--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বর্তমান ট্রাম্প প্রশাসনৰ কাম-কাজ তথা নীতিক লৈ অসন্তুষ্ট লোকসকলৰ উমৈহতীয় মঞ্চ ৰিমুভেল কোৱালিশ্যনে এই প্রতিবাদী সমাৱেশৰ আহবান জনাইছিল।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক পদৰ পৰা আঁতৰোৱাৰ দাবীত শনিবাৰে ৰাজধানী ৱাশ্বিংটনত হাজাৰ হাজাৰ লোকে প্রতিবাদ কৰে। 'ৰিম'ভ দ্য ৰিজিম' শীর্ষক প্রতিবাদী সমাৱেশত বৃহৎসংখ্যক লোকে অংশগ্রহণ কৰে। 


তেওঁলোকে ৰাষ্ট্ৰপতি ট্রাম্পৰ বিৰুদ্ধে সংসদত মহাভিযোগৰ প্ৰস্তাৱ উত্থাপন কৰা, বিচাৰ কৰা আৰু অপসাৰণ কৰাৰ দাবী জনায়। বর্তমান ট্রাম্প প্রশাসনৰ কাম-কাজ তথা নীতিক লৈ অসন্তুষ্ট লোকসকলৰ উমৈহতীয় মঞ্চ ৰিমুভেল কোৱালিশ্যনে এই প্রতিবাদী সমাৱেশৰ আহবান জনাইছিল। প্রতিবাদত টেক্সাছৰ সাংসদ অল গ্রীন আৰু আৰক্ষীৰ প্রাক্তন বিষয়া মাইকেল ফেননৰ দৰে ব্যক্তিও উপস্থিত আছিল। আনহাতে, প্রখ্যাত বেণ্ড ড্রপকিক মাফিজ আৰু আৰ্টিষ্ট আর্থ টু ইভে সমাৱেশত প্রতিবাদী গীত পৰিৱেশন কৰে। পাছত তেওঁলোকে প্রতিবাদী সমদলো উলিয়ায়। 


সমাৱেশত উপস্থিত থকা মাইকেল ফেননে কয় যে আমেৰিকাৰ সংখ্যাগৰিষ্ঠ জনসংখ্যাক অৱহেলা কৰাটো সহ্য কৰা নহ'ব। আনহাতে, অল গ্রীনে ঘোষণা কৰে যে বৰদিনৰ আগতে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ দাখিল কৰা হ'ব। তেওঁ কয় যে আমেৰিকাৰ পৰিৱেশ উন্নত হোৱা নাই, বৰং অধিক বেয়াৰ ফালেহে গৈছে। তেওঁ কয়, 'আমি তেওঁৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ উত্থাপন কৰিব লাগিব, তেওঁ মহাভিযোগত অভিযুক্ত কৰিব লাগিব আৰু তেওঁক আঁতৰাব লাগিব, যাতে ভবিষ্যতে কোনো একনায়কত্ববাদী নেতাই চৰকাৰ দখলৰ কথা ভাবিব নোৱাৰে।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু