--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যত ১৫১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে। এই বিদ্যালয়সমূহত থকা মুঠ আসনৰ সংখ্যা ১৭,২৪৫খন। সমগ্র শিক্ষাৰ পৰ্যালোচনাত ওলাই পৰিছে যে ইয়াৰে ১২৬২খন আসন খালী হৈ আছে

ডিজিটেল ডেস্ক : ৰাজহুৱা শিক্ষাৰ প্ৰতি শিক্ষার্থী, অভিভাৱকক আকৰ্ষিত কৰা, শিক্ষাৰ মান উন্নত কৰিবলৈ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো চৰকাৰী শিক্ষাই ৰাজ্যত ল'ব পৰা নাই গতি।


পিছপৰা অঞ্চলত বাস কৰা লোকসকলৰ কন্যা সন্তানক শিক্ষা গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিনামূলীয়া সা-সুবিধাৰে আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে যদিও এই বিদ্যালয়ৰ ছাত্ৰীৱাসসমূহৰ আসনসমূহ আধৰুৱা হৈ থকাৰ কথা পোহৰলৈ আহিছে সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদৰ তথ্যত।


উল্লেখযোগ্য যে ৰাজ্যত ১৫১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে। এই বিদ্যালয়সমূহত থকা মুঠ আসনৰ সংখ্যা ১৭,২৪৫খন। সমগ্র শিক্ষাৰ পৰ্যালোচনাত ওলাই পৰিছে যে ইয়াৰে ১২৬২খন আসন খালী হৈ আছে। ভিতৰুৱা অঞ্চলৰ দুৰ্গম যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি এই আৱাসিক বিদ্যালয়সমূহ স্থাপন কৰা হৈছিল।


সমগ্র শিক্ষাই এই কথা পোহৰলৈ আনিছে যে বিনামূলীয়া সা-সুবিধাৰে ছাত্ৰী নিৱাসত থাকি অধ্যয়নৰ সুবিধা দিলেও সেই সুবিধাৰ প্ৰতি শিক্ষার্থী আকর্ষিত হোৱা নাই। অথচ শিক্ষাৰ মান উন্নত কৰা, শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ বছৰি হাজাৰ কোটি অনুমোদন জনাই অহা হৈছে। আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰত অসম দ্বিতীয় স্থানত থকাৰ তথ্য কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদে চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্রাথমিক, মাধ্যমিক শিক্ষা, শিক্ষক প্রশিক্ষণৰ বাবে অনুমোদন জনাইছে মুঠ ৩২৭০.৭১ কোটি টকা।


বুধবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে ২৭৫০ কোটি টকা ৰাজ্যৰ শিক্ষা খণ্ডৰ মান উন্নত কৰাৰ বাবে ব্যয় কৰিবলৈ লোৱা সিদ্ধান্তত অনুমোদন জনাইছে। এনেদৰে বছৰি হাজাৰ হাজাৰ কোটি টকা শিক্ষা খণ্ডত ব্যয় কৰাৰ পাছতো চৰকাৰী শিক্ষানুষ্ঠানলৈ অহা নাই শিক্ষার্থী। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়সমূহৰ বহুসংখ্যক আসন খালী হৈ আছে। তাৰ মাজতে জনজাতীয় এলেকাৰ শিক্ষাৰ্থীসকলক অধ্যয়নৰ সুবিধা দিবলৈ নির্মাণ হৈ আছে নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়। সমগ্ৰ শিক্ষাৰ প্রকল্প অনুমোদন পৰিষদে ১৫১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ খালী হৈ থকা আসনসমূহত ছাত্ৰীৰ নামভর্তি কেনেকৈ কৰিব পাৰি, বিদ্যালয় প্রতিষ্ঠাৰ লক্ষ্য পূৰণ কৰিবলৈ ৰাজ্যৰ সমগ্ৰ শিক্ষাক ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিবলগীয়া হৈছে। ইয়াৰ মাজতে ২০২৩-২৪ চনত অসমত ১৪খন নেতাজী সুভাষ বসু আৱাসিক বিদ্যালয় নিৰ্মাণৰ বাবে সমগ্র শিক্ষাই অনুমোদন জনাইছিল। জনজাতীয় তথা গ্রামাঞ্চলত এই বিদ্যালয়সমূহ নির্মাণ হৈ আছে। বিদ্যালয়সমূহত থাকিব ছাত্ৰাৱাসৰ ব্যৱস্থা।


সমগ্র শিক্ষাই ২০২৩-২৪ বর্ষত এটা ছাত্রাৱাস, প্রধানমন্ত্রী জনমন আঁচনিৰ অধীনত আন ৪টা ছাত্ৰাৱাস নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল। সমগ্ৰ শিক্ষাৰ প্ৰকল্প অনুমোদন পৰিষদে সমগ্র শিক্ষা অসমক ছাত্ৰাৱাসসমূহো নিৰ্মাণ খৰতকীয়া কৰিবলৈ নির্দেশ দিছে। আৱাসিক বিদ্যালয় নতুন নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে যদিও ইতিমধ্যে থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়সমূহৰ যি আসন আছে সেই আসনসমূহেই পূৰ নোহোৱাকৈ থকাৰ তথ্যই আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কিমান সার্থক হ'ব সেই প্রশ্নৰো অৱতাৰণা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ