--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ'ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

ডিজিটেল ডেস্ক: গুৱাহাটীত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে কৰিলে আত্মহত্যা। এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতীগৰাকী। চৰম সিদ্ধান্ত লোৱা যুৱতীগৰাকীৰ নাম ৰিতুমণি ৰয়। ৫ ডিচেম্বৰত বিয়া আছিল ৰিতুমণিৰ।  বিয়ালৈ আছিল মাজত মাত্ৰ ১১দিন।


সকলো যো-জা চলি আছিল। চিঠিও ছপা কৰি উলিয়াই বিয়াৰ নিমন্ত্ৰণ দিছিল ৰিতুমণিয়ে। কিন্তু হঠাতে যেন কাল অমানিশা নামি আহিল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা ৰিতুমণিয়ে জীৱনৰ সকলো মায়া মোহ ত্যাগ কৰি ল'লে চৰম সিদ্ধান্ত। গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ যুৱতীগৰাকীৰ।


সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ'ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৩নৱেম্বৰত পুৱাতেই ডিউটিলৈ আহিছিল যুৱতীগৰাকী। কিন্তু পুৱাতেই অফিচলৈ আহি নিশালৈকে ঘৰলৈ যোৱা নাছিল তেওঁ।।


অৱশেষত ৰাতিপুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখা হৈছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব মোৰ অবিহনে। ছুইচাইড নোটত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰিতুমণিৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী। জানিব পৰা মতে পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ নাছিল ৰিতুমণি ৰয়ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন