--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশত ইনকিলাব মঞ্চৰ আহ্বায়ক তথা ছাত্র নেতা শ্বৰীফ ওছমান হাদীক যোৱা মাহত ঢাকাত মুখাধাৰী অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছতেই ৰাজধানী ঢাকাৰ লগতে সমগ্র দেশখনতে হিংসাৰ জুই জ্বলিছে।

ডিজিটেল ডেস্ক: বাংলাদেশত বর্তমান সময়ত হৈ থকা হিংসাত্মক ঘটনাৱলীৰ সৈতে ইছলামিক মৌলবাদী সংগঠন তথা নতুনকৈ ৰাজনৈতিক দল হিচাপে আত্মপ্রকাশ কৰা জামাত-এ-ইছলাম জড়িত থকাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ইছলামিক মৌলবাদী সংগঠনটোৱে এটা গোপন বার্তালাপ ফাদিল হোৱাৰ পাছতেই জামাত-এ-ইছলামৰ কু-কীর্তি প্রকাশ পাইছে।


বাংলাদেশত ইনকিলাব মঞ্চৰ আহ্বায়ক তথা ছাত্র নেতা শ্বৰীফ ওছমান হাদীক যোৱা মাহত ঢাকাত মুখাধাৰী অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ পাছতেই ৰাজধানী ঢাকাৰ লগতে সমগ্র দেশখনতে হিংসাৰ জুই জ্বলিছে। বহুতো চহৰ-গাঁৱত অগ্নিসংযোগৰ ঘটনা আৰু উন্মত্ত জনতাৰ আক্ৰমণ সংঘটিত হৈছে। কেইবাজনো সংখ্যালঘু হিন্দু উন্মত্ত জনতাৰ আক্ৰমণত নিহত হৈছে।


ইয়াৰ বাবেই বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে, কিন্তু এই হিংসাত্মক ঘটনাৰ আঁৰত কোন বা কোনে এই আক্রমণ সংঘটিত কৰিছে সেইটো স্পষ্ট হোৱা নাছিল। শেহতীয়াকৈ এই হিংসাত্মক ঘটনাৱলীৰ ষড়যন্ত্রকাৰী হিচাপে চিহ্নিত হৈছে জামাত-এ-ইছলাম। জামাত-এ-ইছলামৰ অভ্যন্তৰীণ এটা বার্তালাপত উদ্ধাৰ হৈছে যে সমগ্র ঘটনাৱলীৰ আঁৰত আছে ইছলামিক মৌলবাদী সংগঠনটো।


চোৰাংচোৱাৰ সূত্ৰসমূহে প্রকাশ কৰা মতে, গোপন বার্তালাপটোত ওছমান হাদীৰ হত্যাৰ বিষয়ত আলোচনা কৰা হৈছে। এই হত্যাকাণ্ডত জড়িত শ্বুটাৰজনক ২০ লাখ বাংলাদেশী টাকা দিয়াৰ কথাও কোৱা হৈছে। গোটেই হত্যাকাণ্ডটোৰ বাবে ১ কোটি টাকাত বন্দোৱক্তি কৰা হৈছিল যদিও জামাতে ২০ লাখ টাকাহে দিয়াৰ কথা কৈছিল। শেষত শ্বুটাৰজনক সংগঠনটোৱে ৭০ লাখ টাকা দিবলৈ সন্মত হয় বুলি বার্তালাপত আলোচিত হৈছিল। জামাতৰ বাবে ৰাজনৈতিক প্রতিদ্বন্দ্বী হিচাপে থিয় দিয়াৰ বাবেই ওছমান হাদীক হত্যা কৰা হ'ল বুলি বার্তালাপত উল্লেখ কৰা হৈছে। যদি প্রকৃততে এই বার্তালাপ সত্য বুলি প্রমাণিত হয়, তেনেহ'লে সমগ্র বাংলাদেশক অস্থিৰ কৰাৰ বাবে জামাত-এ-ইছলামে এই ইচ্ছাকৃত ষড়যন্ত্র কৰাটো প্রতিপন্ন হ'ব। বাংলাদেশত হিন্দু আৰু ভাৰত-বিৰোধী অপপ্ৰচাৰৰ বাবেও জামাতে এই ষড়যন্ত্র কৰিছিল বুলি ইতিমধ্যে স্পষ্ট হৈছে। আনহাতে দেশখনৰ জনসাধাৰণক হিন্দু-বিৰোধী কৰাৰ অভিসন্ধিৰে জমাতে যোৱা বছৰৰ ছাত্ৰ বিক্ষোভৰ গুৰি ধৰোঁতা ছাত্র নেতা এজনক হত্যা কৰিবলৈ সিদ্ধান্ত লৈছিল বুলি বার্তালাপটোত উল্লেখ কৰিছে।


উল্লেখযোগ্য যে এই গোপন বার্তালাপটো ঢাকাস্থিত জামাতৰ এটা কাৰ্যালয়ৰ পৰা কৰা হৈছিল। আনহাতে, ভাৰতীয় সংবাদ মাধ্যমত পূর্বতে প্রকাশ পাইছে যে পাকিস্তানৰ আই এছ আইৰ প্রত্যক্ষ সমর্থনত জামাত-এ-ইছলামে বাংলাদেশত ভাৰত-বিৰোধী অভিযান আৰম্ভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ