--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাৰিষা অহাৰ লগে লগে এই পথছোৱা পুনৰ বিধ্বস্ত হৈ পৰাৰ লগতে দুর্ঘটনা বৃদ্ধি পোৱাৰ আশংকা প্রকাশ কৰিছে স্থানীয় লোকে।

ডিজিটেল ডেস্ক : মৰণফান্দলৈ পর্যবসিত হৈছে লামডিং-শিলচৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ। বিশেষকৈ লামডিঙৰ পৰা মাইবঙলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা বিধ্বস্ত হৈ পৰিছে। দীর্ঘ দুই দশক ধৰি শিলচৰৰ পৰা লামডিঙলৈকে ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ কাম চলি আছে যদিও এতিয়ালৈকে নির্মাণ সম্পূৰ্ণ নহ'ল।


এই ৰাষ্ট্ৰীয় ঘাইপথৰ মাইবঙৰ ওচৰতে থকা ১.৮ কিলোমিটাৰ দৈৰ্ঘৰ টানেলৰ ভিতৰত এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। পথছোৱাৰ অন্যতম আকর্ষণ এই টানেলৰ বিভিন্ন অংশ ভাঙি বিধ্বস্ত হৈ পৰি আছে। ইয়াৰ পিছতো পথছোৱা মেৰামতি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই। 


পথছোৱাৰে গাড়ী চলোৱা এজন ট্রাকচালকে সংবাদমাধ্যমৰ আগত কয় যে বিগত ১৬ বছৰ ধৰি এই পথত তেওঁ ট্রাক চলাই আহিছে। কিন্তু আজিলৈকে লামডিঙৰ পৰা বান্দৰখাললৈকে পথ নিৰ্মাণৰ কাম ৬০ শতাংশও সম্পূর্ণ হোৱা নাই। এই পথৰ আকৰ্ষণ টানেলৰ অৱস্থা বিধ্বস্তপ্রায়। টানেলৰ ভিতৰত থকা লাইট বোৰ নজলাৰ বিপৰীতে টানেলৰ ভিতৰত পুখুৰী-সদৃশ গাঁতৰ সৃষ্টি হৈছে। চালকগৰাকীয়ে লগতে কয় যে তেওঁ গুৱাহাটীৰ পৰা হাফলং-শিলচৰ-আগৰতলালৈকে এই পথেৰে ট্রাক চলাই আহিছে। বিগত ১৫টা বছৰে জাতিংগাৰ পৰা বান্দৰখাললৈ পথছোৱা বিধ্বস্ত অৱস্থাতে আছে। লামডিঙৰ ওচৰত মান্দাৰডিছাত এখন টোল গে'ট স্থাপন কৰি চৰকাৰে কৰ আদায় কৰি আছে ঠিকেই, কিন্তু পথছোৱাহে আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই। যাৰ ফলত অতি বিপদসংকুলভাৱে চালকসকলে এই পথেৰে বাহন চলাবলগীয়া হৈছে। 


উল্লেখযোগ্য যে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ টানেলৰ ভিতৰত পথছোৱা মেৰামতিৰ বাবে ডি চি আজমেৰা নামৰ নিৰ্মাণ সংস্থাক দায়িত্ব দিয়া হৈছিল যদিও ২০২৪ চনৰ পৰা কাম লাভ কৰা পর্যন্ত পথছোৱাত কোম্পানীটোৱে কাম কৰা পৰিলক্ষিত হোৱা নাই। উক্ত কোম্পানীটোৱে গুৱাহাটীৰ আন এক নির্মাণ সংস্থাক এই কামৰ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে। কিছুদিন পূর্বে এই পথছোৱাত নিৰ্মাণৰত অৱস্থাত এখন দলং ভাঙি পৰিছিল। 


আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনত দায়িত্বভাৰ লৈয়েই এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত আন ব্যৱস্থা গ্রহণ কৰি হ'লেও নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু আজিলৈকে প্রতিশ্রুতি ৰক্ষা কৰিবলৈ সমৰ্থ নহ'ল। বাৰিষা অহাৰ লগে লগে এই পথছোৱা পুনৰ বিধ্বস্ত হৈ পৰাৰ লগতে দুর্ঘটনা বৃদ্ধি পোৱাৰ আশংকা প্রকাশ কৰিছে স্থানীয় লোকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement