰ ষড়যন্ত্রতো সহায় কৰিব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ