--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশে স্বাধীনতাৰ ৭৯ সংখ্যক বর্ষপূর্তি পালন কৰিলেও সমষ্টিটোৰ বৃহত্তৰ মালিবাৰী মুছলিম চাৰিআলিৰ লোকসকলে আজিও এখন টুলুঙা নাৱেৰে জলজলী নদী পাৰ হৈ যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মালিবাৰী মুছলিম চাৰিআলিৰ কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ নামত যমৰ যাতনা ভুগিবলগীয়া হৈছে।


দেশে স্বাধীনতাৰ ৭৯ সংখ্যক বর্ষপূর্তি পালন কৰিলেও সমষ্টিটোৰ বৃহত্তৰ মালিবাৰী মুছলিম চাৰিআলিৰ লোকসকলে আজিও এখন টুলুঙা নাৱেৰে জলজলী নদী পাৰ হৈ যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। 


স্থানীয় ৰাইজে জনোৱা মতে, মালিবাৰী, পূৰাণ মালিবাৰী, মালিবাৰী সত্ৰ, ডেকাচাং, ধামাপাৰা, সোণতলী, মন্দিৰা এন চিৰ লগতে পার্শ্বৱৰ্তী কেইবাখনো গাঁৱৰ সৰ্বসাধাৰণ লোকৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে যুগ যুগ ধৰি এনেদৰে টুলুঙা নাৱেৰে জলজলী নদী পাৰ হৈ যাতায়াত কৰিছে যদিও কোনো এখন চৰকাৰেই অঞ্চলটোৰ প্ৰায় ১০-১৫ সহস্রাধিক লোকৰ এনে নৰক যন্ত্রণা সদৃশ যাতায়াত সুচল কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। জলজলী নদীয়ে বৃহত্তৰ মালিবাৰী অঞ্চলক দুটা ভাগত বিভক্ত কৰি ৰখাৰ বাবেই অঞ্চলবাসীয়ে বহু ক্ষেত্ৰত পিছ পৰি থাকিবলগীয়া হৈছে। 


জলজলী নদীৰ ওপৰত এখন দলং নথকাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ লোক সকলে লাভ কৰা নাই এম্বুলেঞ্চ আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ গাড়ী। বিশেষকৈ অঞ্চলটোলৈ এম্বুলেঞ্চ সেৱাৰ গাড়ী অহা যোৱা কৰিব নোৱাৰাৰ বাবেই বহু সময়ত গৰ্ভৱতী, প্রসূতি আৰু অন্যান্য মুমূর্ষু ৰোগীসকলক ঠেলা অথবা সাঙীৰে কঢ়িয়াই চিকিৎসালয়লৈ নিবলগীয়া হয়। অঞ্চলটোৰ শতাধিক ছাত্র-ছাত্রীয়ে দৈনিক অতিকৈ বিপজ্জনক আৰু অসুৰক্ষিতভাৱে টুলুঙা নাৱেৰে পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে। নির্বাচন আহিলেই জলজলী নদীৰ ওপৰত দলং নিৰ্মাণ কৰা হ'ব বুলি প্রতিশ্রুতি প্ৰদান কৰিলেও পৰৱৰ্তী সময়ত দলংতো দূৰৰে কথা অঞ্চলবাসীৰ মুখৰ পিনেই ঘূৰি নাচায় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মন্ত্ৰী-বিধায়কসকলে। 


বিগত দহ বছৰত ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰামাঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰত কেতবোৰ সুদূৰপ্ৰসাৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলেও চৰকাৰৰ পৰা এনে সুবিধা আদায়ৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে পূৰ্বৰ বকো সমষ্টিৰ বৰ্তমানৰ বিধায়িকা নন্দিতা দাসে। সংখ্যালঘু লোকৰ ভোটেৰে দুবাৰকৈ বিধায়ক নির্বাচিত হোৱা নন্দিতা দাসে মিছা আস্ফালনৰ বাহিৰে সমষ্টিবাসীক বিশেষ একোৱেই দিব পৰা নাই বুলি ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে। ৰাইজে বৃহত্তৰ অঞ্চলটোৰ বিপদসংকুল যাতায়াত ব্যৱস্থাৰ ওৰ পেলাবলৈ জলজলী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ