--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছিয়ার্থী গাঁৱৰ বাসিন্দা নৰেন্দ্ৰৰ ৰকী নামৰ পোহনীয়া কুকুৰটোৱে ঘৰটোৰ দ্বিতীয় মহলাৰ পৰা বাৰে বাৰে ভুকি শুই থকা লোকসকলক জগাই দিয়ে।

ডিজিটেল ডেস্ক: ডাৱৰ বিস্ফোৰণ, আকস্মিক বান, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুর্যোগে তাণ্ডৱ চলোৱা হিমাচল প্রদেশত এটা অলৌকিক ঘটনা ঘটিছে। ৰাজ্যখনৰ মাণ্ডী জিলাত প্রাকৃতিক দুৰ্যোগৰ সতর্কবাণী দি এটা কুকুৰে ভুকি থকাৰ পাছত স্থানীয় লোকসকল সতর্ক হৈ সময়মতে ২০টা পৰিয়ালৰ ৬৭জন লোক সেই স্থান খালী কৰি নিৰাপদ স্থানলৈ যায়।


ঘটনাটো ঘটে ৩০ জুনৰ মাজনিশা মাণ্ডীৰ ধৰমপুৰ এলেকাৰ ছিয়াথী গাঁৱত। ছিয়ার্থী গাঁৱৰ বাসিন্দা নৰেন্দ্ৰৰ ৰকী নামৰ পোহনীয়া কুকুৰটোৱে ঘৰটোৰ দ্বিতীয় মহলাৰ পৰা বাৰে বাৰে ভুকি শুই থকা লোকসকলক জগাই দিয়ে। যেন সি বিপদৰ আগজাননী হে দিছিল।


তেতিয়া মুষলধাৰে বৰষুণ দি আছিল আৰু আকস্মিক বানৰ ধল গাঁওখনত প্ৰৱেশ কৰিছিল। ৰকীৰ ভুকনি, চিঞৰ শুনি নৰেন্দ্ৰ টোপনিৰ পৰা সাৰ পাই গাঁওবাসীক সজাগ কৰে। ইয়াৰ পাছতে গাঁওবাসী নিৰাপদ স্থানলৈ যায়। আকস্মিক বানে গোটেই গাঁওখন তচনচ কৰে, কিন্তু ২০টা পৰিয়ালৰ ৬৭জন লোকৰ প্ৰাণৰক্ষা পৰে। কুকুৰটোৱে সমগ্ৰ গাঁওখনৰ ৬৭জন লোকৰ প্ৰাণৰক্ষা কৰিলে বুলি সর্বত্র চর্চা হৈছে।


ইফালে, হিমাচল প্রদেশত আকস্মিক বান, ভূমিস্খলনৰ তাণ্ডৱ অব্যাহত আছে। প্ৰদেশখনত এতিয়ালৈকে জনসাধাৰণক হাই এলার্ট জাৰি কৰি নিৰাপদ স্থানত থাকিবলৈ আহ্বান জনোৱা হৈছে। বৰষুণ সম্বন্ধীয় ঘটনাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৮০জনলৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি, এতিয়ালৈকে দুসপ্তাহ ধৰি ৰাজ্যখনত প্রাকৃতিক দুর্যোগে তাণ্ডৱলীলা চলায়েই আছে। ৰাজ্যখনত ১২৮জন লোক আহত হৈছে আৰু ৩২০টা ঘৰৰ সম্পূৰ্ণ ক্ষতি হৈছে। ১০,২৫৪টা পশুধন আৰু হাঁহ-কুকুৰাৰ মৃত্যু হৈছে আৰু ৬৯,২৬৫.৬০ লাখ টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে।


উল্লেখ্য যে গাঁওবাসীৰ বাবে ৰকী এতিয়া হিৰ হৈ পৰিছে। সময়মতে সি সকীয়াই নিদিয়াহেঁতেন তেন্তে এই দুৰ্ঘটনা মাৰাত্মক হ’লহেঁতেন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক