--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • যুৱতীগৰাকী নগাঁৱৰ কঠীয়াতলীৰ অঞ্জু দাসৰ কন্যা চিমু দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে উজলাই তোলা এইগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সকলোৰে অন্তৰ চুই যাব।

ডিজিটেল ডেস্ক : সীমাৰ পৰিধি ভাঙি ক্রীড়া ক্ষেত্রত পুনৰ জিলিকিল এইগৰাকী অসম কন্যা। এইবাৰ এগৰাকী দৃষ্টিহীন যুৱতীয়ে এই সফলতা কঢ়িয়াই আনি চমক সৃষ্টি কৰাৰ লগতে ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ দলটোক প্রশংসাৰে উপচাই পেলাইছে। 


জানিব পৰা মতে, যুৱতীগৰাকী নগাঁৱৰ কঠীয়াতলীৰ অঞ্জু দাসৰ কন্যা চিমু দাস। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে উজলাই তোলা এইগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে সকলোৰে অন্তৰ চুই যাব। 


শৈশৱ কালতেই পিতৃহাৰা চিমু দাস আৰু তেওঁৰ আনভাৱে সক্ষম ভাতৃক কঠোৰ শ্ৰম কৰি মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল। ইয়াৰ মাজতে এটা স্বেচ্ছাসেৱী অনুষ্ঠান আগবাঢ়ি আহি চিমুৰ পঢ়া শুনাৰ দায়িত্ব লয় আৰু চিমুৱে গুৱাহাটীৰ খানাপাৰাস্থিত মন্টফৰ্ট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ সমান্তৰালকৈ ক্ৰিকেটৰ অনুশীলন চলোৱা চিমুয়ে ভাৰতীয় দৃষ্টিহীন ক্রিকেট দলত অন্তর্ভুক্ত হয় আৰু শেহতীয়াকৈ শ্রীলংকাৰ কলম্বোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত টি-২০ বিশ্বকাপ ক্রিকেট ২০২৫ত ভাৰতীয় দলৰ হৈ প্রতিনিধিত্ব কৰি চমক সৃষ্টি কৰে। 


তাৎপৰ্যপূৰ্ণ বিষয় যে, তেওঁৰ মাতৃ অঞ্জু দাসে এতিয়াও হাজিৰা কৰি বিশেষভাৱে সক্ষম চিমুৰ ভাতৃৰ লগতে চিমুৰ এই যাত্রাত সহযোগিতা আগবঢ়াই আহিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অত্যন্ত পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত চিমুৱে এই সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। ইফালে ক্রীড়া মন্ত্রী নন্দিতা গার্লোচাই কালি সামাজিক মাধ্যমযোগে অসম কন্যা চিমুক অভিনন্দন জ্ঞাপন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু