--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বছৰৰ প্ৰতিটো নৱবৰ্ষৰ প্রাক্ষণত তথা শীতৰ আগমনৰ লগে লগে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ভিন্ন জাতৰ আলহী পখীৰ আগমন ঘটে ঐতিহাসিক পশুগড়লৈ।

ডিজিটেল ডেস্ক: প্ৰকৃতিৰ অন্যতম লীলাভূমি শিৱসাগৰলৈ বছৰৰ প্ৰতিমাহে দেশ-বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটাতো এক চিৰপৰিচিত পৰম্পৰা।


আহোম ৰাজত্ব কালৰ অলেখ সমলৰ কেন্দ্ৰস্থল শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তত বনভোজ দলৰ উপস্থিতিয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ উপৰি শিৱসাগৰৰ ৰুদ্রসাগৰৰ মানকটা তিনিআলিৰ সমীপৰ ঐতিহাসিক পশুগড়ত বিৰাজমান হৈ উঠা আলহী পখীৰ কলৰৱ পৰ্যটকৰ বাবে হৈ পৰিছে অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। 


বছৰৰ প্ৰতিটো নৱবৰ্ষৰ প্রাক্ষণত তথা শীতৰ আগমনৰ লগে লগে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ভিন্ন জাতৰ আলহী পখীৰ আগমন ঘটে ঐতিহাসিক পশুগড়লৈ। এছিয়াৰ প্ৰথমখন চিৰিয়াখানা নামেৰে পৰিচিত পশুগড়ত দিন-ৰাতি একাকাৰ কৰি আলহী পখীয়ে দৃষ্টিনন্দন পৰিৱেশ ৰচনা কৰি পৰ্যটকলৈ দিছে হাতবাউলি। জাক জাক আলহী পখীয়ে যেন সুধা ঢালিছে সংগীতৰ। পখীৰ কলৰৱত মুখৰিত পশুগড়ৰ প্ৰাকৃতিক সৌন্দর্যও বর্ণনাতীত। ঘনে ঘনে জাকে জাকে আহিছে- গৈছে আলহীপখী। মুক্ত মনেৰে বিচৰণ কৰা ভিন্ন ৰঙৰ আলহী পখীৰ বাবে পশুগড় যেন নিৰাপদ আশ্রয় স্থল। 


জলস্তৰতেই নহয় পশুগড়ৰ পাৰে পাৰে জাক জাক আলহী পখীয়ে আনন্দত আত্মহাৰা হৈ সৃষ্টি কৰা কলকলনি পৰ্যটকৰ বাবে হৈ পৰিছে মন ভৰাই তোলা আত্মতৃপ্তি। পখীকুলে গঢ়ি তোলা দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ নিতৌ এছিয়াৰ প্ৰথমখন চিৰিয়াখানালৈ ডিচেম্বৰ মাহতো বাদেই ১ জানুৱাৰীৰ পৰা নিতৌ বৃদ্ধি পাইছে দেশ-বিদেশৰ পৰ্যটকৰ আশানুৰূপ আগমন।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন