--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কোনো অচিনাকি দুৰ্বৃত্তৰ দলে নিশা হ’লেই ঘৰৰ দৰ্জা-খিৰিকীত প্ৰচণ্ড গোৰ মৰাৰ লগতে ভাঙি পেলাইছে খিৰিকীৰ কাঠ।

ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটাত নিশা হ’লেই আতংক। অচিনাকি দুৰ্বৃত্তৰ উপদ্ৰৱত বিতত এটা পৰিয়াল। নিশা হ’লেই ভয়ত কঁপি উঠে পৰিয়ালটো। 


বিগত ১১ দিন ধৰি শুব পৰা নাই পৰিয়ালটোৱে। কোনো অচিনাকি দুৰ্বৃত্তই চলাইছে চৰম উপদ্ৰৱ।


স্থানীয় গাঁওৰক্ষী বাহিনীৰ পহৰাৰ মাজতো অব্যাহত আছে দুৰ্বৃত্তৰ তাণ্ডৱ।


মাৰ্ঘেৰিটাৰ আলুবাৰীৰ অঞ্চলৰ এটা পৰিয়ালৰ চকুৰ টোপনি হৰিছে এক অজান ভয়ে। 


মহম্মদ মিছবা উদ্দিন আহমেদ নামৰ লোকজনৰ পৰিয়ালটোৰ বাবে নিশা মানেই এতিয়া এক বিভীষিকা।


​বিগত ১১ দিন ধৰি প্ৰতি নিশাই পৰিয়ালটোৰ ওপৰত চলাই অহা হৈছে এক আচৰিত ধৰণৰ মানসিক নিৰ্যাতন। 


কোনো অচিনাকি দুৰ্বৃত্তৰ দলে নিশা হ’লেই ঘৰৰ দৰ্জা-খিৰিকীত প্ৰচণ্ড গোৰ মৰাৰ লগতে ভাঙি পেলাইছে খিৰিকীৰ কাঠ।


ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীক অৱগত কৰিছে। আনকি গাঁওৰক্ষী বাহিনীয়েও নিশা পহৰা দিছে। বাহিৰত নানা সামগ্ৰী থাকিলেও একোতে হাত নিদিয়ে দুৰ্বৃত্তৰ দলটোৱে মাথোঁ ঘৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰে।


আশ্চৰ্যজনক কথাটো হ’ল, গাঁওৰক্ষী বাহিনী তথা স্থানীয় ৰাইজৰ পহৰাৰ মাজতো দুৰ্বৃত্তই চলাই যাবলৈ সক্ষম হৈছে উপদ্ৰৱ। 


চৰম নিৰাপত্তাহীনতাত ভোগা এই দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। 


কোনে আৰু কিয় এইদৰে এটা পৰিয়ালক লক্ষ্য কৰি লৈছে, তাক লৈ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ।


অতি সোনকালে এই দুৰ্বৃত্তক কৰায়ত্ত কৰি অঞ্চলটোত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম