--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দিল্লীৰ চুলতানৰ শাসন আৰু মোগল কালৰ বিষয়ে উল্লেখ কৰা হৈছে পাঠ্যপুথিখনৰ 'ৰিচেপিং ইণ্ডিয়াজ পলিটিকেল মেপ' অধ্যায়ত

ডিজিটেল ডেস্ক : অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানে ভালেমান গুৰুত্বপূর্ণ সালসলনি কৰিছে।


উক্ত পাঠ্যপুথিত দিল্লীৰ চুলতান আৰু মোগল শাসন কালৰ ধৰ্মীয় অসহিষ্ণুতাৰ ভালেমান উদাহৰণ দিয়া হৈছে। এই পুথিখনত ঘাইকৈ দিল্লীত চুলতানৰ শাসন কাল আৰু মোগলৰ ৰাজত্বৰ সমছোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে।


ইয়াত বাবৰক নৰসংহাৰ কৰা এজন নির্দয়ী বিজয়ী বুলি উল্লেখ কৰা হৈছে। আনহাতে, সম্রাট আকবৰৰ শাসন কাল ক্রুৰতা আৰু সহিষ্ণুতাৰ মিশ্রণ বুলি উল্লেখ কৰা হৈছে। সমাজ বিজ্ঞানৰ পাঠ্যপুথি 'এক্সপ্ল'ৰিং ছ'চাইটি: ইণ্ডিয়ান এণ্ড বিয়ণ্ড'ৰ প্ৰথম খণ্ড প্ৰকাশ কৰিছে। এই পাঠ্যপুথিখন চলিত শৈক্ষিক বছৰত ব্যৱহাৰ কৰা হ'ব। দিল্লীৰ চুলতান আৰু মোগলৰ শাসন কালৰ বিষয়ে বর্ণনা কৰা এন চি ই আৰ টিৰ এইখন প্রথম কিতাপ। ইয়াৰ আগতে সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতোৱা পাঠ্যক্রমত ত্রয়োদশ আৰু চতুর্দশ শতিকাৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰা হৈছে।


দিল্লীৰ চুলতানৰ শাসন আৰু মোগল কালৰ বিষয়ে উল্লেখ কৰা হৈছে পাঠ্যপুথিখনৰ 'ৰিচেপিং ইণ্ডিয়াজ পলিটিকেল মেপ' অধ্যায়ত। ইয়াক ত্রয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ ভাৰতীয় ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত দিল্লীত চুলতানৰ সাম্ৰাজ্যৰ উত্থান আৰু পতন, বিজয়নগৰ সাম্রাজ্য, মোগল আৰু তেওঁলোকৰ প্ৰতিৰোধ তথা শিখসকলৰ উত্থান চামিল কৰা হৈছে। দিল্লীত চুলতানৰ শাসন কালত ৰাজনৈতিক অস্থিৰতা আৰু সামৰিক অভিযানেৰে ভৰা আছিল বুলি এই অধ্যায়সমূহত বর্ণনা কৰা হৈছে। এই অভিযানসমূহত গাঁও আৰু চহৰসমূহত লুটপাত কৰা হৈছিল আৰু মন্দিৰসমূহৰ লগতে শিক্ষাৰ কেন্দ্ৰসমূহ ধ্বংস কৰা হৈছিল। চুলতানৰ শাসন আৰু মোগলৰ সম্পর্কে বর্ণনা কৰা অধ্যায়সমূহত মন্দিৰসমূহত কৰা আক্ৰমণ আৰু একাংশ শাসকৰ ক্ৰুৰতাৰ বিষয়ে লিখা হৈছে। কিতাপখনত মোগল শাসকৰ আগৰ শাসক বাবৰক তুৰস্ক-মংগোল শাসক আৰু সামৰিক ৰণ-কৌশলী বুলি লিখা হৈছে। ইয়াৰ লগতে এই কথাও লিখা হৈছে যে বাবৰে ১৫২৬ খ্রীষ্টাব্দত পানীপথৰ যুদ্ধত বাৰুদ আৰু বৰটোপৰ সহায়ত ইব্রাহীম লোডীক পৰাজিত কৰি দিল্লীত চুলতানৰ শাসনৰ অন্ত পেলায়।

বাবৰৰ পুত্ৰ হুমায়ুনে নিজৰ সাম্রাজ্য বচাই ৰখাৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছিল আৰু পাছত শ্বেৰ শ্বাহ সুৰীৰ হাতত সাম্রাজ্য হেৰুৱায়। কিতাপখনত শ্বেৰ শ্বাহৰ হিন্দু সেনাপতি হিমুক কেনেকৈ আকবৰৰ সেনাই কৰায়ত্ত কৰি পানীপথৰ দ্বিতীয় যুদ্ধৰ পাছত শিৰশ্ছেদ কৰিছিল সেই বিষয়ে বর্ণনা কৰা হৈছে।


আনহাতে, আকবৰে ১৫৬৮ খ্ৰীষ্টাবাদত চিতোৰ দুৰ্গ অৱৰোধ কৰাৰ সময়ত প্রায় ৩০ হাজাৰ নাগৰিকক হত্যা কৰে আৰু বাছি থকা মহিলা তথা শিশুসকলক নিজৰ গোলাম কৰি লোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি, আকবৰে জিজিয়া কৰ সমাপ্ত কৰে, ৰাজপুতক নিজৰ দৰবাৰত আদৰণি জনায়, সকলোৰে সৈতে শান্তিৰ নীতিক অগ্ৰাধিকাৰ দিছিল বুলি উল্লেখ কৰা হৈছে। আকবৰৰ উত্তৰাধিকাৰী জাহাংগীৰ আৰু শ্বাহজাহানক কলা আৰু বাস্তুকলাৰ সংৰক্ষক বুলি উল্লেখ কৰা হৈছে। শ্বাহজাহান অসুস্থ হৈ পৰাত তেওঁৰ উত্তৰাধিকাৰীৰ বাবে হোৱা যুঁজত ঔৰংজেৱে নিজৰ ভাতৃ দাৰা শিকোক হত্যা কৰাৰ লগতে নিজৰ পিতৃক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। কিতাপখনত ঔৰংগজেৱৰ বিষয়ে উল্লেখ কৰা হৈছে যে তেওঁ এজন সামৰিক শাসক আছিল যি অ-ইছলামিক প্রথাসমূহত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু অ-মুছলমানসকলৰ ওপৰত কৰ আৰোপ কৰিছিল। কিতাপখনত বাৰাণসী, মথুৰা আৰু সোমনাথ মন্দিৰত কৰা আক্ৰমণ তথা জৈন, শিখ, ছুফী আৰু পাছী সম্প্রদায়ক কৰা অত্যাচাৰৰ বিষয়েও উল্লেখ কৰা হৈছে। এন চি ই আৰ টিৰ এজন বিষয়াই কয় যে ইতিহাসৰ ঘটনাসমূহক নোহোৱা কৰিবও নোৱাৰি, অস্বীকাৰ কৰিবও নোৱাৰি, কিন্তু ইয়াৰ বাবে কাৰোবাক দোষী বুলি কোৱাটো ভুল হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অচিন ৰোগত আক্ৰান্ত শ শ বিঘাৰ আলু খেতি, বাঘবৰত মূৰে-কপালে হাত দিছে ঋণগ্রস্ত কৃষকে
গহপুৰৰ কাৰিবিল বনাঞ্চলত অগ্নিকাণ্ড, ২০ হেক্টৰ ভূমিৰ গছ-গছনি ভস্মীভূত
ছবিগৃহ কঁপাবলৈ সাজু 'মিৰ্জাপুৰ: দ্য মুভি' ; পুৰণি চৰিত্ৰৰ লগতে এইবাৰ নতুন চমক
মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ: ১০ জন শ্ৰমিকৰ শোচনীয় মৃত্যু
কলগাছিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত বাইক আৰোহী
মংগল গ্ৰহত ইটা নিৰ্মাণৰ নতুন কৌশল: ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ বিশেষ গৱেষণা
ডবকাৰ মোৰাঝাৰত পৃথক পৃথক পথ দুৰ্ঘটনাত ৪জন যুৱকৰ মৃত‍্যু
নাৰায়ণপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত সন্তান প্ৰসৱ কৰিলে মহিলাই
কাছাৰৰ গুমড়াত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ, চাৰিজনক আটক
তিব্বতীয় আধ্যাত্মিক গুৰুক আন্তঃৰাষ্ট্ৰীয় সম্মান, ৯০ বছৰীয়া দালাই লামাক গ্রেমী বঁটা প্রদান
গুৱাহাটীৰ গড়ভাঙাত নতুন প্ৰজাতিৰ পৰুৱা আৱিষ্কাৰ
টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত, শাস্তিৰ সন্মুখীন হ'ব পাৰে পাকিস্তান
বেলুচিস্তানত ব্যৰ্থ পাকিস্তান সেনা! প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফৰ বিস্ফোৰক স্বীকাৰোক্তি
আজি বিশ্ব কৰ্কট ৰোগ দিৱস, জানক কৰ্কট ৰোগ দিৱসৰ ইতিহাস