--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • যুৱতীগৰাকী নগাঁৱৰ কঠীয়াতলীৰ অঞ্জু দাসৰ কন্যা চিমু দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে উজলাই তোলা এইগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সকলোৰে অন্তৰ চুই যাব।

ডিজিটেল ডেস্ক : সীমাৰ পৰিধি ভাঙি ক্রীড়া ক্ষেত্রত পুনৰ জিলিকিল এইগৰাকী অসম কন্যা। এইবাৰ এগৰাকী দৃষ্টিহীন যুৱতীয়ে এই সফলতা কঢ়িয়াই আনি চমক সৃষ্টি কৰাৰ লগতে ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ দলটোক প্রশংসাৰে উপচাই পেলাইছে। 


জানিব পৰা মতে, যুৱতীগৰাকী নগাঁৱৰ কঠীয়াতলীৰ অঞ্জু দাসৰ কন্যা চিমু দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে উজলাই তোলা এইগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সকলোৰে অন্তৰ চুই যাব। 


শৈশৱ কালতেই পিতৃহাৰা চিমু দাস আৰু তেওঁৰ আনভাৱে সক্ষম ভাতৃক কঠোৰ শ্ৰম কৰি মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল। ইয়াৰ মাজতে এটা স্বেচ্ছাসেৱী অনুষ্ঠান আগবাঢ়ি আহি চিমুৰ পঢ়া শুনাৰ দায়িত্ব লয় আৰু চিমুৱে গুৱাহাটীৰ খানাপাৰাস্থিত মন্টফৰ্ট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ সমান্তৰালকৈ ক্ৰিকেটৰ অনুশীলন চলোৱা চিমুয়ে ভাৰতীয় দৃষ্টিহীন ক্রিকেট দলত অন্তর্ভুক্ত হয় আৰু শেহতীয়াকৈ শ্রীলংকাৰ কলম্বোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টি-২০ বিশ্বকাপ ক্রিকেট ২০২৫ত ভাৰতীয় দলৰ হৈ প্রতিনিধিত্ব কৰি চমক সৃষ্টি কৰে। 


তাৎপৰ্যপূৰ্ণ বিষয় যে, তেওঁৰ মাতৃ অঞ্জু দাসে এতিয়াও হাজিৰা কৰি বিশেষভাৱে সক্ষম চিমুৰ ভাতৃৰ লগতে চিমুৰ এই যাত্রাত সহযোগিতা আগবঢ়াই আহিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অত্যন্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত চিমুৱে এই সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। ইফালে ক্রীড়া মন্ত্রী নন্দিতা গার্লোচাই কালি সামাজিক মাধ্যমযোগে অসম কন্যা চিমুক অভিনন্দন জ্ঞাপন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ