--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জা মণ্ডপত বিশেষ স্থান পালে জুবিন গাৰ্গ মায়াবিনী গীতটোৱে। সম্পূৰ্ণ গীতটো লিপিবদ্ধ কৰাই ফ্লেক্স আৰি দিয়া হ’ল মণ্ডপৰ ওপৰৰ অংশত।

ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী শ্যামা পূজা । জুবিন গাৰ্গ বিহীন প্ৰথমটো দিপাৱলী আৰু কালী পূজাৰ দিনটোত গোৰেশ্বৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰম দৃশ্য। 


গোৰেশ্বৰ বজাৰ ৰোড শ্ৰী শ্ৰী শ্যামা পূজা স্থলীত এইবাৰ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে পালন কৰা হ’ল কালী পূজা। পূজা মণ্ডপত স্থান পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা বিভিন্ন গীতৰ আৰু বোলছবিৰ গীত কেছেটৰ ৰঙীন কভাৰে। চতুৰ্দশ সংখ্যক গোৰেশ্বৰ বজাৰ ৰোড শ্যামা পূজা সমিতিৰ দ্বাৰা দুদিনীয়াকৈ আয়োজিত পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে। আয়োজক সকলে অসমৰ প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে এইবেলি ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গৰ বিভিন্ন আলোকচিত্ৰ আৰু কেছেটৰ কভাৰৰে আটোম টোকাৰীকৈ সজাই তুলিলে পূজা মণ্ডপ। 


আনহাতে পূজা মণ্ডপত বিশেষ স্থান পালে জুবিন গাৰ্গ মায়াবিনী গীতটোৱে। সম্পূৰ্ণ গীতটো লিপিবদ্ধ কৰাই ফ্লেক্স আৰি দিয়া হ’ল মণ্ডপৰ ওপৰৰ অংশত। কোনো কালে অসমবাসীৰ অভাৱ পূৰণ কৰিব নোৱাৰা শিল্পী গৰাকীলৈ এইদৰে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিলে শ্যামা পূজা সমিতিয়ে। আনহাতে পুৱাৰ ভাগত জুবিন গাৰ্গৰ স্মৃতিত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ বাকৰিত ৰোপন কৰা হয় নাহৰৰ গছপুলি। আনহাতে দুদিনীয়াকৈ বৈদিক ৰীতি নীতিৰে পালন কৰা শ্যামা পূজা উপলক্ষে মহিলাৰ নাম-প্ৰংসগ ,নাগাৰা নাম আদি আয়োজিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী