--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছিংগাপুৰ আৰক্ষীয়ে এই মাহৰ আগভাগত জনাইছিল যে গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও তদন্ত কৰি থকা হৈছে তথা ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত উক্ত ঘটনাৰ কৰ'নাৰ তদন্ত হ'ব।

ডিজিটেল ডেস্ক: ভাৰতৰ জনপ্রিয় গায়ক-গীতিকাৰ-সংগীতজ্ঞ, অসমৰ হার্টথ্রব জুবিন গাৰ্গৰ কৰ'নাৰ (আওমৰণ অন্বেষক) তদন্ত ১৪ জানুৱাৰীত ছিংগাপুৰত আৰম্ভ হ'ব। ন্যায়ালয়ৰ ৰেকৰ্ডৰ পৰা এই কথা জানিব পৰা গৈছে।


সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় ন্যায়ালয়সমূহত (ষ্টেট ক'র্ট) শুনানি গ্রহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত ৰাষ্ট্ৰীয় ন্যায়ালয় জিলা আৰু দণ্ডাধীশ আদালতেৰে গঠিত। উচ্চতম ন্যায়ালয়ৰ আওতাত নপৰা দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ এই ন্যায়ালয়ে নিষ্পত্তি কৰে। ইয়াৰ আগতে আৰক্ষীয়ে কৈছিল যে তেওঁলোকে তদন্তত পোৱা সাক্ষ্য-প্রমাণ তথ্যসমূহ গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ৰাষ্ট্ৰীয় কৰ'নাৰ আডম নাখোডাক প্রদান কৰিব।


উল্লেখযোগ্য যে এক সাংস্কৃতিক উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া দিনটোৰ আগদিনা, ১৯ ছেপ্টেম্বৰত ৫২ বছৰীয়া গাৰ্গৰ মৃত্যু হৈছিল। ছিংগাপুৰৰ আৰক্ষীয়ে আগতে কৈছিল যে তেওঁলোকে সেই দিনা ছেইণ্ট জন্‌ছ দ্বীপৰ পৰা সহায়ৰ বাবে এটা ফ'নকল পাইছিল। গার্গক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হৈছিল।


ছিংগাপুৰ আৰক্ষীয়ে এই মাহৰ আগভাগত জনাইছিল যে গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও তদন্ত কৰি থকা হৈছে তথা ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত উক্ত ঘটনাৰ কৰ'নাৰ তদন্ত হ'ব। তেতিয়ালৈকে কৰা তদন্তৰ ভিত্তিত আৰক্ষীয়ে আৰু কৈছিল যে গাৰ্গৰ মৃত্যুত কোনো 'ফাউল প্লে'ৰ (অপৰাধমূলক কার্য) তেওঁলোকে সন্দেহ কৰা নাই। ছিংগাপুৰ আৰক্ষীয়ে জনপ্রিয় সংগীতজ্ঞজনৰ মৃত্যুৰ বিষয়ে কোনো গুণা-গঁথা নকৰিবলৈ আহ্বান জনাইছিল।


কৰ'নাৰ তদন্ত হৈছে কিদৰে, কেতিয়া আৰু ক'ত এজন লোকৰ মৃত্যু হৈছিল সেই কথা প্রতিষ্ঠা কৰিবলৈ এজন কৰ'নাৰৰ (আওমৰণ অন্বেষক) নেতৃত্বত সত্য উদঘাটনৰ (ফেক্ট চেক) প্ৰক্ৰিয়া। কৰ'নাৰ হৈছে এজন ন্যায়িক বিষয়া। কৰ'নাৰৰ তদন্ত সাধাৰণতে এখন মুকলি আদালতত হয়। তেনে এক তদন্ত এদিনতে সমাপ্ত হ'ব পাৰে নাইবা কেইবাদিনো লাগিব পাৰে। তদন্তৰ শেষত কৰ'নাৰে মৃত্যুৰ পৰিস্থিতি সম্পৰ্কত সিদ্ধান্ত দিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু