--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সমগ্র জুবিন ক্ষেত্ৰখনৰ নির্মাণ কমিটী ইতিমধ্যে গঠন কৰা হৈছে আৰু সেই লোকসকলৰ তদাৰকৰ ভিত্তিত নিৰ্মাণৰ কাম সুন্দৰভাৱে চলি আছে।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন দুমাহ অতিক্রম হোৱাৰ পাছতো জুবিন ক্ষেত্ৰত আজিও শ শ অনুৰাগীৰ ভিৰ। এই অনুৰাগীসকলে মৰমৰ জুবিনলৈ বিভিন্ন ধৰণৰ উপহাৰ প্ৰদান কৰাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীলৈ ধনো প্রার্থনাস্থলীত প্রদান কৰে। 


ইপিনে এই সমগ্র জুবিন ক্ষেত্ৰখনৰ নির্মাণ কমিটী ইতিমধ্যে গঠন কৰা হৈছে আৰু সেই লোকসকলৰ তদাৰকৰ ভিত্তিত নিৰ্মাণৰ কাম সুন্দৰভাৱে চলি আছে। উল্লেখযোগ্য যে এই জুবিন ক্ষেত্ৰতে প্ৰাণৰ শিল্পীগৰাকীক ন ন নবীন-প্রবীণ কণ্ঠশিল্পীসকলেও আহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে তাত দিনে-নিশাই নিয়োজিত তথা চাফ- চিকুণকে ধৰি তদাৰক কৰি থকা ছগৰাকী পুৰুষ তথা মহিলাক বিশিষ্ট কণ্ঠশিল্পী মানস ৰবীনে নগদ ১০ হাজাৰ টকাকৈ সাহায্য প্রদান কৰিছিল ক্রমে প্রশান্ত বৰদলৈ, সীমা বণিয়া, দয়ালী দেউৰী, অজয় তালুকদাৰ, বিনিতা দাস আৰু ভৃগু কুমাৰ ঠাকুৰীয়াক। ইতিমধ্যে এইকেইজন কৰ্মীৰ উপৰি আন আন কর্মীসকলেও স্ব-ইচ্ছাই জুবিন ক্ষেত্রত দিনে-নিশাই কাম কৰি আছে যদিও তেওঁলোক এই সাহায্য পোৱাৰ পৰা বঞ্চিত হোৱা বুলি এক অভিযোগ তুলি বর্তমানৰ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক সমিতিয়ে এই সাহায্য পোৱা লোকসকলক দুর্ব্যৱহাৰ কৰা বুলি এক অভিযোগ তুলি গৰীমা শইকীয়া গাৰ্গক অৱগত কৰায়। 


ইতিমধ্যে এই সমগ্র ঘটনাটোক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হয়। এই ক্ষেত্রত কালি জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক কমিটীয়ে এই সমগ্র ঘটনাৰ বিৱৰণ দাঙি ধৰে। জানিব পৰা মতে এই সাহায্য পোৱা কৰ্মীসকলক দুর্ব্যৱহাৰ তথা ভয়-ভাবুকি প্রদান কৰাৰ অভিযোগ নস্যাৎ কৰি বিশিষ্ট কণ্ঠশিল্পী মানস ৰবীনে আন স্থানীয় মহিলাসকলেও পোৱা উচিত বুলিহে কৈছিল জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা তদাৰক কমিটীৰ সভাপতি দেবেন দাস, সম্পাদক অৰুণ টেৰং, টিলক চন্দ্ৰ দাস, নাৰায়ণ দাস, কৌশিক ৰংপি, দিলীপ গগৈয়ে। 


আনহাতে এই জুবিন ক্ষেত্রখন সকলোৰে বাবে মুকলি, ইয়াত সকলো জনগোষ্ঠীয়েই আহি প্ৰাণৰ শিল্পীগৰাকীৰ স্থলীখন পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাখিব পাৰে তাত কোনো ৰাজনীতি তথা এক ব্যক্তিকেন্দ্রিক স্বার্থ জড়িত থাকিব নোৱাৰে। উল্লেখ্য যে এই ছগৰাকীক কমিটীয়ে ভয়-ভাবুকি দি উলিয়াই দিয়াৰ যি ঘটনা সেই বাতৰিক সমিতিয়ে অসত্য তথা অসন্তুষ্টি প্রকাশ কৰিছে। 


ইপিনে সংবাদমেলত কমিটীয়ে আন এক অভিযোগ তুলি কয় যে পূৰ্বৰ দায়িত্ব লোৱা কেইগৰাকীমান নির্দিষ্ট ব্যক্তিয়ে জুবিন ক্ষেত্ৰৰ প্ৰাৰ্থনা কক্ষত প্ৰদান কৰা প্ৰণামীৰ দান-বৰঙনিৰ টকা হৰণলুকী কৰা বুলি সন্দেহ প্রকাশ কৰিছে। কিয়নো যোৱা ১৫ অক্টোবৰৰ পৰাহে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ-পৰিচ্ছন্ন তথা তদাৰক কমিটীয়ে প্ৰাণৰ শিল্পী জুবিনৰ সহধর্মিণীৰ পৰা অনুমোদন লৈ কমাৰকুছিৰ দুখন সমাজৰ লগত আলোচনা পাতি এখন কমিটী গঠন কৰিছিল। পাছত পুনৰ ২ নৱেম্বৰৰ দিনা এই কমিটীখন গঠন হোৱা বুলি অৱগত কৰিবলৈ যোৱা বুলি সংবাদ মাধ্যমত প্রকাশ কৰে। ইতিমধ্যে দায়িত্ব পালন কৰিয়ে এই কমিটীখনে যোৱা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ৪ লাখতকৈ অধিক বৰঙনি পোৱা গৈছিল জুবিন ক্ষেত্ৰৰ প্ৰাৰ্থনা কক্ষৰ পৰা। ইতিমধ্যে এই ধনখিনি ডিমৰীয়া সমজিলাৰ স্বাক্ষৰ ভিত্তিত প্রদান কৰে। 


উল্লেখ্য যে এই সমিতিয়ে প্রশ্ন উত্থাপিত কৰিছে যে পূৰ্বৰ ৪০ দিনত জমা দিছিল প্রায় ৪ লাখ টকা আৰু এতিয়া এই কমিটীয়ে দায়িত্ব লৈয়ে ১৯ দিনত ৪ লাখতকৈ অধিক টকা সংগ্ৰহ কৰে আৰু সমজিলাৰ প্ৰশাসনে এই টকা জমা ৰাখে বুলি জানিবলৈ দিয়ে। আনহাতে এই তদাৰক কমিটীয়ে কেৱল মাত্র জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰতহে তদাৰক কৰিছে আৰু ইয়াত যিসকল পুৰুষ-মহিলাই চাফ-চিকুণ কৰি আছে তেওঁলোকক এটা এটা ভাগ কৰি সময়বোৰ মিলাই দিয়াৰ লগতে অন্য কামসমূহ চোৱা-চিতা কৰা হয় বুলি জানিবলৈ দিয়ে। এই ক্ষেত্রত কোনো ধৰণৰ বিতৰ্ক যাতে নহয় তাৰ বাবে এই তদাৰক কমিটীখনে সমূহ ৰাইজক বিনম্রভাৱে আহ্বান জনায়।



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?