--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ মুক্তিৰ দুসপ্তাহ হ’ল। ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ মানুহৰ মাজত হোৱা উন্মাদনা এতিয়াও হ্ৰাস হোৱা নাই। শেহতীয়াকৈ এগৰাকী মহিলাই পুনৰ এবাৰ সেই কথাই প্ৰমাণ কৰিলে।মঞ্জু চোনি নামৰ এগৰাকী মহিলাই তেওঁৰ শৰীৰৰ ১০ মিলি তেজৰে 'দ্য কাশ্মীৰ ফাইলছ'ৰ পোষ্টাৰ অংকন কৰিছে। মহিলাগৰাকীয়ে তেজ পৰীক্ষাৰ তেজ সংগ্ৰহ কৰাৰ দৰে শৰীৰৰ তেজ লৈছিল, সেই তেজৰে তেওঁ ছবিখনৰ পোষ্টাৰ অংকন কৰিছে। পোষ্টাৰখনৰ ফটো টুইটাৰত ভাইৰেল হোৱাৰ লগে লগে, ই বিবেকৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পাছত পৰিচালকজনে সতৰ্ক কৰি দিছিল যে, ‘মই এই অনুভূতিক সন্মান কৰোঁ। কিন্তু মই সকলোকে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিম। এইটো একেবাৰে ভাল নহয়।’ বহুতে বিবেকৰ চলচ্চিত্ৰখনৰ প্ৰতি মহিলাগৰাকীয়ে দেখুওৱা আগ্ৰহক প্ৰশংসা কৰিছে। কিন্তু আন একাংশৰ মতে, ‘এইবোৰ কৰাতকৈ যদি আনৰ বাবে ৰক্তদান কৰা হ’লে হয়তো বেছি ভাল হ’লহেঁতেন।’ অৱশ্যে, এনে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে, ছবিখনে মাত্ৰ ১৪ দিনত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে। বহুতে আনকি ইয়াকো ক’ব খোজে যে বক্স অফিচত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ অপ্ৰতিৰোধ্য দৌৰ সহজে বন্ধ নহ’ব।’ দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ্’-এ। ‘দ্য কাশ্মীৰ ফাইলছ্’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ ফাইলছৰ প্ৰশংসা কৰে৷ বিজেপিৰ সংসদীয় দলৰ বৈঠকত তেওঁ সকলোকে ছবিখন চাবলৈ কয়। এনেধৰণৰ আৰু ছবিনিৰ্মাণ কৰিব লাগে বুলিও তেওঁ মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কাশ্মীৰ ফাইলছ’- এখন অতি ভাল ছবি। সকলোৱে এই ছবিখন চাব লাগে। দেশৰ সাংসদসকলকো এই ছবিখন চাবলৈ আহ্বান জনাইছে নৰেন্দ্ৰ মোদীয়ে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ ১১ মাৰ্চত মুকলি কৰা হৈছিল। এই চলচ্চিত্ৰখনে ৯০ৰ দশকত কাশ্মীৰী হিন্দুসকলক উপত্যকাৰ পৰা মুক্তি দিয়াৰ সময়ত সৃষ্টি হোৱা ভয়ানক পৰিস্থিতিৰ বিষয়ে দেখুওৱা হৈছে। চিনেমাখনক লৈ এতিয়া দৰ্শকসকল যেন অধিক উম্নাদ হৈ পৰিছে। যিটো কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি সচেতন মহলে দাবী কৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক