--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ'ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

ডিজিটেল ডেস্ক: গুৱাহাটীত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে কৰিলে আত্মহত্যা। এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতীগৰাকী। চৰম সিদ্ধান্ত লোৱা যুৱতীগৰাকীৰ নাম ৰিতুমণি ৰয়। ৫ ডিচেম্বৰত বিয়া আছিল ৰিতুমণিৰ।  বিয়ালৈ আছিল মাজত মাত্ৰ ১১দিন।


সকলো যো-জা চলি আছিল। চিঠিও ছপা কৰি উলিয়াই বিয়াৰ নিমন্ত্ৰণ দিছিল ৰিতুমণিয়ে। কিন্তু হঠাতে যেন কাল অমানিশা নামি আহিল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা ৰিতুমণিয়ে জীৱনৰ সকলো মায়া মোহ ত্যাগ কৰি ল'লে চৰম সিদ্ধান্ত। গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ যুৱতীগৰাকীৰ।


সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ'ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৩নৱেম্বৰত পুৱাতেই ডিউটিলৈ আহিছিল যুৱতীগৰাকী। কিন্তু পুৱাতেই অফিচলৈ আহি নিশালৈকে ঘৰলৈ যোৱা নাছিল তেওঁ।।


অৱশেষত ৰাতিপুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখা হৈছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব মোৰ অবিহনে। ছুইচাইড নোটত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰিতুমণিৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী। জানিব পৰা মতে পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ নাছিল ৰিতুমণি ৰয়ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশ ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ, চীন-তুৰস্কত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ড্ৰ'নেৰে প্ৰেৰণ কৰিছিল পাকিস্তানে
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু; অতৰ্কিতে আক্ৰমণ কৰি ল’লে প্ৰাণ
৫ ডিচেম্বৰত বিয়া; গুৱাহাটীত যুৱতী সাংবাদিকৰ চৰমপন্থা
হৰলুকী হৈছে দান দিয়া ধন, জুবিন ক্ষেত্ৰ তদাৰক কমিটীৰ অভিযোগ
হাতে হাতে জোঁৰ লৈ লখিমপুৰত টাই-আহোমৰ গৰ্জন, জনজাতিকৰণ নকৰিলে দাবী কৰিব সুকীয়া ৰাজ্য
টেষ্ট ক্ৰিকেটৰ মানচিত্রত বর্ষাপাৰা
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
দিল্লীৰ বিস্ফোৰণত সাঙোৰ খাইছে এগৰাকী মণিপুৰী যুৱতীৰ নাম
জুবিন গাৰ্গৰ স্মৃতিত 'জুবিন' কালেকশ্যন মুকলি
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা