--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতে নিজৰ ঘৰুৱা ম'বাইল হেণ্ডছেট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে। যাৰ ফলত ভাৰতত স্মার্টফ'নৰ স্থানীয় নির্মাণ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে।

ডিজিটেল ডেস্কঃ স্মার্টফ'ন ভাৰতীয় জনজীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু ইয়াৰ ব্যৱহাৰ বহুলভাবে বৃদ্ধি পাইছে। চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' প্রকল্প আৰু অন্যান্য পদক্ষেপৰ ফলত স্থানীয়ভাৱে স্মার্টফ'ন নিৰ্মাণৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে।


ভাৰতে নিজৰ ঘৰুৱা ম'বাইল হেণ্ডছেট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে। যাৰ ফলত ভাৰতত স্মার্টফ'নৰ স্থানীয় নির্মাণ উল্লেখযোগ্যভাবে বৃদ্ধি পাইছে। চৰকাৰী নীতি আৰু প্ৰচেষ্টাৰ ফলত ভাৰতত এতিয়া ৯৯ শতাংশতকৈও অধিক ম'বাইল ফ'ন স্থানীয়ভাবে উৎপাদন কৰা হয়। ইয়াৰ ফলত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ম'বাইল ফ'ন নিৰ্মাণকাৰী দেশ হৈ পৰিছে। লক্ষণীয়ভাৱে ভাৰতৰ ম'বাইল ফ'ন ৰপ্তানিয়ে ২০২৪-২৫ বিত্তীয় বর্ষত ২ লাখ কোটি টকাৰ সীমা অতিক্রম কৰি অভূতপূর্ব সাফল্য অর্জন কৰিছে। ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্রনিক্স এছ'চিয়েশ্যনৰ তথ্য অনুসৰি, পূৰ্বৰ বৰ্ষৰ ১.২৯ লাখ কোটি টকাৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত ম'বাইল ফ'ন ৰপ্তানি ৫৫ শতাংশ বৃদ্ধি হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম দুই মাহত ভাৰতৰ ম'বাইল ৰপ্তানি ৪৭,২৭৩ কোটি টকা (৫.৫ বিলিয়ন মার্কিন ডলাৰ)ত উপনীত হৈছে। যি বিগত বিত্তীয় বৰ্ষৰ একে সময়ৰ তুলনাত ৪১ শতাংশ অধিক। এনে সাফল্যৰ সময়তে ভাৰতৰ ডিজিটেল ভৱিষ্যতৰ বাবে এক বিশেষ মুহূৰ্তৰ সূচনা কৰি নেক্সটকুৱান্টামে যোৱা ৮ জুলাইত নতুন দিল্লীৰ হোটেল হায়াট ৰিজেন্সিত ভাৰতৰ প্ৰথমটো সম্পূর্ণ স্বীকৃতিপ্রাপ্ত স্মার্টফ'ন এ আই+ আনুষ্ঠানিকভাৱে মুকলি কৰে। এ আই+ স্মার্টফ'নৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নেক্সকুৱাণ্টাম শ্বীফট টেকন'লজিছৰ প্ৰতিষ্ঠাপক মাধৱ শেঠৰ নেতৃত্বত আয়োজিত এই মুকলি অনুষ্ঠানত গুগল ক্লাউড ইণ্ডিয়াৰ পৰিচালন সঞ্চালক শশীকুমাৰ শ্ৰীধৰণ আৰু ফ্লিপকার্ট ম'বাইলছৰ উপাধ্যক্ষ স্মৃতি ৰবিচন্দ্ৰনে অংশগ্ৰহণ কৰে। এ আই+ স্মার্টফ 'নটো সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত হোৱাৰ লগতে ভাৰতীয় আন্তঃগাঁথনিৰ ওপৰত পৰিচালিত আৰু যাক আপোচবিহীন ডাটা গোপনীয়তাৰ সৈতে বিশ্বমানৰ পাৰদৰ্শিতা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে। মুকলি অনুষ্ঠানত এ আই+ স্মার্টফ'নৰ চি ই অ' মাধৱ শেঠে কয় যে এ আই+ স্মার্টফ'ন হৈছে ভাৰতীয় ব্যৱহাৰকাৰীৰ হাতলৈ নিয়ন্ত্ৰণ ঘূৰাই অনাৰ এক পদক্ষেপ। বছৰ বছৰ ধৰি আমি এনে ফ'ন আৰু প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ, যিবোৰ কেতিয়াও ভাৰতক লক্ষ্য ৰাখি নিৰ্মাণ কৰা হোৱা নাছিল। কিন্তু এ আই+স্মার্টফ'নে সেই ধাৰা সলনি কৰিছে। এই ফ'নসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ই আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখে। আনহাতে, আজিও বেছিভাগ স্মার্টফ 'নেই বিদেশী ছফটৱেৰত চলি থাকে আৰু দেশৰ বাহিৰৰ তৃতীয় পক্ষৰ ব্যৱস্থাৰ জৰিয়তে ব্যৱহাৰকাৰীৰ তথ্য প্ৰেৰণ কৰে বুলি উল্লেখ কৰি তেওঁ সেয়া নাইকিয়া কৰিবলৈ এ আই স্মার্টফ'ন ডিজাইন কৰা হৈছে বুলি সদৰী কৰে। উল্লেখযোগ্য যে এ আই+স্মার্টফ'ন এতিয়া ফ্লিপকার্ট আৰু অন্যান্য চেনেলত মাত্র ৪,৪৯৯ টিকা প্ৰাৰম্ভিক মূল্যত উপলব্ধ হ'ব। ফ'নসমূহ বিভিন্ন আকর্ষণীয় ৰং আৰু ষ্ট'ৰেজ বিকল্পত গ্রাহকে ক্ৰয় কৰিব পাৰিব। পালছ ছিৰিজৰ স্মাৰ্টফ'নৰ প্ৰাৰম্ভিক মূল্য ৭,৪৯৯ টকা। বিক্ৰী প্ৰক্ৰিয়া ১৩ জুলাইৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভহ'ব। বিক্ৰীৰ প্ৰথম দিনটোত বিশেষ অফাৰ হিচাপে ফ্লিপকার্ট এক্সিছ বেংক ক্রেডিট কার্ডকে ধৰি এক্সিছ বেংক ক্রেডিট কার্ড আৰু ই এম আই লেনদেনত ৫০০ টকাৰ তাৎক্ষণিক ৰ্ষা কৰি চলি আহিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ