--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আকাশী পথেৰে আহি জাগীৰোডত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ৷

ডিজিটেল ডেস্ক :আকাশী পথেৰে আহি জাগীৰোডত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ৷ 


জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত "এন্টাৰপ্ৰাইজ আছাম, বিকশিত ভাৰত ২০৪৭” শীৰ্ষক এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। এই বিশেষ অনুষ্ঠানত ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকি অসমৰ ছাত্র-ছাত্ৰী, স্টাৰ্ট-আপ উদ্যোগপতি আৰু জ্যেষ্ঠ উদ্যোগপতিসকলৰ সৈতে এক গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰে। 


আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা,অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ , জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,মুখ্য সচিব ড° ৰবি কোটা, জিলা আয়ুক্ত অনামিকা তিৱাৰী ,টাটা ইলেক্ট্ৰনিক্সৰ চি ই অ' ড° ৰন্ধীৰ ঠাকুৰ, ডি আই পি আৰ, ডি আই আই এচ আৰু এ আই ডি চিৰ জেষ্ঠ বিষয়াসকল, লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে ।


প্ৰথমে অংশগ্ৰহণকাৰীসকলে টি এচ এ টি প্ৰকল্প পৰিসৰলৈ স্থানান্তৰ হয় আৰু তেওঁলোকে টাটা ছেমিকণ্ডাক্টৰ প্লান্টৰ প্ৰগতি, উৎপাদন পৰ্যায় আৰু ব্যৱহৃত আধুনিক প্ৰযুক্তিৰ বিষয়ে এক সংক্ষিপ্ত পৰিদৰ্শন কৰে। তাৰ পিছত অনুষ্ঠানৰ মূল কাৰ্যসূচী আৰম্ভণি হয়, য’ত ছাত্ৰ-ছাত্ৰীসকলে গোৱা ‘বন্দে মাতৰম’ গীতৰ দ্বাৰা অনুষ্ঠানটি উদ্বোধন কৰা হয় । 


বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ছাত্ৰ-ছাত্ৰী, উদ্যোগপতি আৰু স্টাৰ্ট-আপ প্ৰতিনিধিসকলৰ সৈতে এক অনুপ্ৰেৰণামূলক মত-বিনিময় পৰে । তেওঁ অসমৰ উদ্যোগ আৰু বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে বিস্তাৰিত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু সহযোগিতাৰ বিষয়ে আলোকপাত কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন