--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৭৩ চনৰ আৰৱ-ইজৰাইল যুদ্ধৰ স্মৰণাৰ্থে এক অনুষ্ঠান আয়োজনৰ চেষ্টা কৰাৰ বাবে ১০ গৰাকী ইজিপ্তৰ নাগৰিকক ১৮ বছৰলৈকে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে চৌদি আৰৱৰ এখন আদালতে। ইজিপ্তৰ নুবিয়ান সংখ্যালঘু গোটৰ অন্তৰ্গত এই ব্যক্তিকেইগৰাকীক সন্ত্ৰাসবাদী গোট গঠনৰ অভিযোগত দোষী সাব্যস্ত কৰিছে আদালতে। উল্লেখ্য যে ২০১৯ চনৰ অক্টোবৰ মাহতো আৰৱ-ইজৰাইল যুদ্ধৰ স্মৰণ অনুষ্ঠান আয়োজন কৰিবলৈ আগবঢ়াৰ বাবে ইজিপ্তৰ এই নাগৰিক কেইবাগৰাকীক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

অৱশ্যে সেই বৰ্ষৰে ডিচেম্বৰ মাহত কোনো অভিযোগ অবিহনে তেওঁলোকক মুকলি কৰি দিয়া হৈছিল। কিন্তু তাৰ পিছতে ২০২০ চনত জুলাইত এই ব্যক্তিকেইগৰাকীক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। আজি আদালতৰ শাস্তি ঘোষণাৰ পিছত শাস্তিৰ সন্মুখীন হোৱা এগৰাকী ব্যক্তিৰ আত্মীয়ই  তেওঁলোক অন্যায়ৰ বলি হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে শাস্তিৰ সন্মুখীন হোৱা এগৰাকী ব্যক্তিক সৰ্বাধিক ১৮ বছৰৰ কাৰাদণ্ড বিহা হৈছে। সেইদৰে এগৰাকীক ১৬ বছৰৰ বাবে, দুগৰাকীক ১৪ বছৰৰ বাবে আৰু আন কেইগৰাকীক ১০ ৰ পৰা ১২ বছৰৰ বাবে কাৰাবাসৰ শাস্তি দিয়া হৈছে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি শাস্তিৰ সন্মুখীন হোৱা তিনিগৰাকী ব্যক্তিৰ বয়স ৬০ বছৰতকৈ অধিক।

ইফালে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ এই শাস্তিৰ পাছতে এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি মানৱ অধিকাৰ গোটসমূহে এই কাৰ্যক কঠোৰ নিন্দা কৰিছে। উল্লেখ্য যে এমনেষ্টি ইণ্টাৰনেচনেলকে ধৰি কেইবাটাও মানৱ অধিকাৰ গোটে পূৰ্বৰে পৰা এই ব্যক্তিকেইগৰাকীৰ মুক্তিৰ বাবে বিশ্বজুৰি প্ৰচাৰ চলাইছিল। যোৱা বৰ্ষত এক বিবৃতি প্ৰকাশ কৰি এমনেষ্টিয়ে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰক্ৰিয়াক ন্যায়ৰ প্ৰহসন বুলি তীব্ৰ নিন্দা কৰিছিল।

আনহাতে ইজিপ্তিয়ান নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে এই শাস্তি ঘোষণাৰ পাছতে টুইট যোগে কায়ৰো ইনষ্টিটিউট ফৰ হিউমেন ৰাইটছ ষ্টাডিজ নামৰ এক আগশাৰীৰ মানৱ অধিকাৰ গোটে আদালতৰ নিৰ্দেশক গৰিহণা দিছে। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেমক্ৰেচী ফৰ দা আৰব ৱৰ্ল্ড নাও-এ এই নিৰ্দেশক নাগৰিক কেইগৰাকীৰ বিৰুদ্ধে স্পষ্ট অন্যায় বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক