--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ৪ টাকৈ গ্ৰাউণ্ডত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য উল্লেখ অভিযোগনামাত । মৌখিক সাক্ষ্য প্ৰমাণ,ডিজিটেল তথ্য,মেডিকেল ৰিপোৰ্ট আৰু অৰ্থনৈতিক তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ ৭ অভিযুক্তক ।

ডিজিটেল ডেস্ক : ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৮৪ দিনৰ পিছত ১২ ডিচেম্বৰ শুকুৰবাৰে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰে অসম আৰক্ষীৰ চি আই ডিৰ বিশেষ তদন্তকাৰী দলে ।


বহু প্ৰতীক্ষিত এই অভিযোগনামা কি কি তথ্য আছে আপুনি জানানে ? 


৪ টাকৈ গ্ৰাউণ্ডত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য উল্লেখ অভিযোগনামাত । মৌখিক সাক্ষ্য প্ৰমাণ,ডিজিটেল তথ্য,মেডিকেল ৰিপোৰ্ট আৰু অৰ্থনৈতিক তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ ৭ অভিযুক্তক ।



মৌখিক সাক্ষ্যত আছে ৩৯৭ গৰাকী ব্যক্তিয়ে দিয়া ভাষ্য । জুবিনক কেনেকৈ ব্যৱহাৰ কৰিছিল অভিযুক্তসকলে তাৰ সাক্ষ্য সন্নিবিষ্ট অভিযোগনামাত । ডিজিটেল তথ্যত অভিযোগনামাত সংলগ্ন কৰিছে মোবাইল ফোন,লেপটপ, চিচিটিভি ভিজুৱেলছ আৰু WHATSAPP মেজেছ । মেডিকেল ৰিপোৰ্টত উল্লেখ কৰিছে জুবিনৰ স্বাস্থ্যজনীত পূৰ্বৰ বহু ৰিপোৰ্ট । পূৰ্বে চিকিৎসাধীন হোৱা নেমকেয়াৰ হাস্পাতাল আৰু মুম্বাইৰ চিকিৎসালয়ৰ প্ৰতিবেদন সন্নিবিষ্ট অভিযোগনামাত ।



লগতে জুবিন মৃত্যুৰ অসম আৰু চিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন, ভিচেৰা ৰিপোৰ্ট 

অৰ্থনৈতিক দিশটোত জুবিনৰ নিজা প্ৰডাকচনৰ একাউণ্টছ, ৰয়েলিটি,বিভিন্ন অনুষ্ঠানৰ লগত কৰা মাননীৰ চুক্তিপত্ৰ,ষ্টুডিয়ৰ তথ্য সংলগ্ন অভিযোগনামাত ।

সেই তথ্য সমলক আধাৰ হিচাবে লৈ SITয়ে কৰিছিল জুবিন মৃত্যুৰ তদন্ত ।



তদন্তত পোৱা তথ্যসমূহকে ভিত্তি হিচাপে লৈ ৭ অভিযুক্তৰ বিৰুদ্ধে SIT য়ে দাখিল কৰিলে অভিযোগনামা । আনহাতে অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈছে সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী । প্ৰতিটো বিহু অনুষ্ঠানৰ সৈতে জুবিনৰ হৈ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই । ১০ - ১২ লাখ পৰ্যন্ত হৈছিল জুবিনৰ অনুষ্ঠানৰ চুক্তি, তাৰে ৭ লাক্ষাধিক ধনহে দিয়া হৈছিল জুবিন গাৰ্গক বাকী ধনৰাশি নিজেই হৰলুকী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই । ইফালে জুবিনক দিয়া ৭ লাক্ষাধিক টকাৰ পৰাও ১৫% কমিচন লৈছিল সিদ্ধাৰ্থই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন