--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বৈঠকত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ সলনি উক্ত স্থানৰ নাম 'জুবিনক্ষেত্ৰ' কৰাৰ আৰু সেই স্থানত প্ৰৱেশ কৰিলেই যাতে সকলোৱে জুবিন গাৰ্গক, তেওঁৰ আৱেগক আৰু তেওঁৰ আত্মাক বিচাৰি পায় তেনেদৰে নিৰ্মাণ কৰাৰ বাবে প্ৰাণৰ শিল্পীজনৰ পৰিয়ালে আহ্বান জনায়।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে গঠন কৰা সমিতিখন কালি প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি অনুষ্ঠিত বৈঠকত সমিতিৰ অধিকাংশ সদস্যই অংশগ্ৰহণ কৰে। 


আনহাতে, কালিৰ বৈঠকত সমাধিক্ষেত্ৰ নির্মাণ সম্পর্কত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক সিদ্ধান্ত গ্রহণ কৰা হয়। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগে এই সমাধিক্ষেত্ৰত নিৰ্মাণ কৰিব। কিন্তু চৰকাৰে গঠন কৰি দিয়া ১১জনীয়া সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত নির্মাণকার্য সম্পন্ন কৰা হ'ব। বৈঠকত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰৰ সলনি উক্ত স্থানৰ নাম 'জুবিনক্ষেত্ৰ' কৰাৰ আৰু সেই স্থানত প্ৰৱেশ কৰিলেই যাতে সকলোৱে জুবিন গাৰ্গক, তেওঁৰ আৱেগক আৰু তেওঁৰ আত্মাক বিচাৰি পায় তেনেদৰে নিৰ্মাণ কৰাৰ বাবে প্ৰাণৰ শিল্পীজনৰ পৰিয়ালে আহ্বান জনায়। সোণাপুৰৰ জুবিনক্ষেত্র জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত নিৰ্মাণ কৰিবলৈ আৰু সেই স্থানত জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈয়ো পৰিয়ালে আহ্বান জনায়। 


প্রথম বৈঠকত অংশগ্রহণ কৰি গৰিমা শইকীয়া গার্গে জুবিনক্ষেত্ৰত পৰিয়ালে যিখিনি বিচাৰিছে সেইখিনি সমিতিৰ আগত প্ৰকাশ কৰা বুলি সদৰী কৰে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্রকাশ কৰে যে আজি জুবিনক্ষেত্র সম্পর্কত প্ৰথমবাৰৰ বাবে কেৱল আলোচনা কৰা হ'ল। জুবিনক্ষেত্র কিমান মাটিকালিৰ হ'ব প্রথমে লোকনির্মাণ বিভাগৰ আয়ুক্তই সেয়া নির্ধাৰণ কৰিব। তাৰ পাছতহে নক্সাৰ কথা আহিব। সন্মুখেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ছয়লেনযুক্ত হোৱাৰ কথা থকা বাবে সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখি নির্মাণকার্য হ'ব লাগিব। জুবিন গার্গে প্রকৃতিক বহুত ভাল পাইছিল বাবে প্ৰকৃতিৰ সৈতে সম্পূৰ্ণভাৱে সংপৃক্ত কৰি জুবিনক্ষেত্ৰ নিৰ্মাণ কৰাৰ কামনা কৰে পৰিয়ালে। অৱশ্যে ইয়াৰ সৈতে কাৰিকৰী আৰু প্রযুক্তিগত দিশটোও থাকিব লাগিব। আনহাতে, এই নির্মাণকার্য অনাগত দুই-তিনি বছৰৰ বাবে নহয়, দীর্ঘ সময়ৰ বাবে থাকিব। গতিকে নতুন প্রজন্মক সম্পূৰ্ণৰূপে সাঙুৰি সকলোৱে যাতে তাত নিজকে সংযুক্ত কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিব লাগিব বুলি গৰিমা শইকীয়া গার্গে প্রকাশ কৰে। যিদৰে জুবিন গাৰ্গৰ সৈতে সকলোৰে আত্মা, মন আৱেগেৰে সংপৃক্ত হৈ আছে সেইদৰে তাত প্ৰৱেশ কৰাৰ লগে লগে যাতে তেওঁক, তেওঁৰ আৱেগক আৰু তেওঁৰ আত্মাক বিচাৰি পায় তেনেদৰে নিৰ্মাণ কৰাৰ আহ্বান জনায়। বৈঠকত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে অংশগ্ৰহণ কৰে। দুয়ো জুবিন গার্গে কি কি ভাল পাইছিল, জুবিনক্ষেত্রক লৈ নিজৰ যি ধাৰণা সেয়া প্রকাশ কৰে। আৰু দুই-তিনিবাৰ বৈঠকত মিলিত হ'লে নতুন নতুন চিন্তা-চর্চাও মনলৈ আহিব বুলি তেওঁ কয়। কালিৰ বৈঠকখনক তেওঁ জুবিনক্ষেত্ৰৰ 'অংকুৰণ' আখ্যা দিয়ে। খৰখেদাকৈ নিৰ্মাণকাৰ্য কৰাৰ সলনি তেওঁ সময় লৈ খুব ভালকৈ নিৰ্মাণ কৰাৰ পোষকতা কৰে। তাত জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব বুলিও কয়। এতিয়া প্রতিটো পদক্ষেপ জুবিন গাৰ্গক সকলোৰে মাজত জীয়াই ৰখাৰ বাবে হ'ব লাগিব বুলি উল্লেখ কৰি গৰিমা শইকীয়া গার্গে সেয়ে সোণাপুৰৰ ক্ষেত্ৰক 'সমাধি' বা 'স্মৃতি' আদি শব্দ ব্যৱহাৰ নকৰাৰ আহ্বান জনাই কেৱল জুবিনক্ষেত্ৰ বুলি নামকৰণ কৰাৰ আহ্বান জনায়। 


আনহাতে, জুবিন গাৰ্গে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী পৰিয়ালে এতিয়া তেনেদৰেই ৰখা বুলি উল্লেখ কৰি সকলোবোৰ সামগ্ৰী জুবিনক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে জুবিন গাৰ্গ সমাধি নির্মাণ সমিতিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী ড° পামী বৰঠাকুৰৰ উপৰি পৰিচালক শ্যামন্তক গৌতম, আৰক্ষী বিষয়া তথা সাংস্কৃতিক কর্মী পাৰ্থ সাৰথি মহন্ত, বিশিষ্ট স্থাপত্যবিদ বীৰেন সিংহ, বিশিষ্ট কণ্ঠশিল্পী পুলক বেনার্জী, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া, বিশিষ্ট সংগীত শিল্পী দুলাল মানকী, ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত সংগীত পৰিচালক তথা কণ্ঠশিল্পী তৰালী শৰ্মা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ