--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ আই টিয়ে জুবিন গার্গে অন্তিম যাত্রা কৰা য়টত থকা শেষৰজন প্ৰৱাসী অসমীয়া বাজিদ আহমেদৰ লগতে য়টখনৰ দুই চালক-কর্মচাৰীৰো সাক্ষ্য গ্ৰহণৰ চেষ্টা চলাব।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অৱশেষত ছিংগাপুৰলৈ ৰাওনা হ'ল এছ আই টিৰ দল। ৰহস্যজনক পৰিস্থিতিত আৰু অকাল মৃত্যুক সাবটি লোৱা শিল্পীজনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ ছিংগাপুৰলৈ যোৱা এছ আই টিৰ দুজনীয়া দলটোক নেতৃত্ব দিছে এছ আই টিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই। আনহাতে কালি এছ আই টিৰ সন্মুখত নিজৰ ভাষ্য প্ৰদান কৰে এন কে প্রডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীয়ে।


উল্লেখযোগ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত ঘটনাস্থলীৰ তদন্তৰ বাবে ছিংগাপুৰলৈ ৰাওনা হ'ল অসম আৰক্ষীৰ এছ আই টিৰ এটা দুজনীয়া দল। এছ আই টিৰ মুৰব্বী তথা বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া আই পি এছ তৰুণ গোৱেল আজি ছিংগাপুৰত উপস্থিত হয়গৈ।


দলটোৱে আজি ছিংগাপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গৰ লগতে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ গোচৰৰ তদন্তকাৰী বিষয়াৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কীয় তথ্য-বিনিময়ো কৰিব। দলটোৱে ছিংগাপুৰত নিজাববীয়াকৈ কেতবোৰ তথ্য-প্রমাণ সংগ্ৰহ কৰাৰো চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।


এছ আই টিয়ে জুবিন গার্গে অন্তিম যাত্রা কৰা য়টত থকা শেষৰজন প্ৰৱাসী অসমীয়া বাজিদ আহমেদৰ লগতে য়টখনৰ দুই চালক-কর্মচাৰীৰো সাক্ষ্য গ্ৰহণৰ চেষ্টা চলাব। ইয়াৰ উপৰি জুবিন গার্গে আশ্রয় লোৱা পঞ্চ তাৰকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ আৰু হোটেলত জুবিনে গ্ৰহণ কৰা খাদ্যৰ নমুনাৰ ফৰেনছিক প্রতিবেদনৰ লগতে শিল্পীজনৰ চিকিৎসা আৰু মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰো মতামত গ্ৰহণৰ চেষ্টা চলাব বুলি এছ আই টিয়ে প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ