--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতে নিজৰ ঘৰুৱা ম'বাইল হেণ্ডছেট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে। যাৰ ফলত ভাৰতত স্মার্টফ'নৰ স্থানীয় নির্মাণ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে।

ডিজিটেল ডেস্কঃ স্মার্টফ'ন ভাৰতীয় জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু ইয়াৰ ব্যৱহাৰ বহুলভাবে বৃদ্ধি পাইছে। চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' প্রকল্প আৰু অন্যান্য পদক্ষেপৰ ফলত স্থানীয়ভাৱে স্মার্টফ'ন নিৰ্মাণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।


ভাৰতে নিজৰ ঘৰুৱা ম'বাইল হেণ্ডছেট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে। যাৰ ফলত ভাৰতত স্মার্টফ'নৰ স্থানীয় নির্মাণ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। চৰকাৰী নীতি আৰু প্ৰচেষ্টাৰ ফলত ভাৰতত এতিয়া ৯৯ শতাংশতকৈও অধিক ম'বাইল ফ'ন স্থানীয়ভাবে উৎপাদন কৰা হয়। ইয়াৰ ফলত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ম'বাইল ফ'ন নিৰ্মাণকাৰী দেশ হৈ পৰিছে। লক্ষণীয়ভাৱে ভাৰতৰ ম'বাইল ফ'ন ৰপ্তানিয়ে ২০২৪-২৫ বিত্তীয় বর্ষত ২ লাখ কোটি টকাৰ সীমা অতিক্রম কৰি অভূতপূর্ব সাফল্য অর্জন কৰিছে। ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্রনিক্স এছ'চিয়েশ্যনৰ তথ্য অনুসৰি, পূৰ্বৰ বৰ্ষৰ ১.২৯ লাখ কোটি টকাৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত ম'বাইল ফ'ন ৰপ্তানি ৫৫ শতাংশ বৃদ্ধি হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম দুই মাহত ভাৰতৰ ম'বাইল ৰপ্তানি ৪৭,২৭৩ কোটি টকা (৫.৫ বিলিয়ন মার্কিন ডলাৰ)ত উপনীত হৈছে। যি বিগত বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত ৪১ শতাংশ অধিক। এনে সাফল্যৰ সময়তে ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ বাবে এক বিশেষ মুহূৰ্তৰ সূচনা কৰি নেক্সটকুৱান্টামে যোৱা ৮ জুলাইত নতুন দিল্লীৰ হোটেল হায়াট ৰিজেন্সিত ভাৰতৰ প্ৰথমটো সম্পূর্ণ স্বীকৃতিপ্রাপ্ত স্মার্টফ'ন এ আই+ আনুষ্ঠানিকভাৱে মুকলি কৰে। এ আই+ স্মার্টফ'নৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নেক্সকুৱাণ্টাম শ্বীফট টেকন'লজিছৰ প্ৰতিষ্ঠাপক মাধৱ শেঠৰ নেতৃত্বত আয়োজিত এই মুকলি অনুষ্ঠানত গুগল ক্লাউড ইণ্ডিয়াৰ পৰিচালন সঞ্চালক শশীকুমাৰ শ্ৰীধৰণ আৰু ফ্লিপকার্ট ম'বাইলছৰ উপাধ্যক্ষ স্মৃতি ৰবিচন্দ্ৰনে অংশগ্ৰহণ কৰে। এ আই+ স্মার্টফ 'নটো সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত হোৱাৰ লগতে ভাৰতীয় আন্তঃগাঁথনিৰ ওপৰত পৰিচালিত আৰু যাক আপোচবিহীন ডাটা গোপনীয়তাৰ সৈতে বিশ্বমানৰ পাৰদৰ্শিতা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে। মুকলি অনুষ্ঠানত এ আই+ স্মার্টফ'নৰ চি ই অ' মাধৱ শেঠে কয় যে এ আই+ স্মার্টফ'ন হৈছে ভাৰতীয় ব্যৱহাৰকাৰীৰ হাতলৈ নিয়ন্ত্ৰণ ঘূৰাই অনাৰ এক পদক্ষেপ। বছৰ বছৰ ধৰি আমি এনে ফ'ন আৰু প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ, যিবোৰ কেতিয়াও ভাৰতক লক্ষ্য ৰাখি নিৰ্মাণ কৰা হোৱা নাছিল। কিন্তু এ আই+স্মার্টফ'নে সেই ধাৰা সলনি কৰিছে। এই ফ'নসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখে। আনহাতে, আজিও বেছিভাগ স্মার্টফ 'নেই বিদেশী ছফটৱেৰত চলি থাকে আৰু দেশৰ বাহিৰৰ তৃতীয় পক্ষৰ ব্যৱস্থাৰ জৰিয়তে ব্যৱহাৰকাৰীৰ তথ্য প্ৰেৰণ কৰে বুলি উল্লেখ কৰি তেওঁ সেয়া নাইকিয়া কৰিবলৈ এ আই স্মার্টফ'ন ডিজাইন কৰা হৈছে বুলি সদৰী কৰে। উল্লেখযোগ্য যে এ আই+স্মার্টফ'ন এতিয়া ফ্লিপকার্ট আৰু অন্যান্য চেনেলত মাত্র ৪,৪৯৯ টিকা প্ৰাৰম্ভিক মূল্যত উপলব্ধ হ'ব। ফ'নসমূহ বিভিন্ন আকর্ষণীয় ৰং আৰু ষ্ট'ৰেজ বিকল্পত গ্রাহকে ক্ৰয় কৰিব পাৰিব। পালছ ছিৰিজৰ স্মাৰ্টফ'নৰ প্ৰাৰম্ভিক মূল্য ৭,৪৯৯ টকা। বিক্ৰী প্ৰক্ৰিয়া ১৩ জুলাইৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভহ'ব। বিক্ৰীৰ প্ৰথম দিনটোত বিশেষ অফাৰ হিচাপে ফ্লিপকার্ট এক্সিছ বেংক ক্রেডিট কার্ডকে ধৰি এক্সিছ বেংক ক্রেডিট কার্ড আৰু ই এম আই লেনদেনত ৫০০ টকাৰ তাৎক্ষণিক ৰ্ষা কৰি চলি আহিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক