--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শীতৰ সুস্বাদু ফল কমলাৰ বতৰ এয়া। বর্তমান ৰাজ্যৰ বজাৰ ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাৰে। আঘোণৰ বতৰত কোমল ৰ'দত বহি কমলা খোৱাৰ মাদকতাই অনন্য।

ডিজিটেল ডেস্ক : শীতৰ সুস্বাদু খাদ্য কমলা। অসমৰ বজাৰত বর্তমান কমলা উভৈনদী। দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তবর্তী অঞ্চলসমূহত উৎপাদিত কমলাৰ সমাদৰ সুকীয়া। অৱশ্যে কমলা উৎপাদনৰ স্থান হিচাপে চিহ্নিত এই ঠাইসমূহৰ কৃষকে নাপায় কৃষি বিভাগৰ সামান্য সা-সুবিধাও।



শীতৰ সুস্বাদু ফল কমলাৰ বতৰ এয়া। বর্তমান ৰাজ্যৰ বজাৰ ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাৰে। আঘোণৰ বতৰত কোমল ৰ'দত বহি কমলা খোৱাৰ মাদকতাই অনন্য। বজাৰত এতিয়া প্রতিটো কমলাৰ দাম দহ টকা পর্যন্ত। কিন্তু ৰাজ্যত কমলা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো চাহিদা অনুযায়ী উৎপাদন নহয় কমলাৰ। সেয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা কমলাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। দক্ষিণ কামৰূপৰ উমচুৰ, জিমিৰিগাও, কুণ্ডিলনগৰ বৰদুৱাৰ, ৰাজাপাৰা, আদি অঞ্চল কমলা খেতিৰ বাবে উপযোগী স্থান। কিন্তু ক্রমান্বয়ে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱর্তী এই অঞ্চলসমূহত কমলাৰ উৎপাদন কমি আহিছে।



কৃষকে নাপায় ৰাজ্যৰ কৃষিবিভাগৰ কোনো সা-সুবিধা। চৰকাৰী ফাইলতে সীমাবদ্ধ থাকে কৃষি উন্নয়নব বিভিন্ন আঁচনি। টেক'ল'জী মিছনৰ জৰিয়তে উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বছৰি খৰচ কৰে কোটি কোটি টকা। কিন্তু কৃষকে নাপায় ইয়াৰ সুবিধাসমূহ। সেয়ে নিজৰ সাঁচতীয়া ধনেৰেই আওপুৰণি পদ্ধতিৰে কৃষিকার্য সমাপন কৰিছে কৃষকে।



অন্যহাতে, ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰীৰ ওপৰত সঠিক মূল্য নোপোৱাৰ দৰে কমলাৰ কৃষকেও নাপায় উচিত দাম। মধ্যভোগীয়ে কৃষকৰ পৰা দহ টকা দৰত কমলা ক্ৰয় কৰি বিক্ৰী কৰে উচ্চ হাৰত। নিম্নমানৰ মূল্য আৰু কমলা গছৰ বিভিন্ন ৰোগৰ বাবে বৰ্তমান হতাশাত ভাগি পৰিছে কৃষকসকল। যাৰ ফলত গ্রাম্য অর্থনীতিত বহুল প্রভাব পেলাব পৰা দক্ষিণ কামৰূপৰ সুস্বাদু কমলা হয়টো ক্রমান্বয়ে নাইকীয়া হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ