--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বৰদিনৰ সময়ত খ্ৰীষ্টানৰ বিৰুদ্ধে হোৱা আক্রমণৰ প্ৰতিক্ৰিয়াত এছ এফ জেৰ মুৰব্বী সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন খ্রীষ্টান গৃহভূমি সৃষ্টিৰ আহ্বান জনাইছে, যিখনৰ তেওঁ নাম দিছে 'ট্রাম্পলেণ্ড'।

ডিজিটেল ডেস্ক : বাংলাদেশৰ চৰমপন্থী তথা মৌলবাদী নেতা-সংগঠনে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচনাৰ বাতৰি শেহতীয়াকৈ প্রকাশ পোৱাৰ সময়তে এইবাৰ এনে ষড়যন্ত্রত নিষিদ্ধ খালিস্তানপন্থী সংগঠন শিখছ ফৰ জাষ্টিচ (এছ এফ জে) জড়িত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।


বৰদিনৰ সময়ত খ্ৰীষ্টানৰ বিৰুদ্ধে হোৱা আক্রমণৰ প্ৰতিক্ৰিয়াত এছ এফ জেৰ মুৰব্বী সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এখন খ্রীষ্টান গৃহভূমি সৃষ্টিৰ আহ্বান জনাইছে, যিখনৰ তেওঁ নাম দিছে 'ট্রাম্পলেণ্ড'। 


একাধিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, এছ এফ জেই অসম, অৰুণাচল, নগালেণ্ড, মিজোৰাম, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাক লৈ এখন মানচিত্রও প্রকাশ কৰিছে। এছ এফ জেয়ে কয় যে খ্রীষ্টান সংখ্যাগৰিষ্ঠ উক্ত অঞ্চলে উৎপীড়িত সংখ্যালঘুৰ আশ্রয়স্থলী ৰূপে কাম কৰিব। এটা ভিডিঅ' বিবৃতিত এছ এফ জেৰ মুৰব্বী পানুৱে 'ভাৰতত খ্ৰীষ্টান সাংস্কৃতিক, শাৰীৰিক আৰু ৰাজনৈতিক বিপদ'ৰ সন্মুখীন হৈছে বুলি অভিযোগ কৰি প্ৰত্যক্ষভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক আহ্বান জনায়। 


পান্নুৱে কয়, 'ৰাষ্ট্ৰপতি ট্রাম্প হৈছে বিশ্বৰ একমাত্র সাহস, কর্তৃত্ব আৰু সমল থকা নেতা, যি এই পৰিস্থিতিত হস্তক্ষেপ কৰিব পাৰিব।' তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত বাইবেলৰ ধর্মোপদেশ দিয়াটো অপৰাধ হৈ পৰিছে, গির্জা জ্বলাই দিয়া হৈছে আৰু খ্ৰীষ্টানৰ গাঁৱত আক্ৰমণ কৰা হৈছে। তেওঁ অভিযোগ কৰি কয়, 'যি সময়ত বিশ্বই বৰদিন উদ্যাপন কৰিছে, সেই সময়ত ভাৰতৰ খ্ৰীষ্টান সংগঠিত হিংসা, আক্রমণ আৰু উৎপীড়নৰ সন্মুখীন হৈছে। 'বর্ধিত অসনশীলতা'ৰ প্ৰমাণ হিচাপে পান্নুৱে শেহতীয়াকৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ কথাৰো উদ্ধৃতি দিয়ে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু