--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিনা প্ৰয়োজনত ইউক্ৰেইনলৈ নাযাব। ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰাৰ সময়তে ভাৰতে দেশবাসীক এই উপদেশ জ্ঞাপন কৰিছে।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভস্থিত ভাৰতৰ দূতাবাসে প্ৰেৰণ কৰা এই উপদেশপত্ৰখনত লিখা হৈছে যে দেশখনত শেহতীয়াকৈ দেখা দিয়া যুদ্ধসদৃশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি সকলো ভাৰতীয়ক ইউক্ৰেইনলৈ যাত্ৰা কৰাত বাৰণ কৰা হৈছে।

ইউক্ৰেইনত বসবাস কৰি থকা ভাৰতীয় লোকসকলকো বিনা প্ৰয়োজনত দেশখনত চলা ফিৰা কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। প্ৰবাসী ভাৰতীয়সকলক ভাৰতীয় দূতাবাসৰ স’তে যোগাযোগ ৰাখিবলৈও কোৱা হৈছে। তদুপৰি ইউক্ৰেইনৰ চৰকাৰ আৰু স্থানীয় প্ৰশাসনসমূহৰ সুৰক্ষাজনিত নিয়মাৱলীসমূহ মানি চলিবলৈ ভাৰতৰ দূতাবাসে আহ্বান জনাইছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ পুনৰ ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰত বোমা নিক্ষেপ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰামতে, কমেও দহ জন লোক এই আক্ৰমণত নিহৰত হৈছে।

আনহাতে, ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰত চৰকাৰে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কূটনৈতিক বাৰ্তালাপৰ জৰিয়তে ইয়াক সমাধান কৰিব পৰা যাব বুলি ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে।

নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে কয় যে ইউক্ৰেইনত দেখা দিয়া সংকটক লৈ ভাৰত উদ্বীগ্ন আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক