--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হাউলি পৰিল সংবাদ জগতৰ বটবৃক্ষস্বৰূপ ব্যক্তিত্ব। মহীৰূহ, স্বপ্নদ্ৰষ্টা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগে বিশাল শূন্যতাৰ সৃষ্টি কৰিলে সংবাদ জগতত।

ডিজিটেল ডেস্ক: অসমৰ সংবাদ জগতৰ পুৰোধা ব্যক্তি পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱা(পি জি বৰুৱা)ৰ দেহাৱসান। পি জি বৰুৱাৰ বিয়োগত মৰ্মাহত ৰাজ্যবাসী।


হাউলি পৰিল সংবাদ জগতৰ বটবৃক্ষস্বৰূপ ব্যক্তিত্ব। মহীৰূহ, স্বপ্নদ্ৰষ্টা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগে বিশাল শূন্যতাৰ সৃষ্টি কৰিলে সংবাদ জগতত।


৯৩ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ পি জি বৰুৱাৰ। গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালত মৃত্যুক সাবটি লয় বৰুৱাই।


১৯৩২ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্ম বৰুৱাৰ। ১৯৪৯ত প্ৰথম বিভাগ, দুটা বিষয়ত লেটাৰসহ মেট্ৰিক উত্তীৰ্ণ। ডিব্ৰুগড়তে স্কুলীয়া শিক্ষা সাং কৰিছিল পি জি বৰুৱাই। ১৯৫১ত কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ। কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা অৰ্থনীতিত অনাৰ্ছসহ স্নাতক। ১৯৫৭ত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা LLBত স্বৰ্ণ পদকপ্ৰাপ্ত আছিল বৰুৱা।


১৯৬২ চনত বাতৰি কাকত উদ্যোগত বৰুৱাই আৰম্ভ কৰে কৰ্মজীৱন। ৪ বছৰ পাছতে ১৯৬৬ত ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালকৰ দায়িত্ব লয় বৰুৱাই। ১৯৬৪ত সাংবাদিকতা আৰু ছপা উদ্যোগৰ বিষয়ে অধ্যয়নৰ বাবে UKৰ থমছন ফাউণ্ডেশ্বনৰ পৰা পাইছিল জলপানি। সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পি জি বৰুৱাক সন্মানিত কৰিছিল পদ্মশ্ৰী সন্মানেৰে। তেওঁৰ পিতৃ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাই ১৯৩৯ত প্ৰতিষ্ঠা কৰিছিল ‘আছাম ট্ৰিবিউন’। ১৯৬৬ত ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ বৰুৱাৰ। মৃত্যুৰ সময়লৈকে ট্ৰিবিউন গ্ৰুপৰ অধ্যক্ষ পদত আছিল পি জি বৰুৱা।


পি জি বৰুৱাৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী মোদীয়েও শোক প্ৰকাশ কৰিছে পি জি বৰুৱাৰ বিয়োগত। মোদীয়ে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি কয় ‘‘দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ সম্পাদক তথা পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱা দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সংবাদ মাধ্যমৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। অসমৰ প্ৰগতিক আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও তেওঁ উৎসাহী আছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঔম শান্তি।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?