--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ বৃহত্তম মহানগৰ নিউয়ৰ্কত শুকুৰবাৰে গোটেই নিশাৰ ভিতৰত ১০ ইঞ্চি পর্যন্ত বৰফ জমা হয়।

ডিজিটেল ডেস্ক : আমেৰিকাত বৰদিনৰ আনন্দ-উলাহৰ মাজতে প্রচণ্ড শীতে কঁপাই তুলিছে মার্কিন নাগৰিকক। শুকুৰবাৰে দেশখনৰ মধ্য পশ্চিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰত প্ৰচণ্ড শীত আৰু প্ৰবল তুষাৰপাতৰ পূৰ্বানুমান কৰাৰ বাবে দেশখনত প্রায় ১০০০ বিমানৰ উৰণ বাতিল কৰা হয়। 


আমেৰিকাৰ বৃহত্তম মহানগৰ নিউয়ৰ্কত শুকুৰবাৰে গোটেই নিশাৰ ভিতৰত ১০ ইঞ্চি পর্যন্ত বৰফ জমা হয়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে পূর্বানুমান কৰা মতে, অহা সপ্তাহলৈকে নিউয়র্কত প্রবল তুষাৰপাত অব্যাহত থাকিব। শুকুৰবাৰে আমেৰিকাত ১১৯১খন বিমানৰ উৰণ বাতিল কৰা হয় আৰু ৩৯৭৫খন বিমান পলমকৈ উৰা মাৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। 


আনহাতে, শনিবাৰে শীতকালীন ধুমুহা দেশখনৰ উত্তৰ-পূব দিশলৈ গতি কৰিছে। অহা সপ্তাহত আমেৰিকাত বিভিন্ন অংশত প্রচণ্ড শীতে কঁপাই তুলিব বুলি বতৰ বিজ্ঞান সেৱাই পূর্বানুমান কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ