--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আজি ৰঙৰ উৎসৱ হোলী।

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ বুকুলৈ পুনৰ ঘূৰি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ ৰুক্ষতা নেওচি ফাগুনৰ পচোৱা বতাহে যেন চৌদিশে এক মাদকতা সিঁচি দিছে। এই পৰিৱৰ্তনৰ মাজতে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এক অনন্য দৃশ্য— ডাল ভৰি ফুলি উঠিছে ৰঙা পলাশ।


প্ৰকৃতিৰ অপূৰ্ব ৰূপান্তৰ শুকান ডালবোৰত যেন কোনোবাই ৰঙা আবিৰহে সানি দিছে। পলাশৰ লগতে শিমলু আৰু মদাৰৰ ৰঙা ৰঙে প্ৰকৃতিৰ কেনভাচখন সম্পূৰ্ণ কৰি তুলিছে। অসমীয়া কবি-সাহিত্যিকৰ কলমত পলাশ সদায় প্ৰেম আৰু বিৰহৰ প্ৰতীক। 


এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। লঠঙা গছবোৰে নতুন কুঁহিপাত মেলাৰ আগে আগে এই ফুলবোৰে ধৰিত্ৰীক এক নতুন কইনাৰ সাজত সজাই তুলিছে।


দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আজি ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ। ৰঙীন,ফাকুৱা, ফিচকাৰীৰে ভৰপূৰ হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ ।


বৰদোৱাত এই ৰঙৰ উৎসৱৰ সূচনা কৰি অসমীয়া সাংস্কৃতিক চেতনাত এক নৱ দিশৰ সূচনা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। 


দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই। আৰু সেই তেতিয়াৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে।আজি কৃষ্ণ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। সকলোৰে মাজত কেৱল আনন্দৰ বন্যা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ