--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বর্তমান ট্রাম্প প্রশাসনৰ কাম-কাজ তথা নীতিক লৈ অসন্তুষ্ট লোকসকলৰ উমৈহতীয় মঞ্চ ৰিমুভেল কোৱালিশ্যনে এই প্রতিবাদী সমাৱেশৰ আহবান জনাইছিল।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক পদৰ পৰা আঁতৰোৱাৰ দাবীত শনিবাৰে ৰাজধানী ৱাশ্বিংটনত হাজাৰ হাজাৰ লোকে প্রতিবাদ কৰে। 'ৰিম'ভ দ্য ৰিজিম' শীর্ষক প্রতিবাদী সমাৱেশত বৃহৎসংখ্যক লোকে অংশগ্রহণ কৰে। 


তেওঁলোকে ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে সংসদত মহাভিযোগৰ প্ৰস্তাৱ উত্থাপন কৰা, বিচাৰ কৰা আৰু অপসাৰণ কৰাৰ দাবী জনায়। বর্তমান ট্রাম্প প্রশাসনৰ কাম-কাজ তথা নীতিক লৈ অসন্তুষ্ট লোকসকলৰ উমৈহতীয় মঞ্চ ৰিমুভেল কোৱালিশ্যনে এই প্রতিবাদী সমাৱেশৰ আহবান জনাইছিল। প্রতিবাদত টেক্সাছৰ সাংসদ অল গ্রীন আৰু আৰক্ষীৰ প্রাক্তন বিষয়া মাইকেল ফেননৰ দৰে ব্যক্তিও উপস্থিত আছিল। আনহাতে, প্রখ্যাত বেণ্ড ড্রপকিক মাফিজ আৰু আৰ্টিষ্ট আর্থ টু ইভে সমাৱেশত প্রতিবাদী গীত পৰিৱেশন কৰে। পাছত তেওঁলোকে প্রতিবাদী সমদলো উলিয়ায়। 


সমাৱেশত উপস্থিত থকা মাইকেল ফেননে কয় যে আমেৰিকাৰ সংখ্যাগৰিষ্ঠ জনসংখ্যাক অৱহেলা কৰাটো সহ্য কৰা নহ'ব। আনহাতে, অল গ্রীনে ঘোষণা কৰে যে বৰদিনৰ আগতে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ দাখিল কৰা হ'ব। তেওঁ কয় যে আমেৰিকাৰ পৰিৱেশ উন্নত হোৱা নাই, বৰং অধিক বেয়াৰ ফালেহে গৈছে। তেওঁ কয়, 'আমি তেওঁৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ উত্থাপন কৰিব লাগিব, তেওঁ মহাভিযোগত অভিযুক্ত কৰিব লাগিব আৰু তেওঁক আঁতৰাব লাগিব, যাতে ভবিষ্যতে কোনো একনায়কত্ববাদী নেতাই চৰকাৰ দখলৰ কথা ভাবিব নোৱাৰে।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ