--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তানে অতি গোপনে ঢাকাত থকা নিজৰ উচ্চায়োগত দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা কোষ স্থাপন কৰে।

ডিজিটেল ডেস্ক : মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰখনে দেশখনৰ ভূমিক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া পৰিলক্ষিত হৈছে। 


শেহতীয়াকৈ পোৱা এটা বাতৰি মতে, পাকিস্তানে অতি গোপনে ঢাকাত থকা নিজৰ উচ্চায়োগত দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা কোষ স্থাপন কৰে। 


উল্লেখযোগ্য যে বাংলাদেশে পাকিস্তানৰ সৈতে প্রতিৰক্ষা আৰু চোৰাংচোৱা সহযোগিতা বৃদ্ধি কৰিছে। এই বিষয়টোক লৈ ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। ঢাকাত আই এছ আইৰ এই ঘাটি স্থাপন কৰা হয় পাকিস্তানৰ জইন্ট চীফ অব্ ষ্টাফ কমিটীৰ মুৰব্বী জেনেৰেল সাহিৰ ছমছাদ মির্জাই বাংলাদেশ ভ্রমণ কৰাৰ সময়ত।


উল্লেখযোগ্য যে জেনেৰেল মির্জাই আই এছ আই, পাকিস্তানী সেনাৰ তিনিওটা বাহিনীৰ বিষয়াসকলৰ এটা প্রতিনিধি দলক নেতৃত্ব দিছিল। প্রতিনিধি দলটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা চোৰাংচোৱা সংস্থা (এন এছ আই) আৰু সেনাৰ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে কেইবালানি আলোচনা কৰে। এটা বাতৰিত দাবী কৰা মতে, দুয়োখন দেশে বংগোপসাগৰ আৰু ভাৰতৰ পূব তথা উত্তৰ-পূবৰ আকাশত চকু ৰখাৰ বাবে এক যুটীয়া চোৰাংচোৱা নেটৱৰ্ক গঠনত সন্মতি জনাইছে। ইয়াৰ অধীনত বাংলাদেশে ঢাকাত থকা পাকিস্তানৰ উচ্চায়োগত দেশখনৰ কেইবাজনো চোৰাংচোৱাক নিযুক্তি দিয়াত সম্মতি জনাইছে। ইয়াৰ বিনিময়ত বাংলাদেশে পাকিস্তানৰ পৰা সামৰিক আৰু কাৰিকৰী সাহায্য লাভ কৰিব। ইয়াৰ ভিতৰত দুয়োখন দেশৰ যুটীয়া সামৰিক অনুশীলনো আছে। 


ইফালে বাংলাদেশে পাকিস্তানৰ সৈতে প্ৰতিৰক্ষা চুক্তিতো স্বাক্ষৰ কৰিব। এই চুক্তিত বাংলাদেশৰ এটা প্রতিনিধি দলে পাকিস্তান ভ্ৰমণৰ সময়ত স্বাক্ষৰ কৰিব। ইয়াৰ অধীনত বাংলাদেশে পাকিস্তানৰ পৰা জে এফ-১৭থাণ্ডাৰ যুঁজাৰী বিমান আৰু ফতেহ শৃংখলাৰ ৰকেট প্রণালী ক্ৰয় কৰিব। ইফালে ঢাকাত আই এছ আইৰ কোষ স্থাপন কৰাক লৈ ভাৰতীয় নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহ উদ্বিগ্ন হৈ পৰিছে। দুয়োখন দেশৰ মাজত চোৰাংচোৱা সহযোগিতাৰ বুজা-বুজিৰ চুক্তিয়ে বংগোপসাগৰত কৌশলগত দিশত পাকিস্তানৰ উপস্থিতি শক্তিশালী কৰিব আৰু ভাৰতৰ সামুদ্রিক তথা বায়ু সেনাৰ কাম-কাজৰ তথ্য পাকিস্তানে লাভ কৰিব পাৰে। ইয়াৰ লগতে আই এছ আইৰ উত্তৰ-পূৰ্বাঞ্চলত অশান্তি সৃষ্টি কৰাৰ ষড়যন্ত্রতো সহায় কৰিব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু