--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছিংগাপুৰ আৰক্ষীয়ে এই মাহৰ আগভাগত জনাইছিল যে গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও তদন্ত কৰি থকা হৈছে তথা ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত উক্ত ঘটনাৰ কৰ'নাৰ তদন্ত হ'ব।

ডিজিটেল ডেস্ক: ভাৰতৰ জনপ্রিয় গায়ক-গীতিকাৰ-সংগীতজ্ঞ, অসমৰ হার্টথ্রব জুবিন গাৰ্গৰ কৰ'নাৰ (আওমৰণ অন্বেষক) তদন্ত ১৪ জানুৱাৰীত ছিংগাপুৰত আৰম্ভ হ'ব। ন্যায়ালয়ৰ ৰেকৰ্ডৰ পৰা এই কথা জানিব পৰা গৈছে।


সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় ন্যায়ালয়সমূহত (ষ্টেট ক'র্ট) শুনানি গ্রহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত ৰাষ্ট্ৰীয় ন্যায়ালয় জিলা আৰু দণ্ডাধীশ আদালতেৰে গঠিত। উচ্চতম ন্যায়ালয়ৰ আওতাত নপৰা দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ এই ন্যায়ালয়ে নিষ্পত্তি কৰে। ইয়াৰ আগতে আৰক্ষীয়ে কৈছিল যে তেওঁলোকে তদন্তত পোৱা সাক্ষ্য-প্রমাণ তথ্যসমূহ গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ৰাষ্ট্ৰীয় কৰ'নাৰ আডম নাখোডাক প্রদান কৰিব।


উল্লেখযোগ্য যে এক সাংস্কৃতিক উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া দিনটোৰ আগদিনা, ১৯ ছেপ্টেম্বৰত ৫২ বছৰীয়া গাৰ্গৰ মৃত্যু হৈছিল। ছিংগাপুৰৰ আৰক্ষীয়ে আগতে কৈছিল যে তেওঁলোকে সেই দিনা ছেইণ্ট জন্‌ছ দ্বীপৰ পৰা সহায়ৰ বাবে এটা ফ'নকল পাইছিল। গার্গক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হৈছিল।


ছিংগাপুৰ আৰক্ষীয়ে এই মাহৰ আগভাগত জনাইছিল যে গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও তদন্ত কৰি থকা হৈছে তথা ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত উক্ত ঘটনাৰ কৰ'নাৰ তদন্ত হ'ব। তেতিয়ালৈকে কৰা তদন্তৰ ভিত্তিত আৰক্ষীয়ে আৰু কৈছিল যে গাৰ্গৰ মৃত্যুত কোনো 'ফাউল প্লে'ৰ (অপৰাধমূলক কার্য) তেওঁলোকে সন্দেহ কৰা নাই। ছিংগাপুৰ আৰক্ষীয়ে জনপ্রিয় সংগীতজ্ঞজনৰ মৃত্যুৰ বিষয়ে কোনো গুণা-গঁথা নকৰিবলৈ আহ্বান জনাইছিল।


কৰ'নাৰ তদন্ত হৈছে কিদৰে, কেতিয়া আৰু ক'ত এজন লোকৰ মৃত্যু হৈছিল সেই কথা প্রতিষ্ঠা কৰিবলৈ এজন কৰ'নাৰৰ (আওমৰণ অন্বেষক) নেতৃত্বত সত্য উদঘাটনৰ (ফেক্ট চেক) প্ৰক্ৰিয়া। কৰ'নাৰ হৈছে এজন ন্যায়িক বিষয়া। কৰ'নাৰৰ তদন্ত সাধাৰণতে এখন মুকলি আদালতত হয়। তেনে এক তদন্ত এদিনতে সমাপ্ত হ'ব পাৰে নাইবা কেইবাদিনো লাগিব পাৰে। তদন্তৰ শেষত কৰ'নাৰে মৃত্যুৰ পৰিস্থিতি সম্পৰ্কত সিদ্ধান্ত দিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ