--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে আমেৰিকাত বসবাস কৰা ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী কেডেনস হাজৰিকা আৰু তেওঁলোকৰ পুত্ৰ চে'জ আকাশ হাজৰিকা।

ডিজিটেল ডেস্ক : কিংবদন্তি গায়ক, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বিষয়ে নিৰ্মাণ কৰা 'ভূপেনদা আনকাট' নামৰ এখন তথ্যচিত্ৰৰ প্রিমিয়াৰ শ্ব' কালি বামুণীমৈদামৰ অনুৰাধা চিনেপ্লেক্সত অনুষ্ঠিত হৈ যায়। 


এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে আমেৰিকাত বসবাস কৰা ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী কেডেনস হাজৰিকা আৰু তেওঁলোকৰ পুত্ৰ চে'জ আকাশ হাজৰিকা। 


সকলোকে অনুৰাধা চিনেপ্লেক্সৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্রযোজক-পৰিচালক ববিতা শৰ্মাই আদৰণী ভাষণ দি উল্লেখ কৰে যে তথ্যচিত্ৰখনৰ ফুটেজ ভিনটেজ মানৰ আছিল কিয়নো এই তথ্যচিত্রখন ১৯৯৯ চনত ইংলেণ্ডত শ্বুটিং কৰা হৈছিল। 


প্ৰদৰ্শনীৰ পিছত ড° ভূপেন হাজৰিকাৰ ভাতৃ বিশিষ্ট গায়ক সমৰ হাজৰিকাই কয় যে তেওঁৰ অনুভৱ-যেন তথ্যচিত্রখনত ভূপেনদাক আকৌ জীৱন্ত ৰূপত দেখিবলৈ পাইছে। প্রিমিয়াৰ শ্ব'টোত অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট পৰিচালক মঞ্জু বৰা, সঞ্জীৱ সভাপণ্ডিত, অভিনেত্ৰী ৰুণু দেৱী, গায়ক লোকনাথ গোস্বামী, মালবিকা বৰা, প্রান্তিকৰ স্বত্বাধিকাৰী আৰু সম্পাদক প্রদীপ বৰুৱা, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, চলচ্চিত্র সমালোচক উৎপল দত্ত, ডি ৱাই ৩৬৫-ৰ স্বত্বাধিকাৰী দীপান্বিতা জয়ছোৱালৰ লগতে প্রাক্তন সাংস্কৃতিক মন্ত্রী শ্রীমতী হেমপ্রভা শইকীয়া, প্রাক্তন মন্ত্রী তথা সাংসদ প্রদ্যুৎ বৰদলৈ, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, এ পি চি চিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 


জনতাৰ শিল্পী ভূপেন হাজৰিকা ১৯৯৯ চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা অসম মেডিকেল ডক্টৰছ এলুমনাই ইউ কে গ্রুপে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। সেই সময়ত কেমেৰাৰ সন্মুখত ভূপেনদাই তেওঁৰ জীৱনবোধ, সৃষ্টিশীলতা সম্পর্কে অতি অকপটভাৱে কৈ যোৱা নিজস্ব বক্তব্যই হৈছে আমি দর্শকলৈ আগবঢ়াব খোজা তথ্যচিত্র 'ভূপেনদা আনকাট'। 


কবিতাৰ বহী হাতত লৈ ভূপেনদাই ৰচনা কৰা সমসাময়িক সমাজৰ ছবি ফুটি উঠা কেইবাটাও কবিতা আবৃত্তি কৰি শুনাইছিল যদিও তাৰে কিছুমান কবিতা এতিয়াও বোধ কৰো প্ৰকাশ হোৱা নাই। তথ্যচিত্ৰখনিৰ জৰিয়তে ভূপেনদাৰ তীব্র অনুভূতিপ্ৰৱণ মনটো, জীৱনৰ হতাশা, মনৰ দৃঢ়তাৰ লগতে তেওঁৰ শিশুসুলভ ব্যক্তিত্ব আৰু সৰলতা প্রকাশিত হৈছে। ২৬ বছৰৰ আগতে হাই-৮ কেমেৰাৰে এই তথ্যচিত্ৰখনিৰ শ্বটবোৰ লোৱা হৈছিল। তথ্যচিত্রখন ববিতা শৰ্মাই পৰিচালনা কৰিছে। কার্যবাহী প্রযোজক চিন্ময় শর্মা। সম্পাদক আৰু সৃষ্টিশীল পৰিচালক হৈছে ৰভিন্দ্ৰ বদগাইয়ান। কেমেৰা চিন্ময় শৰ্মাৰ। বৰ্ণনা জিমনী চৌধুৰীৰ।


উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ