--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আজি ৰঙৰ উৎসৱ হোলী।

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ বুকুলৈ পুনৰ ঘূৰি আহিছে ঋতুৰাজ বসন্তৰ আগজাননী। শীতৰ ৰুক্ষতা নেওচি ফাগুনৰ পচোৱা বতাহে যেন চৌদিশে এক মাদকতা সিঁচি দিছে। এই পৰিৱৰ্তনৰ মাজতে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এক অনন্য দৃশ্য— ডাল ভৰি ফুলি উঠিছে ৰঙা পলাশ।


প্ৰকৃতিৰ অপূৰ্ব ৰূপান্তৰ শুকান ডালবোৰত যেন কোনোবাই ৰঙা আবিৰহে সানি দিছে। পলাশৰ লগতে শিমলু আৰু মদাৰৰ ৰঙা ৰঙে প্ৰকৃতিৰ কেনভাচখন সম্পূৰ্ণ কৰি তুলিছে। অসমীয়া কবি-সাহিত্যিকৰ কলমত পলাশ সদায় প্ৰেম আৰু বিৰহৰ প্ৰতীক। 


এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। লঠঙা গছবোৰে নতুন কুঁহিপাত মেলাৰ আগে আগে এই ফুলবোৰে ধৰিত্ৰীক এক নতুন কইনাৰ সাজত সজাই তুলিছে।


দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেনে বৰপেটা, বটদ্ৰৱা আৰু মাজুলী ইত্যাদিত আৰম্ভ হৈছে দৌল যাত্ৰাৰ উলাহ। কিয়নো আজি ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে চৌদিশ। ৰঙীন,ফাকুৱা, ফিচকাৰীৰে ভৰপূৰ হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ ।


বৰদোৱাত এই ৰঙৰ উৎসৱৰ সূচনা কৰি অসমীয়া সাংস্কৃতিক চেতনাত এক নৱ দিশৰ সূচনা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। 


দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই। আৰু সেই তেতিয়াৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে।আজি কৃষ্ণ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। সকলোৰে মাজত কেৱল আনন্দৰ বন্যা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু