--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ মুক্তিৰ দুসপ্তাহ হ’ল। ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ মানুহৰ মাজত হোৱা উন্মাদনা এতিয়াও হ্ৰাস হোৱা নাই। শেহতীয়াকৈ এগৰাকী মহিলাই পুনৰ এবাৰ সেই কথাই প্ৰমাণ কৰিলে।মঞ্জু চোনি নামৰ এগৰাকী মহিলাই তেওঁৰ শৰীৰৰ ১০ মিলি তেজৰে 'দ্য কাশ্মীৰ ফাইলছ'ৰ পোষ্টাৰ অংকন কৰিছে। মহিলাগৰাকীয়ে তেজ পৰীক্ষাৰ তেজ সংগ্ৰহ কৰাৰ দৰে শৰীৰৰ তেজ লৈছিল, সেই তেজৰে তেওঁ ছবিখনৰ পোষ্টাৰ অংকন কৰিছে। পোষ্টাৰখনৰ ফটো টুইটাৰত ভাইৰেল হোৱাৰ লগে লগে, ই বিবেকৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পাছত পৰিচালকজনে সতৰ্ক কৰি দিছিল যে, ‘মই এই অনুভূতিক সন্মান কৰোঁ। কিন্তু মই সকলোকে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিম। এইটো একেবাৰে ভাল নহয়।’ বহুতে বিবেকৰ চলচ্চিত্ৰখনৰ প্ৰতি মহিলাগৰাকীয়ে দেখুওৱা আগ্ৰহক প্ৰশংসা কৰিছে। কিন্তু আন একাংশৰ মতে, ‘এইবোৰ কৰাতকৈ যদি আনৰ বাবে ৰক্তদান কৰা হ’লে হয়তো বেছি ভাল হ’লহেঁতেন।’ অৱশ্যে, এনে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে, ছবিখনে মাত্ৰ ১৪ দিনত ২০০ কোটি টকাৰ ব্যৱসায় কৰিছে। বহুতে আনকি ইয়াকো ক’ব খোজে যে বক্স অফিচত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ অপ্ৰতিৰোধ্য দৌৰ সহজে বন্ধ নহ’ব।’ দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ্’-এ। ‘দ্য কাশ্মীৰ ফাইলছ্’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ ফাইলছৰ প্ৰশংসা কৰে৷ বিজেপিৰ সংসদীয় দলৰ বৈঠকত তেওঁ সকলোকে ছবিখন চাবলৈ কয়। এনেধৰণৰ আৰু ছবিনিৰ্মাণ কৰিব লাগে বুলিও তেওঁ মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কাশ্মীৰ ফাইলছ’- এখন অতি ভাল ছবি। সকলোৱে এই ছবিখন চাব লাগে। দেশৰ সাংসদসকলকো এই ছবিখন চাবলৈ আহ্বান জনাইছে নৰেন্দ্ৰ মোদীয়ে। বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ ১১ মাৰ্চত মুকলি কৰা হৈছিল। এই চলচ্চিত্ৰখনে ৯০ৰ দশকত কাশ্মীৰী হিন্দুসকলক উপত্যকাৰ পৰা মুক্তি দিয়াৰ সময়ত সৃষ্টি হোৱা ভয়ানক পৰিস্থিতিৰ বিষয়ে দেখুওৱা হৈছে। চিনেমাখনক লৈ এতিয়া দৰ্শকসকল যেন অধিক উম্নাদ হৈ পৰিছে। যিটো কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি সচেতন মহলে দাবী কৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু