--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জা মণ্ডপত বিশেষ স্থান পালে জুবিন গাৰ্গ মায়াবিনী গীতটোৱে। সম্পূৰ্ণ গীতটো লিপিবদ্ধ কৰাই ফ্লেক্স আৰি দিয়া হ’ল মণ্ডপৰ ওপৰৰ অংশত।

ডিজিটেল ডেস্কঃ এখন ব্যতিক্ৰমী শ্যামা পূজা । জুবিন গাৰ্গ বিহীন প্ৰথমটো দিপাৱলী আৰু কালী পূজাৰ দিনটোত গোৰেশ্বৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰম দৃশ্য। 


গোৰেশ্বৰ বজাৰ ৰোড শ্ৰী শ্ৰী শ্যামা পূজা স্থলীত এইবাৰ জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে পালন কৰা হ’ল কালী পূজা। পূজা মণ্ডপত স্থান পালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা বিভিন্ন গীতৰ আৰু বোলছবিৰ গীত কেছেটৰ ৰঙীন কভাৰে। চতুৰ্দশ সংখ্যক গোৰেশ্বৰ বজাৰ ৰোড শ্যামা পূজা সমিতিৰ দ্বাৰা দুদিনীয়াকৈ আয়োজিত পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিছে। আয়োজক সকলে অসমৰ প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে এইবেলি ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গৰ বিভিন্ন আলোকচিত্ৰ আৰু কেছেটৰ কভাৰৰে আটোম টোকাৰীকৈ সজাই তুলিলে পূজা মণ্ডপ। 


আনহাতে পূজা মণ্ডপত বিশেষ স্থান পালে জুবিন গাৰ্গ মায়াবিনী গীতটোৱে। সম্পূৰ্ণ গীতটো লিপিবদ্ধ কৰাই ফ্লেক্স আৰি দিয়া হ’ল মণ্ডপৰ ওপৰৰ অংশত। কোনো কালে অসমবাসীৰ অভাৱ পূৰণ কৰিব নোৱাৰা শিল্পী গৰাকীলৈ এইদৰে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিলে শ্যামা পূজা সমিতিয়ে। আনহাতে পুৱাৰ ভাগত জুবিন গাৰ্গৰ স্মৃতিত বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ বাকৰিত ৰোপন কৰা হয় নাহৰৰ গছপুলি। আনহাতে দুদিনীয়াকৈ বৈদিক ৰীতি নীতিৰে পালন কৰা শ্যামা পূজা উপলক্ষে মহিলাৰ নাম-প্ৰংসগ ,নাগাৰা নাম আদি আয়োজিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ