--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিনা প্ৰয়োজনত ইউক্ৰেইনলৈ নাযাব। ৰাছিয়াই শেহতীয়াকৈ ইউক্ৰেইনৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ কৰাৰ সময়তে ভাৰতে দেশবাসীক এই উপদেশ জ্ঞাপন কৰিছে।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভস্থিত ভাৰতৰ দূতাবাসে প্ৰেৰণ কৰা এই উপদেশপত্ৰখনত লিখা হৈছে যে দেশখনত শেহতীয়াকৈ দেখা দিয়া যুদ্ধসদৃশ পৰিস্থিতিলৈ লক্ষ্য ৰাখি সকলো ভাৰতীয়ক ইউক্ৰেইনলৈ যাত্ৰা কৰাত বাৰণ কৰা হৈছে।

ইউক্ৰেইনত বসবাস কৰি থকা ভাৰতীয় লোকসকলকো বিনা প্ৰয়োজনত দেশখনত চলা ফিৰা কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। প্ৰবাসী ভাৰতীয়সকলক ভাৰতীয় দূতাবাসৰ স’তে যোগাযোগ ৰাখিবলৈও কোৱা হৈছে। তদুপৰি ইউক্ৰেইনৰ চৰকাৰ আৰু স্থানীয় প্ৰশাসনসমূহৰ সুৰক্ষাজনিত নিয়মাৱলীসমূহ মানি চলিবলৈ ভাৰতৰ দূতাবাসে আহ্বান জনাইছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ পুনৰ ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰত বোমা নিক্ষেপ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰামতে, কমেও দহ জন লোক এই আক্ৰমণত নিহৰত হৈছে।

আনহাতে, ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰত চৰকাৰে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কূটনৈতিক বাৰ্তালাপৰ জৰিয়তে ইয়াক সমাধান কৰিব পৰা যাব বুলি ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে।

নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে কয় যে ইউক্ৰেইনত দেখা দিয়া সংকটক লৈ ভাৰত উদ্বীগ্ন আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ