--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ আই টিয়ে জুবিন গার্গে অন্তিম যাত্রা কৰা য়টত থকা শেষৰজন প্ৰৱাসী অসমীয়া বাজিদ আহমেদৰ লগতে য়টখনৰ দুই চালক-কর্মচাৰীৰো সাক্ষ্য গ্ৰহণৰ চেষ্টা চলাব।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অৱশেষত ছিংগাপুৰলৈ ৰাওনা হ'ল এছ আই টিৰ দল। ৰহস্যজনক পৰিস্থিতিত আৰু অকাল মৃত্যুক সাবটি লোৱা শিল্পীজনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যোৱা এছ আই টিৰ দুজনীয়া দলটোক নেতৃত্ব দিছে এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। আনহাতে কালি এছ আই টিৰ সন্মুখত নিজৰ ভাষ্য প্ৰদান কৰে এন কে প্রডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে।

উল্লেখযোগ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত ঘটনাস্থলীৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হ'ল অসম আৰক্ষীৰ এছ আই টিৰ এটা দুজনীয়া দল। এছ আই টিৰ মুৰব্বী তথা বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া আই পি এছ তৰুণ গোৱেল আজি ছিংগাপুৰত উপস্থিত হয়গৈ।

দলটোৱে আজি ছিংগাপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গৰ লগতে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ গোচৰৰ তদন্তকাৰী বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কীয় তথ্য-বিনিময়ো কৰিব। দলটোৱে ছিংগাপুৰত নিজাববীয়াকৈ কেতবোৰ তথ্য-প্রমাণ সংগ্ৰহ কৰাৰো চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

এছ আই টিয়ে জুবিন গার্গে অন্তিম যাত্রা কৰা য়টত থকা শেষৰজন প্ৰৱাসী অসমীয়া বাজিদ আহমেদৰ লগতে য়টখনৰ দুই চালক-কর্মচাৰীৰো সাক্ষ্য গ্ৰহণৰ চেষ্টা চলাব। ইয়াৰ উপৰি জুবিন গার্গে আশ্রয় লোৱা পঞ্চ তাৰকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ আৰু হোটেলত জুবিনে গ্ৰহণ কৰা খাদ্যৰ নমুনাৰ ফৰেনছিক প্রতিবেদনৰ লগতে শিল্পীজনৰ চিকিৎসা আৰু মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰো মতামত গ্ৰহণৰ চেষ্টা চলাব বুলি এছ আই টিয়ে প্রকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা