--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শীতৰ সুস্বাদু ফল কমলাৰ বতৰ এয়া। বর্তমান ৰাজ্যৰ বজাৰ ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাৰে। আঘোণৰ বতৰত কোমল ৰ'দত বহি কমলা খোৱাৰ মাদকতাই অনন্য।

ডিজিটেল ডেস্ক : শীতৰ সুস্বাদু খাদ্য কমলা। অসমৰ বজাৰত বর্তমান কমলা উভৈনদী। দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তবর্তী অঞ্চলসমূহত উৎপাদিত কমলাৰ সমাদৰ সুকীয়া। অৱশ্যে কমলা উৎপাদনৰ স্থান হিচাপে চিহ্নিত এই ঠাইসমূহৰ কৃষকে নাপায় কৃষি বিভাগৰ সামান্য সা-সুবিধাও।



শীতৰ সুস্বাদু ফল কমলাৰ বতৰ এয়া। বর্তমান ৰাজ্যৰ বজাৰ ভৰি পৰিছে থলুৱা আৰু আমদানিকৃত কমলাৰে। আঘোণৰ বতৰত কোমল ৰ'দত বহি কমলা খোৱাৰ মাদকতাই অনন্য। বজাৰত এতিয়া প্রতিটো কমলাৰ দাম দহ টকা পর্যন্ত। কিন্তু ৰাজ্যত কমলা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো চাহিদা অনুযায়ী উৎপাদন নহয় কমলাৰ। সেয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনা কমলাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। দক্ষিণ কামৰূপৰ উমচুৰ, জিমিৰিগাও, কুণ্ডিলনগৰ বৰদুৱাৰ, ৰাজাপাৰা, আদি অঞ্চল কমলা খেতিৰ বাবে উপযোগী স্থান। কিন্তু ক্রমান্বয়ে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৱর্তী এই অঞ্চলসমূহত কমলাৰ উৎপাদন কমি আহিছে।



কৃষকে নাপায় ৰাজ্যৰ কৃষিবিভাগৰ কোনো সা-সুবিধা। চৰকাৰী ফাইলতে সীমাবদ্ধ থাকে কৃষি উন্নয়নব বিভিন্ন আঁচনি। টেক'ল'জী মিছনৰ জৰিয়তে উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বছৰি খৰচ কৰে কোটি কোটি টকা। কিন্তু কৃষকে নাপায় ইয়াৰ সুবিধাসমূহ। সেয়ে নিজৰ সাঁচতীয়া ধনেৰেই আওপুৰণি পদ্ধতিৰে কৃষিকার্য সমাপন কৰিছে কৃষকে।



অন্যহাতে, ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰীৰ ওপৰত সঠিক মূল্য নোপোৱাৰ দৰে কমলাৰ কৃষকেও নাপায় উচিত দাম। মধ্যভোগীয়ে কৃষকৰ পৰা দহ টকা দৰত কমলা ক্ৰয় কৰি বিক্ৰী কৰে উচ্চ হাৰত। নিম্নমানৰ মূল্য আৰু কমলা গছৰ বিভিন্ন ৰোগৰ বাবে বৰ্তমান হতাশাত ভাগি পৰিছে কৃষকসকল। যাৰ ফলত গ্রাম্য অর্থনীতিত বহুল প্রভাব পেলাব পৰা দক্ষিণ কামৰূপৰ সুস্বাদু কমলা হয়টো ক্রমান্বয়ে নাইকীয়া হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু