--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আহোম ৰাজত্ব কালৰে পৰা সৌৰ্য বীৰ্য্য পৰম্পৰাৰা ম'হ যুঁজ। ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ এটা ঐতিহাসিক পৃষ্ঠা ম'হ যুঁজ।

ডিজিটেল ডেস্কঃ মাঘ বিহু সমাগত সকলো প্ৰস্তুতিৰ সমান্তৰালকৈ মৰিগাঁৱত চলিছে ম'হ যুজৰ প্ৰস্তুতি। গোৱালৰ ঘৰে ঘৰে সাজু কৰিছে গোনা ম'হ। যুঁজৰ বাবে সাজু কৰা গোনা ম'হক গোৱালে দিছে ঘৰে ঘৰে প্ৰশিক্ষণ।  


গোনা ম'হৰ শিঙৰ ঝনঝননী ১ মাঘৰ পৰা পুণৰ মুকলি পথাৰত ওৰিব ধুলি। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ম'হ গোৱালে খুৱাই বুৱাই সাজু কৰিছে হালে হালে গোনা ম'হ। প্ৰশিক্ষণ দিছে শিং চালনাৰ। কল গছ, বিলৰ মাটিত শিং ধৰাইছে গোনা মহে।


আহোম ৰাজত্ব কালৰে পৰা সৌৰ্য বীৰ্য্য পৰম্পৰাৰা ম'হ যুঁজ। ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ এটা ঐতিহাসিক পৃষ্ঠা ম'হ যুঁজ। একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনে ম'হ যুঁজৰ বিৰুদ্ধে থিয় দিছে যদিও মৰিগাঁও জিলাৰ খিলঞ্জীয়া লোক সকলে ম'হ যুঁজক বৰ্তাই ৰখাটো সংস্কৃতিৰ যুঁজ বুলিহে গণ্য কৰি আহিছে। সেয়ে অসমৰ বিভিন্ন স্হানৰ লগতে মৰিগাঁৱতো আইনী প্ৰতিবন্ধকতা নেওঁচি যোৱা দুবছৰো চলাই আহিছে ম'হ যুঁজ। 

 

বৰ্তমানলৈ ম'হ যুঁজৰ ক্ষেত্ৰত জিলা প্ৰশাসনে কোনো SOP ঘোষনা নকৰালৈ চাই মৰিগাঁৱৰ ম'হ গোৱাল সকলে পূৰ্বতকৈ দুগুণ উৎসাহেৰে নিজৰ গোনা ম'হ সাজু কৰিছে । 


ম'হৰ গোৱালৰ পৰিয়ালৰ সদস্য সকলৰ মতে মাঘত যুঁজিব দিলেহে গোনা ম'হ শান্ত হয়। নহলে ম'হ পালন কৰাটো অসম্ভৱ কৃষিজিবী ৰাইজৰ পক্ষে সম্ভৱ নহয়। যুজিব নিদিলে ক্ষতি কৰিব গোৱালৰ। সেয়ে পৰম্পৰা ৰক্ষা কৰি এইবাৰো জিলা খনত গোৱালে অনুষ্ঠিত কৰিব ম'হ যুঁজ। ১ মাঘৰ পৰা আঁহতগুৰি, বৈদ্যবড়ী পথাৰকে ধৰি জিলাখনৰ বিভিন্ন পথাৰত অনুষ্ঠিত হব ম'হ যুঁজ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন