--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰদিনৰ সময়ত খ্ৰীষ্টানৰ বিৰুদ্ধে হোৱা আক্রমণৰ প্ৰতিক্ৰিয়াত এছ এফ জেৰ মুৰব্বী সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন খ্রীষ্টান গৃহভূমি সৃষ্টিৰ আহ্বান জনাইছে, যিখনৰ তেওঁ নাম দিছে 'ট্রাম্পলেণ্ড'।

ডিজিটেল ডেস্ক : বাংলাদেশৰ চৰমপন্থী তথা মৌলবাদী নেতা-সংগঠনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ বাতৰি শেহতীয়াকৈ প্রকাশ পোৱাৰ সময়তে এইবাৰ এনে ষড়যন্ত্রত নিষিদ্ধ খালিস্তানপন্থী সংগঠন শিখছ ফৰ জাষ্টিচ (এছ এফ জে) জড়িত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।


বৰদিনৰ সময়ত খ্ৰীষ্টানৰ বিৰুদ্ধে হোৱা আক্রমণৰ প্ৰতিক্ৰিয়াত এছ এফ জেৰ মুৰব্বী সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন খ্রীষ্টান গৃহভূমি সৃষ্টিৰ আহ্বান জনাইছে, যিখনৰ তেওঁ নাম দিছে 'ট্রাম্পলেণ্ড'। 


একাধিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, এছ এফ জেই অসম, অৰুণাচল, নগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাক লৈ এখন মানচিত্রও প্রকাশ কৰিছে। এছ এফ জেয়ে কয় যে খ্রীষ্টান সংখ্যাগৰিষ্ঠ উক্ত অঞ্চলে উৎপীড়িত সংখ্যালঘুৰ আশ্রয়স্থলী ৰূপে কাম কৰিব। এটা ভিডিঅ' বিবৃতিত এছ এফ জেৰ মুৰব্বী পানুৱে 'ভাৰতত খ্ৰীষ্টান সাংস্কৃতিক, শাৰীৰিক আৰু ৰাজনৈতিক বিপদ'ৰ সন্মুখীন হৈছে বুলি অভিযোগ কৰি প্ৰত্যক্ষভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক আহ্বান জনায়। 


পান্নুৱে কয়, 'ৰাষ্ট্ৰপতি ট্রাম্প হৈছে বিশ্বৰ একমাত্র সাহস, কর্তৃত্ব আৰু সমল থকা নেতা, যি এই পৰিস্থিতিত হস্তক্ষেপ কৰিব পাৰিব।' তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত বাইবেলৰ ধর্মোপদেশ দিয়াটো অপৰাধ হৈ পৰিছে, গির্জা জ্বলাই দিয়া হৈছে আৰু খ্ৰীষ্টানৰ গাঁৱত আক্ৰমণ কৰা হৈছে। তেওঁ অভিযোগ কৰি কয়, 'যি সময়ত বিশ্বই বৰদিন উদ্যাপন কৰিছে, সেই সময়ত ভাৰতৰ খ্ৰীষ্টান সংগঠিত হিংসা, আক্রমণ আৰু উৎপীড়নৰ সন্মুখীন হৈছে। 'বর্ধিত অসনশীলতা'ৰ প্ৰমাণ হিচাপে পান্নুৱে শেহতীয়াকৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ কথাৰো উদ্ধৃতি দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ