--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই সম্পর্কত পৰীক্ষা কৰি চাবলৈ বিভাগীয়ভাৱে এখন কমিটী গঠন কৰি দিয়া হৈছে।

ডিজিটেল ডেস্ক : 'ৰাজ্যত মেট্রিক পৰীক্ষা দুবাৰ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। শৈক্ষিক বৰ্ষৰ সময়সূচী নিৰ্ধাৰণৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে বিভাগীয়ভাৱে এখন কমিটী গঠন কৰা হৈছে। অহা ১ আগষ্টৰ পৰা আমাৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব।'


দেওবাৰে তেজপুৰত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে দেওবাৰে মঙলদৈ হৈ শোণিতপুৰৰ ডুমডুমাস্থিত মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিক্ষা ব্যৱস্থাৰ অগগ্ৰতিৰ বুজ লোৱাৰ পাছত তেজপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হয় শিক্ষা মন্ত্রী ডাঃ পেণ্ড। স্থানীয় সাংবাদিকৰ এলানি প্রশ্নোত্তৰত মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


অতি শেহতীয়াকৈ চি বি এছ ইয়ে বছৰত দুবাৰকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিতৰ বাবে কৰা ঘোষণাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নোত্তৰত শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয়, 'প্রকৃতাৰ্থত ৰাজ্যত মেট্রিক পৰীক্ষা দুবাৰেই হয়। মূল পৰীক্ষা হৈ যোৱাৰ পাছত যিসকল ছাত্র-ছাত্রীয়ে কৃতকার্য হ'ব নোৱাৰে তেওঁলোকৰ বাবে আকৌ এটা পৰীক্ষা হয়। যিটোক কম্পার্মেন্টেল বুলি কওঁ। দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চি বি এছ ইয়ে ঘোষণা কৰিছে। আমিও বিষয়টো পৰীক্ষা কৰি আছোঁ। আমাৰ অ'পেন স্কুল আছে এন আই অ' এছ আছে, তাতো দুবাৰ পৰীক্ষা পতাৰ তেওঁলোকৰ ব্যৱস্থা আছে। গতিকে আমিও বিষয়টো পৰীক্ষা কৰি চাম-চি বি এছ ইৰ এই প্ৰয়োগ পৰীক্ষা কেনেকুৱা হয়।'


আনহাতে, শৈক্ষিক বৰ্ষৰ সময়সূচীৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয়, 'সময়সূচীক লৈ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু আমালৈ বহু পৰামৰ্শ আহিছে শিক্ষাবিদসকলৰ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ পৰা। অসমৰ বতৰৰ আগতীয়া অনুমান অনিশ্চিত হৈ থাকে। গতিকে শৈক্ষিকবৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰিব পাৰি নেকি- এই সন্দৰ্ভত আমালৈ পৰামৰ্শ আহিছে। এই সম্পর্কত পৰীক্ষা কৰি চাবলৈ বিভাগীয়ভাৱে এখন কমিটী গঠন কৰি দিয়া হৈছে। বিষয়টো জটিল। কাৰণ, কেৱল অসমে পৰিৱৰ্তন কৰিলে নহ'ব।


অসমৰ পৰা পাছ কৰি ল'ৰা-ছোৱালীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত যদি এই সময়সূচীৰ পৰিৱৰ্তন নহয় আৰু অসমত যদি পৰিৱৰ্তন হয়, তেনেহ'লে মাজত দুই-তিনিমাহ অসমৰ ল'ৰা-ছোৱালী ৰৈ থাকিব লাগিব। তদুপৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ শিক্ষা সাং কৰি বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। অসম বহুক্ষেত্রত আগবঢ়া। আমাৰ এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আগতে ওলাইছে আৰু চি বি এছ ইৰ পাছত ওলাইছে। আমি মহাবিদ্যালয়সমূহত নামভর্তি প্রক্রিয়া শেষ কৰিলোঁ। 'চি ই ইউ টি'ৰ ফলাফল দিয়াত দেৰি হৈছে। তেওঁলোকৰ কাৰণে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। অৱশেষত অহা ১ আগষ্টৰ পৰাহে আমাৰ মহাবিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। এই সমগ্র বিষয়বোৰ পৰীক্ষা-নিৰীক্ষা কৰি চাবৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছে।


প্রণিধানযোগ্য যে শোণিতপুৰৰ ডুমাডুমা-বৰছলাস্থিত 'ডুমডমা মডেল ডিগ্রী কলেজ'ত এইবছৰৰ পৰা পাঠদানৰ কাৰ্যসূচী হ'ব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে সদৰী কৰাৰ লগতে ইতিমধ্যে শিক্ষানুষ্ঠানখনত ১৫০ গৰাকী ছাত্র-ছাত্রীয়ে নামভৰ্তি কৰিছে আৰু অহা ১ আগষ্টৰ পৰা পাঠদান আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। ইফালে ধেমাজিত সাংবাদিক মাধুর্য শইকীয়াই আক্ৰমণৰ বলি হোৱাৰ ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নোত্তৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই ঘটনাক একেমুখে নিন্দা কৰে। তেওঁ কয়, 'এই সন্দৰ্ভত স্থানীয়ভাৱে টি এম পি কেয়ে এটা বিবৃতি দিছে। তাত দুটা পক্ষৰ মাজত এখন কাজিয়া হৈছিল বুলি উল্লেখেৰে মোক কোৱা হৈছে যে কাজিয়াখনৰ মাজত সাংবাদিকগৰাকী সোমাই পৰিছিল। এনে ধৰণেৰে হাতত লাঠী-ছাঠি লৈ সাংবাদিক বুলিয়েই নহয়, কাৰোবাক আক্ৰমণ কৰাটো অতি গর্হিত কাম। এই ঘটনাটোক মই নিন্দা কৰিছোঁ। কোনেও আইন হাতত তুলি ল'ব নালাগে। যিহেতু আৰক্ষী-প্রশাসন আছে। তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিবই। মই জনাত তেওঁলোকে ব্যৱস্থা গ্রহণ কৰিছে।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান