--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছিয়ার্থী গাঁৱৰ বাসিন্দা নৰেন্দ্ৰৰ ৰকী নামৰ পোহনীয়া কুকুৰটোৱে ঘৰটোৰ দ্বিতীয় মহলাৰ পৰা বাৰে বাৰে ভুকি শুই থকা লোকসকলক জগাই দিয়ে।

ডিজিটেল ডেস্ক: ডাৱৰ বিস্ফোৰণ, আকস্মিক বান, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুর্যোগে তাণ্ডৱ চলোৱা হিমাচল প্রদেশত এটা অলৌকিক ঘটনা ঘটিছে। ৰাজ্যখনৰ মাণ্ডী জিলাত প্রাকৃতিক দুৰ্যোগৰ সতর্কবাণী দি এটা কুকুৰে ভুকি থকাৰ পাছত স্থানীয় লোকসকল সতর্ক হৈ সময়মতে ২০টা পৰিয়ালৰ ৬৭জন লোক সেই স্থান খালী কৰি নিৰাপদ স্থানলৈ যায়।


ঘটনাটো ঘটে ৩০ জুনৰ মাজনিশা মাণ্ডীৰ ধৰমপুৰ এলেকাৰ ছিয়াথী গাঁৱত। ছিয়ার্থী গাঁৱৰ বাসিন্দা নৰেন্দ্ৰৰ ৰকী নামৰ পোহনীয়া কুকুৰটোৱে ঘৰটোৰ দ্বিতীয় মহলাৰ পৰা বাৰে বাৰে ভুকি শুই থকা লোকসকলক জগাই দিয়ে। যেন সি বিপদৰ আগজাননী হে দিছিল।


তেতিয়া মুষলধাৰে বৰষুণ দি আছিল আৰু আকস্মিক বানৰ ধল গাঁওখনত প্ৰৱেশ কৰিছিল। ৰকীৰ ভুকনি, চিঞৰ শুনি নৰেন্দ্ৰ টোপনিৰ পৰা সাৰ পাই গাঁওবাসীক সজাগ কৰে। ইয়াৰ পাছতে গাঁওবাসী নিৰাপদ স্থানলৈ যায়। আকস্মিক বানে গোটেই গাঁওখন তচনচ কৰে, কিন্তু ২০টা পৰিয়ালৰ ৬৭জন লোকৰ প্ৰাণৰক্ষা পৰে। কুকুৰটোৱে সমগ্ৰ গাঁওখনৰ ৬৭জন লোকৰ প্ৰাণৰক্ষা কৰিলে বুলি সর্বত্র চর্চা হৈছে।


ইফালে, হিমাচল প্রদেশত আকস্মিক বান, ভূমিস্খলনৰ তাণ্ডৱ অব্যাহত আছে। প্ৰদেশখনত এতিয়ালৈকে জনসাধাৰণক হাই এলার্ট জাৰি কৰি নিৰাপদ স্থানত থাকিবলৈ আহ্বান জনোৱা হৈছে। বৰষুণ সম্বন্ধীয় ঘটনাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০জনলৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে দুসপ্তাহ ধৰি ৰাজ্যখনত প্রাকৃতিক দুর্যোগে তাণ্ডৱলীলা চলায়েই আছে। ৰাজ্যখনত ১২৮জন লোক আহত হৈছে আৰু ৩২০টা ঘৰৰ সম্পূৰ্ণ ক্ষতি হৈছে। ১০,২৫৪টা পশুধন আৰু হাঁহ-কুকুৰাৰ মৃত্যু হৈছে আৰু ৬৯,২৬৫.৬০ লাখ টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে।


উল্লেখ্য যে গাঁওবাসীৰ বাবে ৰকী এতিয়া হিৰ হৈ পৰিছে। সময়মতে সি সকীয়াই নিদিয়াহেঁতেন তেন্তে এই দুৰ্ঘটনা মাৰাত্মক হ’লহেঁতেন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ