--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৭৩ চনৰ আৰৱ-ইজৰাইল যুদ্ধৰ স্মৰণাৰ্থে এক অনুষ্ঠান আয়োজনৰ চেষ্টা কৰাৰ বাবে ১০ গৰাকী ইজিপ্তৰ নাগৰিকক ১৮ বছৰলৈকে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে চৌদি আৰৱৰ এখন আদালতে। ইজিপ্তৰ নুবিয়ান সংখ্যালঘু গোটৰ অন্তৰ্গত এই ব্যক্তিকেইগৰাকীক সন্ত্ৰাসবাদী গোট গঠনৰ অভিযোগত দোষী সাব্যস্ত কৰিছে আদালতে। উল্লেখ্য যে ২০১৯ চনৰ অক্টোবৰ মাহতো আৰৱ-ইজৰাইল যুদ্ধৰ স্মৰণ অনুষ্ঠান আয়োজন কৰিবলৈ আগবঢ়াৰ বাবে ইজিপ্তৰ এই নাগৰিক কেইবাগৰাকীক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

অৱশ্যে সেই বৰ্ষৰে ডিচেম্বৰ মাহত কোনো অভিযোগ অবিহনে তেওঁলোকক মুকলি কৰি দিয়া হৈছিল। কিন্তু তাৰ পিছতে ২০২০ চনত জুলাইত এই ব্যক্তিকেইগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। আজি আদালতৰ শাস্তি ঘোষণাৰ পিছত শাস্তিৰ সন্মুখীন হোৱা এগৰাকী ব্যক্তিৰ আত্মীয়ই  তেওঁলোক অন্যায়ৰ বলি হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে শাস্তিৰ সন্মুখীন হোৱা এগৰাকী ব্যক্তিক সৰ্বাধিক ১৮ বছৰৰ কাৰাদণ্ড বিহা হৈছে। সেইদৰে এগৰাকীক ১৬ বছৰৰ বাবে, দুগৰাকীক ১৪ বছৰৰ বাবে আৰু আন কেইগৰাকীক ১০ ৰ পৰা ১২ বছৰৰ বাবে কাৰাবাসৰ শাস্তি দিয়া হৈছে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শাস্তিৰ সন্মুখীন হোৱা তিনিগৰাকী ব্যক্তিৰ বয়স ৬০ বছৰতকৈ অধিক।

ইফালে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ এই শাস্তিৰ পাছতে এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি মানৱ অধিকাৰ গোটসমূহে এই কাৰ্যক কঠোৰ নিন্দা কৰিছে। উল্লেখ্য যে এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি কেইবাটাও মানৱ অধিকাৰ গোটে পূৰ্বৰে পৰা এই ব্যক্তিকেইগৰাকীৰ মুক্তিৰ বাবে বিশ্বজুৰি প্ৰচাৰ চলাইছিল। যোৱা বৰ্ষত এক বিবৃতি প্ৰকাশ কৰি এমনেষ্টিয়ে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰক্ৰিয়াক ন্যায়ৰ প্ৰহসন বুলি তীব্ৰ নিন্দা কৰিছিল।

আনহাতে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে এই শাস্তি ঘোষণাৰ পাছতে টুইট যোগে কায়ৰো ইনষ্টিটিউট ফৰ হিউমেন ৰাইটছ ষ্টাডিজ নামৰ এক আগশাৰীৰ মানৱ অধিকাৰ গোটে আদালতৰ নিৰ্দেশক গৰিহণা দিছে। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্ৰেচী ফৰ দা আৰব ৱৰ্ল্ড নাও-এ এই নিৰ্দেশক নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে স্পষ্ট অন্যায় বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা