ডিজিটেল ডেস্ক :আকাশী পথেৰে আহি জাগীৰোডত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ৷
জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত "এন্টাৰপ্ৰাইজ আছাম, বিকশিত ভাৰত ২০৪৭” শীৰ্ষক এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই বিশেষ অনুষ্ঠানত ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকি অসমৰ ছাত্র-ছাত্ৰী, স্টাৰ্ট-আপ উদ্যোগপতি আৰু জ্যেষ্ঠ উদ্যোগপতিসকলৰ সৈতে এক গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰে।
আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা,অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ , জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,মুখ্য সচিব ড° ৰবি কোটা, জিলা আয়ুক্ত অনামিকা তিৱাৰী ,টাটা ইলেক্ট্ৰনিক্সৰ চি ই অ' ড° ৰন্ধীৰ ঠাকুৰ, ডি আই পি আৰ, ডি আই আই এচ আৰু এ আই ডি চিৰ জেষ্ঠ বিষয়াসকল, লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে ।
প্ৰথমে অংশগ্ৰহণকাৰীসকলে টি এচ এ টি প্ৰকল্প পৰিসৰলৈ স্থানান্তৰ হয় আৰু তেওঁলোকে টাটা ছেমিকণ্ডাক্টৰ প্লান্টৰ প্ৰগতি, উৎপাদন পৰ্যায় আৰু ব্যৱহৃত আধুনিক প্ৰযুক্তিৰ বিষয়ে এক সংক্ষিপ্ত পৰিদৰ্শন কৰে। তাৰ পিছত অনুষ্ঠানৰ মূল কাৰ্যসূচী আৰম্ভণি হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলে গোৱা ‘বন্দে মাতৰম’ গীতৰ দ্বাৰা অনুষ্ঠানটি উদ্বোধন কৰা হয় ।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ছাত্ৰ-ছাত্ৰী, উদ্যোগপতি আৰু স্টাৰ্ট-আপ প্ৰতিনিধিসকলৰ সৈতে এক অনুপ্ৰেৰণামূলক মত-বিনিময় পৰে । তেওঁ অসমৰ উদ্যোগ আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে বিস্তাৰিত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু সহযোগিতাৰ বিষয়ে আলোকপাত কৰে ।