--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পাকিস্তানৰ ব্যুৰো অৱ ইমিগ্ৰেচন এণ্ড অভাৰচিজ এম্প্লয়মেণ্টৰ এক প্ৰতিবেদন অনুসৰি বিগত দুবছৰত দেশখনে হাজাৰ হাজাৰ উচ্চ শিক্ষিত পেছাদাৰী লোকক হেৰুৱাইছে।

ডিজিটেল ডেস্ক : বৰ্তমান পাকিস্তানে ইতিহাসৰ আটাইতকৈ ভয়াৱহ প্ৰতিভাৰ পলায়নৰ সন্মুখীন হৈছে। অৰ্থনৈতিক দুৰ্দশা, ৰাজনৈতিক অনিশ্চয়তা, পেছাদাৰী সুযোগৰ অভাৱে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে দেশৰ অতি শিক্ষিত ব্যক্তিসকলকো আঁতৰি যাবলৈ বাধ্য কৰাইছে। শেহতীয়া চৰকাৰী তথ্যই এই সংকটৰ প্ৰকৃত পৰিসৰ উন্মোচন কৰিছে।


পাকিস্তানৰ ব্যুৰো অৱ ইমিগ্ৰেচন এণ্ড অভাৰচিজ এম্প্লয়মেণ্টৰ এক প্ৰতিবেদন অনুসৰি বিগত দুবছৰত দেশখনে হাজাৰ হাজাৰ উচ্চ শিক্ষিত পেছাদাৰী লোকক হেৰুৱাইছে। এই সময়ছোৱাত প্ৰায় ৫,০০০ চিকিৎসক, ১১,০০০ অভিযন্তা, আৰু ১৩,০০০ একাউণ্টেণ্টে পাকিস্তান এৰি গৈছে। এনে সময়তে দেশৰ শাসক আৰু সামৰিক নেতৃত্বই পৰিস্থিতিক স্বাভাৱিক ৰূপত চিত্ৰিত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।



প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪ চনত ৭ লাখতকৈ অধিক পাকিস্তানে বিদেশত চাকৰিৰ বাবে পঞ্জীয়ন কৰিছিল।২০২৫ চনৰ নৱেম্বৰ মাহলৈকে এই সংখ্যা প্ৰায় ৭ লাখত উপনীত হয়। চিন্তনীয় কথাটো হ’ল এই প্ৰব্ৰজন এতিয়া কেৱল শ্ৰমিক শ্ৰেণীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। চিকিৎসক, অভিযন্তা, একাউণ্টেণ্ট, গৱেষকসকলেও দ্ৰুতগতিত দেশ এৰি গৈছে।


স্বাস্থ্য খণ্ডৰ আটাইতকৈ বেছি আক্ৰান্ত


এই প্ৰতিভা পলায়নে পাকিস্তানৰ স্বাস্থ্য খণ্ডত আটাইতকৈ গভীৰ প্ৰভাৱ পেলাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত দশকত নাৰ্ছ আৰু চিকিৎসা কৰ্মচাৰীৰ পলায়ন হাজাৰ হাজাৰ শতাংশ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে এই ধাৰা অব্যাহত থাকিলে অনাগত বছৰবোৰত পাকিস্তানে চিকিৎসকৰ ভয়াৱহ অভাৱ আৰু স্বাস্থ্যসেৱা হ্ৰাসৰ সন্মুখীন হ’ব লাগিব।


বিমানবন্দৰৰ কঠোৰতাৰ পিছতো বন্ধ হোৱা নাই পলায়ন


দ্ৰুতগতিত অৱনতি ঘটা ভাবমূৰ্তি আৰু আন্তঃৰাষ্ট্ৰীয় চাপৰ মাজতে শ্বাহবাজ শ্বৰীফ চৰকাৰে বিমানবন্দৰত কঠোৰতা বৃদ্ধি কৰিছে। কেৱল ২০২৫ চনত অসম্পূৰ্ণ নথি-পত্ৰ, অবৈধ অনুপ্ৰৱেশ বা অন্যান্য অভিযোগৰ বাবে হাজাৰ হাজাৰ যাত্ৰীক অফলোড কৰা হৈছিল। ইয়াৰ পিছতো দেশ এৰি যাব বিচৰা লোকৰ সংখ্যা কমি যোৱা নাই, ইয়াৰ দ্বাৰা স্পষ্টভাৱে গভীৰ শিপাই থকা সমস্যাৰ ইংগিত পোৱা গৈছে।



এই সমগ্ৰ সংকটৰ মাজতে পুনৰ ছচিয়েল মিডিয়াত উন্মোচিত হৈছে সেনা প্ৰধান অসীম মুনিৰৰ এটা পুৰণি বক্তব্য। আমেৰিকাত থকা পাকিস্তানী প্ৰবাসীসকলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ ব্ৰেইন ড্ৰেইনক ব্ৰেইন গেইন বুলি অভিহিত কৰিছিল। এতিয়া পৰিসংখ্যাই চিকিৎসক আৰু অভিযন্তাৰ বৃহৎ পৰিসৰৰ পলায়নৰ কথা প্ৰকাশ কৰাৰ লগে লগে তেওঁৰ বক্তব্যই ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ