--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশত ইনকিলাব মঞ্চৰ আহ্বায়ক তথা ছাত্র নেতা শ্বৰীফ ওছমান হাদীক যোৱা মাহত ঢাকাত মুখাধাৰী অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছতেই ৰাজধানী ঢাকাৰ লগতে সমগ্র দেশখনতে হিংসাৰ জুই জ্বলিছে।

ডিজিটেল ডেস্ক: বাংলাদেশত বর্তমান সময়ত হৈ থকা হিংসাত্মক ঘটনাৱলীৰ সৈতে ইছলামিক মৌলবাদী সংগঠন তথা নতুনকৈ ৰাজনৈতিক দল হিচাপে আত্মপ্রকাশ কৰা জামাত-এ-ইছলাম জড়িত থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ইছলামিক মৌলবাদী সংগঠনটোৱে এটা গোপন বার্তালাপ ফাদিল হোৱাৰ পাছতেই জামাত-এ-ইছলামৰ কু-কীর্তি প্রকাশ পাইছে।


বাংলাদেশত ইনকিলাব মঞ্চৰ আহ্বায়ক তথা ছাত্র নেতা শ্বৰীফ ওছমান হাদীক যোৱা মাহত ঢাকাত মুখাধাৰী অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছতেই ৰাজধানী ঢাকাৰ লগতে সমগ্র দেশখনতে হিংসাৰ জুই জ্বলিছে। বহুতো চহৰ-গাঁৱত অগ্নিসংযোগৰ ঘটনা আৰু উন্মত্ত জনতাৰ আক্ৰমণ সংঘটিত হৈছে। কেইবাজনো সংখ্যালঘু হিন্দু উন্মত্ত জনতাৰ আক্ৰমণত নিহত হৈছে।


ইয়াৰ বাবেই বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে, কিন্তু এই হিংসাত্মক ঘটনাৰ আঁৰত কোন বা কোনে এই আক্রমণ সংঘটিত কৰিছে সেইটো স্পষ্ট হোৱা নাছিল। শেহতীয়াকৈ এই হিংসাত্মক ঘটনাৱলীৰ ষড়যন্ত্রকাৰী হিচাপে চিহ্নিত হৈছে জামাত-এ-ইছলাম। জামাত-এ-ইছলামৰ অভ্যন্তৰীণ এটা বার্তালাপত উদ্ধাৰ হৈছে যে সমগ্র ঘটনাৱলীৰ আঁৰত আছে ইছলামিক মৌলবাদী সংগঠনটো।


চোৰাংচোৱাৰ সূত্ৰসমূহে প্রকাশ কৰা মতে, গোপন বার্তালাপটোত ওছমান হাদীৰ হত্যাৰ বিষয়ত আলোচনা কৰা হৈছে। এই হত্যাকাণ্ডত জড়িত শ্বুটাৰজনক ২০ লাখ বাংলাদেশী টাকা দিয়াৰ কথাও কোৱা হৈছে। গোটেই হত্যাকাণ্ডটোৰ বাবে ১ কোটি টাকাত বন্দোৱক্তি কৰা হৈছিল যদিও জামাতে ২০ লাখ টাকাহে দিয়াৰ কথা কৈছিল। শেষত শ্বুটাৰজনক সংগঠনটোৱে ৭০ লাখ টাকা দিবলৈ সন্মত হয় বুলি বার্তালাপত আলোচিত হৈছিল। জামাতৰ বাবে ৰাজনৈতিক প্রতিদ্বন্দ্বী হিচাপে থিয় দিয়াৰ বাবেই ওছমান হাদীক হত্যা কৰা হ'ল বুলি বার্তালাপত উল্লেখ কৰা হৈছে। যদি প্রকৃততে এই বার্তালাপ সত্য বুলি প্রমাণিত হয়, তেনেহ'লে সমগ্র বাংলাদেশক অস্থিৰ কৰাৰ বাবে জামাত-এ-ইছলামে এই ইচ্ছাকৃত ষড়যন্ত্র কৰাটো প্রতিপন্ন হ'ব। বাংলাদেশত হিন্দু আৰু ভাৰত-বিৰোধী অপপ্ৰচাৰৰ বাবেও জামাতে এই ষড়যন্ত্র কৰিছিল বুলি ইতিমধ্যে স্পষ্ট হৈছে। আনহাতে দেশখনৰ জনসাধাৰণক হিন্দু-বিৰোধী কৰাৰ অভিসন্ধিৰে জমাতে যোৱা বছৰৰ ছাত্ৰ বিক্ষোভৰ গুৰি ধৰোঁতা ছাত্র নেতা এজনক হত্যা কৰিবলৈ সিদ্ধান্ত লৈছিল বুলি বার্তালাপটোত উল্লেখ কৰিছে।


উল্লেখযোগ্য যে এই গোপন বার্তালাপটো ঢাকাস্থিত জামাতৰ এটা কাৰ্যালয়ৰ পৰা কৰা হৈছিল। আনহাতে, ভাৰতীয় সংবাদ মাধ্যমত পূর্বতে প্রকাশ পাইছে যে পাকিস্তানৰ আই এছ আইৰ প্রত্যক্ষ সমর্থনত জামাত-এ-ইছলামে বাংলাদেশত ভাৰত-বিৰোধী অভিযান আৰম্ভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু